অসম

assam

Fraud Doctor in Lakhimpur: লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভুৱা চিকিৎসক

By

Published : Mar 25, 2023, 10:55 AM IST

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভুৱা চিকিৎসকৰ আবিৰ্ভাৱ ৷ শুকুৰবাৰে নিশা চিকিৎসা মহাবিদ্যালয়খনত ভুৱা চিকিৎসকজনে শিশু আৰু মাতৃ কল্যাণ বিভাগত প্ৰৱেশ কৰি ৰোগী আৰু ৰোগীৰ আত্মীয়ক ব্যতিব্যস্ত কৰি তোলে ৷ বৰ্তমান আৰক্ষীৰ জিম্মাত আছে বৰপেটাৰ হাচান আলি নামৰ ভুৱা চিকিৎসকৰূপী যুৱকজন ( Fraud Doctor in Lakhimpur)৷

Fraud Doctor in Lakhimpur Medical College
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ওলাল ভুৱা চিকিৎসক

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভুৱা চিকিৎসক

লখিমপুৰ, 25 মাৰ্চ: আৰম্ভণিৰে পৰাই বিভিন্ন কাৰণত ন ন বিতৰ্কৰ আৱৰ্তত সোমাই পৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত শেহতীয়াকৈ সংঘটিত হৈছে এক আজৱ ঘটনা ৷ এইবাৰ চিকিৎসা মহাবিদ্যালয়খনত আবিৰ্ভাৱ ঘটিছে ভুৱা চিকিৎসকৰ ৷ চিকিৎসা মহাবিদ্যালয়খনৰ শিশু আৰু মাতৃ কল্যাণ বিভাগত সংঘটিত হৈছে এই ঘটনা ৷ শুকুৰবাৰে নিশা চিকিৎসা মহাবিদ্যালয়খনত আবিৰ্ভাৱ হোৱা ভুৱা চিকিৎসকজনে বিভাগটোত প্ৰৱেশ কৰি ৰোগী আৰু ৰোগীৰ আত্মীয়ক ব্যতিব্যস্ত কৰি তোলে (Fraud Doctor in LMCH)৷

বৰপেটাৰ হাচান আলি নামৰ এজন যুৱকে শুকুৰবাৰে নিশা নিজকে চিকিৎসক বুলি পৰিচয় দি বিভাগটোত থকা প্ৰসূতি মাতৃসকলৰ লগতে তেওঁলোকৰ লগত থকা আত্মীয় সকলক বিভিন্ন কথাৰে ব্যতিব্যস্ত কৰি তোলে ৷ কোনো প্ৰসূতি মাতৃৰ ওচৰত নিজকে আয়ুস্মান কাৰ্ডৰ কাম কৰা লোক বুলিও চিনাকি দিয়ে যুৱকজনে । যুৱকজনৰ এনে কাণ্ডত সন্দেহ ওপজাত বিভাগটোত থকা একাংশ লোকে আৰক্ষীক খবৰ দিয়ে । খবৰ লাভ কৰাৰ পাছতেই লীলাবাৰী আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ আটক কৰি লৈ যায় ভুৱা চিকিৎসকজনক(Fraud Doctor in Lakhimpur Medical College) ।

বৰ্তমান লীলাবাৰী আৰক্ষীৰ জিম্মাত আছে ভুৱা চিকিৎসকৰূপী যুৱকজন ৷ যুৱকজনৰ মানসিক অৱস্থা সুস্থিৰ নহয় বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ শনিবাৰ অৰ্থাৎ আজি আৰক্ষীয়ে ভুৱা চিকিৎসকৰূপী যুৱকজনক আদালতত হাজিৰ কৰি পৰৱৰ্তী ব্যবস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷ চিকিৎসালয়খনৰ নিৰাপত্তা ব্যৱস্থা দুৰ্বল হোৱাৰ বাবেই এনে ঘটনা সংঘটিত হ’বলৈ পোৱা বুলি অভিযোগ কৰিছে ৰোগী তথা ৰোগীৰ আত্মীয়সকলে (Lakhimpur Police Detained Fraud Doctor) ৷

উল্লেখযোগ্য যে, উদ্বোধনৰ পাছৰে পৰা প্ৰায়েই বিতৰ্কৰ আৱৰ্তত সোমাই পৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত শেহতীয়াকৈ ভুৱা চিকিৎসকৰ আবিৰ্ভাৱ হোৱা ঘটনাই চিকিৎসা মহাবিদ্যালয়খলৰ নিৰাপত্তাৰ দুৰ্বল দিশটো পুনৰ এবাৰ উদঙাই দিছে বুলি এতিয়া ৰাইজৰ মাজত যথেষ্ট চৰ্চা লাভ কৰিছে (Lakhimpur Medical College And Hospital) ৷

লগতে পঢ়ক:Pollution free India : প্ৰদূষণ মুক্ত ভাৰত গঢ়া লক্ষ্যৰে দক্ষিণ ভাৰতৰ পৰা চাইকেলেৰে উপস্থিত লামডিঙত

ABOUT THE AUTHOR

...view details