অসম

assam

লখিমপুৰ জিলাৰ গৌৰৱোজ্বল সোণালী জয়ন্তী বৰ্ষ উদযাপন

By

Published : Oct 2, 2022, 2:01 PM IST

Foundation day of Lakhimpur

১৯৭২ চনৰ ২ অক্টোবৰত ডিব্ৰুগড় জিলাৰ পৰা পৃথক কৰি লখিমপুৰ জিলা প্ৰতিষ্ঠা কৰা হৈছিল (Foundation day of Lakhimpur) । পৰৱৰ্তী কালত লখিমপুৰ জিলাৰ পৰা তেতিয়াৰ ধেমাজি মহকুমাকো আতঁৰাই সুকীয়া জিলাৰ স্বীকৃতি দিয়া হয় ।

লখিমপুৰ, ২ অক্টোবৰ: লখিমপুৰ জিলা আজি প্ৰতিষ্ঠা দিৱসৰ সোণালী জয়ন্তী ক্ষণত উপনীত হ'ল (Lakhimpur district Golden Jubilee) । ১৯৭২ চনৰ ২ অক্টোবৰত ডিব্ৰুগড় জিলাৰ পৰা পৃথক কৰি লখিমপুৰ জিলা প্ৰতিষ্ঠা কৰা হৈছিল । নানা উত্থান-পতনৰ মাজেৰে আহি দেওবাৰে লখিমপুৰ জিলা সোণালী জয়ন্তী বৰ্ষত উপনীত হ'ল । এই উপলক্ষে লখিমপুৰ জিলা প্ৰশাসনে বিস্তৃত কাৰ্যসূচীৰে জিলাখনৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে(Lakhimpur district foundation Day) ।

জিলাখনৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী আৰম্ভ হয় চাইকেল ৰেলীৰে । ইয়াৰ পিছতে ত্যাগক্ষেত্রৰ পৰা এক বৰ্ণাঢ্য শোভাযাত্রা উলিওৱা হয় । উক্ত শোভাযাত্রা উদ্বোধন কৰে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই (MP Pradan Baruah)। উক্ত অনুষ্ঠানটোত অংশগ্রহণ কৰে বিধায়ক মানৱ ডেকা, উপায়ুক্ত সুমিত সাত্তাৱান আদিয়ে । সকলোৱেসা মগ্রীকভাৱে সহযোগিতা আগবঢ়াই জিলাখনৰ উন্নয়ণৰ ক্ষেত্ৰত অংশগ্রহণ কৰাৰ বাবে আহ্বান জনায় ।

লখিমপুৰ জিলা প্ৰতিষ্ঠা দিৱসৰ সোণালী জয়ন্তী বৰ্ষ

উল্লেখ্য় যে, লখিমপুৰ (পূৰ্বৰ নাম লক্ষীমপুৰ)অসমৰ উত্তৰ-পূৱ কোণত অৱস্থিত এখন জিলা । ভাৰতৰ স্বাধীনতা আন্দোলনত লক্ষীমপুৰ আৰু ডিব্ৰুগড় মহকুমা দুটাৰে তেতিয়াৰ লক্ষীমপুৰ জিলা গঠন হৈছিল । সেই সময়ত ইয়াৰ চাৰিসীমা আছিল পূবে ব্ৰহ্মপুত্ৰ নদী, পশ্চিমে হাৱাজান নৈ, উত্তৰে নেফা আৰু দক্ষিণে লোহিত সুঁতি ।

১৯৭১ চনৰ ২ অক্টোবৰত এই জিলাখনক লখিমপুৰ আৰু ডিব্ৰুগড় জিলা হিচাবে বিভক্ত কৰা হয় । পৰৱৰ্তী কালত লখিমপুৰ জিলাৰ পৰা তেতিয়াৰ ধেমাজি মহকুমাকো আতঁৰাই সুকীয়া জিলাৰ স্বীকৃতি দিয়া হয় । বৰ্তমানৰ লখিমপুৰ জিলাৰ চাৰিসীমা হ'ল উত্তৰে অৰুণাচল প্ৰদেশ, দক্ষিণে মাজুলী জিলা আৰু ব্ৰহ্মপুত্ৰ নদী, পূবে ধেমাজি জিলা আৰু ডিব্ৰুগড় জিলা আৰু পশ্চিমে বিশ্বনাথ জিলা ।

লগতে পঢ়ক:জিলা প্ৰশাসনৰ উদ্যোগত শোণিতপুৰত আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন

ABOUT THE AUTHOR

...view details