অসম

assam

প্ৰিয়ংকা গান্ধীৰ মুক্তিৰ দাবীত লখিমপুৰ জিলা কংগ্রেছৰ প্ৰতিবাদ

By

Published : Oct 5, 2021, 5:11 PM IST

Lakhimpur district Congress

গৃহবন্দী হৈ থকা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ মুক্তিৰ দাবীত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে কংগ্ৰেছৰ লখিমপুৰ জিলা সমিতিয়ে ৷ মঙলবাৰে লখিমপুৰ জিলা কংগ্ৰেছ কমিটীয়ে উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত ৰূপায়ণ কৰে এই ধৰ্ণা কাৰ্যসূচী ।

লখিমপুৰ, ৫ অক্টোবৰ : সমগ্ৰ দেশৰ লগতেগৃহবন্দী হৈ থকা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ মুক্তিৰ দাবীত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে কংগ্ৰেছৰ লখিমপুৰ জিলা সমিতিয়ে ৷ মঙলবাৰে লখিমপুৰ জিলা কংগ্ৰেছ কমিটীয়ে উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত ৰূপায়ণ কৰে এই ধৰ্ণা কাৰ্যসূচী ।

প্ৰিয়ংকা গান্ধীৰ মুক্তিৰ দাবীত লখিমপুৰ জিলা কংগ্রেছৰ প্ৰতিবাদ

লখিমপুৰ জিলা কংগ্ৰেছ কমিটীৰ কৰ্মী সকলে প্ৰিয়ংকা গান্ধীক বিনাচৰ্তে মুক্তি দিয়া দাবী উত্থাপন কৰে ৷ প্ৰিয়ংকা গান্ধীক মুক্তি দিয়ক, নৰেন্দ্ৰ মোদী হায় হায়, যোগী আদিত্যনাথ মুর্দাবাদ, মোদী চৰকাৰৰ হিটলাৰী শাসন বন্ধ কৰক, কৃষি আইন বাতিল কৰক আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মী সকলে ৷

লগতে পঢ়ক :উপ-নিৰ্বাচন : তিনি সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা

প্ৰতিবাদী কাৰ্যসূচীত লখিমপুৰ জিলা কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক ৰাতুল বৰা, জিলা মহিলা কংগ্ৰেছৰ হাফিজা বেগম, জিলা যুৱ কংগ্ৰেছৰ সভাপতি আনন্দ নৰহ, জিলা এন.এছ.ইউ.আই.ৰ সভাপতি চাবিৰ মোস্তাকিমকে ধৰি শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত সংঘটিত সংঘাতৰ খবৰ ল’বলৈ গৈছিল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৷ কিন্তু গান্ধীক ঘটনাস্থলীলৈ যোৱাত বাধা প্ৰদান কৰা হয় আৰক্ষীয়ে ৷ ইয়াৰ বিপৰীতে তেওঁক সীতাপুৰ পুলিচ লাইনত গৃহবন্দী কৰি ৰখা হয় ৷

লগতে পঢ়ক :বেদখলৰ কবলত টীয়কৰ একমাত্ৰ ললিত ৰাজখোৱা সোৱঁৰণী মিনি ষ্টেডিয়াম

ABOUT THE AUTHOR

...view details