অসম

assam

কুৰুখ সাহিত্য সভাৰ ১৫ সংখ্যক ৰাষ্ট্ৰীয় অধিৱেশনৰ সফল সামৰণি

By

Published : Oct 3, 2022, 8:05 AM IST

কুৰুখ সাহিত্য সভাৰ ১৫ সংখ্যক ৰাষ্ট্ৰীয় অধিৱেশনৰ সফল সামৰণি
কুৰুখ সাহিত্য সভাৰ ১৫ সংখ্যক ৰাষ্ট্ৰীয় অধিৱেশনৰ সফল সামৰণি

কোকৰাঝাৰৰ মাগুৰমাৰীত কুৰুখ সাহিত্য সভাৰ(Kurukh Sahitya Sabha) ১৫ সংখ্যক ৰাষ্ট্ৰীয় অধিৱেশনৰ সফল সামৰণি ৷ আন্দামান নিকোবৰ, মহাৰাষ্ট্ৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিৰ অংশগ্ৰহণ ৷ অধিৱেশনৰ প্ৰতিনিধি সভাত কুৰুখ ভাষাক ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীসহ কেইবাটাও প্ৰস্তাৱ গৃহীত ৷

কোকৰাঝাৰ, 3 অক্টোবৰ: কোকৰাঝাৰ চহৰৰ গাতে লাগি থকা মাগুৰমাৰীত কৰমপূজা খেলপথাৰত যোৱা ৩০ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা উৰাও সম্প্ৰদায়ৰ কুৰুখ সাহিত্য সভাৰ(All kurukh oraon Sahitya Sabha) ১৫ সংখ্যক ৰাষ্ট্ৰীয় অধিৱেশনখনিৰ দেওবাৰে বিয়লি সফল সামৰণি পৰে ৷ অধিৱেশনৰ তৃতীয় তথা অন্তিম দিনটোত কুৰুখ সাহিত্য সভাৰ ৰাষ্ট্ৰীয় অধিৱেশনৰ সৈতে সংগতি ৰাখি দুপৰীয়া ভাৰত কুৰুখ সাহিত্য সভাৰ সভানেত্ৰী উষাৰানী মিঞ্জৰ অধ্যক্ষতাত এক মুকলি সভা অনুষ্ঠিত হয় ৷

মুকলি সভাৰ কাৰ্যসূচীত ভাৰত কুৰুখ সাহিত্য সভাৰ কেন্দ্ৰীয় সম্পাদক নবৰ এক্কা, ৰাচী বিশ্ববিদ্যালয়ৰ(Ranchi University) আঞ্চলিক ভাষা বিভাগৰ মুৰব্বী অধ্যাপক হৰি উৰাও, বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, অসম কুৰুখ সাহিত্য সভাৰ(Kurukh Sahitya Sabha Assam) সভাপতি কমলেশ্বৰ তপ্প, আছাৰ কেন্দ্ৰীয় সভাপতি ষ্টিফেন লাক্ৰা, অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ফ্ৰান্সিচ চেৰমাকোৰ লগতে কেইবাগৰাকী বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, বুদ্ধিজীৱী আৰু ছাত্ৰ সংগঠনৰ নেতাই অংশগ্ৰহণ কৰে ৷

কুৰুখ সাহিত্য সভাৰ ১৫ সংখ্যক ৰাষ্ট্ৰীয় অধিৱেশনৰ সফল সামৰণি

ইপিনে সংবাদ মাধ্যমৰ আগত আছাৰ কেন্দ্ৰীয় সভাপতি ষ্টিফেন লাক্ৰা আৰু অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ফ্ৰান্সিচ চেৰমাকোয়ে কয় যে কুৰুখ সাহিত্য সভাৰ ১৫ সংখ্যক ৰাষ্ট্ৰীয় অধিৱেশনৰ(National conference of kurukh Sahitya Sabha) প্ৰতিনিধি সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গৃহীত কৰা হয় । সেইমৰ্মে দেশৰ আন ৰাজ্যৰ লগতে অসমতো প্ৰাথমিক স্তৰৰ পৰাই কুৰুখ ভাষাৰ শিক্ষাৰ প্ৰচলন কৰা, শিক্ষক নিযুক্তি দিয়া, কুৰুখ ভাষাক ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰা আদিয়েই প্ৰধান ৷

উল্লেখ্য যে, বিশ্বৰ বুকুৰ পৰা বিলুপ্তি হ’বলৈ ধৰা প্ৰাচীন জনগোষ্ঠীয় ভাষাসমূহৰ দৰেই কুৰুখ ভাষাও বিপদাপন্ন হৈ পৰিছে ৷ সেয়েহে ভাষাটোক জীয়াই ৰখাৰ লগতে বিকাশ তথা ভৱিষ্যত সংৰক্ষণৰ বাবে চৰকাৰে সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে ছাত্ৰ নেতাদ্বয়ে ৷ উল্লেখ্য যে, কুৰুখ সাহিত্য সভাৰ ১৫ সংখ্যক ৰাষ্ট্ৰীয় অধিৱেশনত আন্দামান নিকোবাৰ, মহাৰাষ্ট্ৰ, উৰিষ্যা, ঝাৰখণ্ড, ছত্তিছগড়, মধ্যপ্ৰদেশ, পশ্চিমবংগ আদিকে ধৰি দেশৰ বিভিন্ন ঠাইৰ পৰা আদিবাসী জনগোষ্ঠীৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:১২৯ বছৰত ভৰি দিয়া নগাঁৱৰ বাঙালী সন্মিলনীৰ পূজা মণ্ডপত সপ্তমীৰ সন্ধিয়া উখল-মাখল পৰিৱেশ

ABOUT THE AUTHOR

...view details