হৰিনাম ধ্বনিৰে মুখৰিত সত্ৰনগৰী বৰপেটা

By

Published : Sep 15, 2022, 1:49 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

আজি মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ তিৰোভাৱ তিথি (Death anniversary of Mahapurush Madhavadeva)৷ সমগ্ৰ ৰাজ্যৰ সত্ৰ,নামঘৰ,ৰাজহুৱা অনুষ্ঠান আদিৰ লগতে সত্ৰনগৰী বৰপেটাতো পালন কৰা হৈছে মহাপুৰুষজনাৰ তিৰোভাৱ তিথি ৷ বৰপেটা সত্ৰৰ (Barpeta Satra) প্ৰতিষ্ঠাতা মাধৱদেৱ মহাপুৰুষৰ তিৰোভাৱ তিথি উপলক্ষে বৃহস্পতিবাৰে সত্ৰখনত ভকতৰ অংশগ্ৰহণেৰে প্ৰসংগ অনুষ্ঠিত হয় ৷ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ মুখৰিত হৈ পৰিল হৰিনাম ধ্বনিৰে ৷ ইপিনে,সত্ৰীয়া ৰীতি পৰম্পৰা অনুসৰি মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ উপলক্ষে সত্ৰীয়া ৰীতি অনুসৰি সত্ৰৰ গায়ন-বায়ন, ঘোষা-কীৰ্তনীয়া, ব্যাস কীৰ্তনীয়া আৰু নাম কীৰ্তনীয়াই হৰিনাম কীৰ্তনক আগস্থান দি কীৰ্তন মহোৎসৱ অনুষ্ঠিত কৰে ৷ মাধৱদেৱ মহাপুৰুষৰ তিৰোভাৱ তিথি তালভংগ নকৰাকৈ দহদিন ধৰি কীৰ্তনত ভাগ লোৱাৰ বাবেই মাধৱদেৱ মহাপুৰুষৰ তিৰোভাৱ তিথি মহোৎসৱক বৰপেটা সত্ৰত কীৰ্তন মহোৎসৱ (Kirtan Mahotsav in Barpeta Satra) বুলি কোৱা হয় ৷ ভকত আৰু বংশৰাসকলৰ লগতে বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠক আৰু সত্ৰৰ একাংশ ভকতে কীৰ্তনঘৰত(Kirtanghar of Barpeta Satra) অনুষ্ঠিত প্ৰসংগত ভাগ লয় ৷ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে একাংশ ভক্তয়ো সত্ৰত সেৱা জনায় ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.