অসম

assam

Bear attack : বাঘৰ পিছত কোকৰাঝাৰত ভালুকৰ আতংক

By

Published : Nov 23, 2021, 2:00 PM IST

Bear attack

কোকৰাঝাৰত ভালুকৰ আতংক ৷ ভালুকৰ আক্ৰমণ(bear attack in kokrajhar)ত আহত হৈছে প্ৰায় ছজন লোক ৷

কোকৰাঝাৰ, 23 নৱেম্বৰ : বাঘৰ মুকলি বিচৰণৰ খবৰ সততে ওলাই থকাৰ মাজতে এইবাৰ ভালুকৰ আক্ৰমণত আহত হয় কেইবাজনো লোক(bear attack in kokrajhar) ৷ এই ঘটনা (kokrajhar bear attack) সংঘটিত হৈছে কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও মহকুমাৰ কচুগাঁও অঞ্চলৰ লতামাৰী গাঁৱত ৷

জনবসতি অঞ্চললৈ ঢাপলি ভালুকৰ

সোমবাৰে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ (raimona national park) পৰা ওলাই অহা এটা ভালুকে লতামাৰী গাঁৱত বিচৰণ কৰি ফুৰা প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ ততাতৈয়াকৈ তেওঁলোকে নিকটৱৰ্তী বন বিভাগৰ লোকক অৱগত কৰে যদিও ইতিমধ্যে ভালুকটোৱে গাঁৱখনৰ প্ৰায় 6 জনকৈ লোকক আক্ৰমণ কৰে ৷

ভালুকৰ আক্ৰমণত আহত লোক

ভালুকৰ আক্ৰমণত আহত হোৱা লোকসকল হৈছে ক্ৰমে- বিজয় বসুমতাৰী, বিশ্বজিত মুছাহাৰী, শুনিৰাম হাসদা, ৰমেশ টুডু, শুনিৰাম মাৰ্ডি, সফল হেমৰম ৷ ইয়াৰে বিজয় বসুমতাৰী আৰু বিশ্বজিত মুছাহাৰীক গুৰুতৰ অৱস্থাত কোকৰাঝাৰ আৰ এন বি অসামৰিক চিকিৎসালয়(RNB Civil Hospital Kokrajhar)ত ভৰ্তি কৰোৱা হয় ৷ বৰ্তমানে তেওঁলোকৰ অৱস্থা সংকটজনক ৷

জনবসতি অঞ্চললৈ ঢাপলি ভালুকৰ

আনহাতে, কচুগাঁও বন সংমণ্ডল চেণ্ট্ৰেল ৰেঞ্জৰ অধীনষ্ঠ লতামাৰী গাঁৱৰ ঘটনাস্থলীত চেণ্ট্ৰেল ৰেঞ্জৰ ভাৰপ্ৰাপ্ত ৰেঞ্জ বিষয়া প্ৰাঞ্জল তালুকদাৰৰ নেতৃত্বত বনকৰ্মী আৰু পশু চিকিৎসকৰ এটি দল উপস্থিত হৈ ভালুকটোক ট্ৰেংকুলাইজ কৰি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পাচত ভালুকটোক চেণ্ট্ৰেল ৰেঞ্জলৈ আনি চিকিৎসা প্ৰদান কৰা হয় ৷ সুস্থ হৈ উঠিলে ভালুকটোক ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান(Raimona national Park)ত মুকলি কৰি দিয়াৰ কথা প্ৰকাশ কৰে বনকৰ্মীয়ে ৷

অৱশেষত পিঞ্জৰাবদ্ধ ভালুক

লগতে চাওক :চামগুৰিত উচ্ছেদ চলাৰ ইংগিত দিলে মন্ত্ৰী যোগেন মহনে

ABOUT THE AUTHOR

...view details