অসম

assam

কৰিমগঞ্জ জিলা পৰিষদৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন

By

Published : Aug 27, 2021, 9:58 PM IST

কৰিমগঞ্জ জিলা পৰিষদৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন

কৰিমগঞ্জ জিলা পৰিষদৰ সভাপতিৰ কাম-কাজত অসন্তুষ্ট হৈ 9 গৰাকী জিলা পৰিষদৰ সদস্যই স্বাক্ষৰ কৰি জিলা উপায়ুক্তক দাখিল কৰিছে অনাস্থা প্ৰস্তাৱ ৷ অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে সকলোৱে একেলগে পদত্যাগ কৰাৰ হুংকাৰ প্ৰদান ৷

কৰিমগঞ্জ, 27 আগষ্ট: বিজেপিৰ দখলত থকা কৰিমগঞ্জ জিলা পৰিষদৰ সভাপতিৰ বিৰুদ্ধে উত্থাপন হৈছে অনাস্থা প্ৰস্তাৱ ৷ জিলা পৰিষদখনৰ 9 গৰাকী সদস্যই সভাপতি গৰাকীৰ বিৰুদ্ধে আনিছে অনাস্থা প্ৰস্তাৱ ৷ জানিবপৰা মতে, বৰ্তমানৰ জিলা পৰিষদৰ সভাপতি গৰাকীৰ কাম-কাজত অসন্তুষ্ট হৈ 9 গৰাকী জিলা পৰিষদৰ সদস্যই স্বাক্ষৰ কৰি জিলা উপায়ুক্তক দাখিল কৰিছে অনাস্থা প্ৰস্তাৱ ৷

ইপিনে জিলা উপায়ুক্তৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াকো অনাস্থা প্ৰস্তাৱ দাখিল কৰিলে সভাপতিৰ বিৰুদ্ধে অনাস্থা অনা 9 গৰাকী সদস্যই ৷ জিলা উপায়ুক্তক অনাস্থা প্ৰস্তাৱ দাখিল কৰাৰ পাচতে জিলা পৰিষদখন ভংগ হোৱাতো স্পষ্ট হৈ পৰে ৷ কিয়নো কংগ্ৰেছ আৰু এআইইউডিফৰ 9 গৰাকী সদস্যৰ লগতে বিজেপিৰ আন চাৰিগৰাকী সদস্যও বৰ্তমান সভাপতি গৰাকীৰ বিৰুদ্ধে অসন্তুষ্ট হৈ পৰিছে ৷

কৰিমগঞ্জ জিলা পৰিষদৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন

লগতে পঢ়কঃ প্ৰথমে ধৰ্ষণ, তাৰ পিছত চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কিশোৰীক

উল্লেখযোগ্য যে, সভাপতি গৰাকীৰ বিৰুদ্ধে আছে চীনা সামগ্ৰী ক্ৰয় কৰাৰ অভিযোগ ৷ ঘটনা অনুসৰি পঞ্চদশ বিত্তীয় আয়োগৰ প্ৰায় 25 লাখ টকাৰো অধিক ধন ব্যয় কৰি কিছু সামগ্ৰী ক্ৰয় কৰিছিল জিলা পৰিষদৰ সভাপতি আশিষ নাথে ৷ যাৰ বাবে অসন্তুষ্ট হৈ পৰিছে সভাপতি গৰাকীৰ বিৰুদ্ধে জিলা পৰিষদখনৰ আন আন সদস্য সকল ৷

সম্প্ৰতি এই বিৰ্তকিত জিলা পৰিষদৰ সভাপতি গৰাকীৰ বিৰুদ্ধে আগন্তুক সাত দিনৰ ভিতৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে জিলা পৰিষদখনৰ আন সদস্য সকলে ৷ অন্যথা সকলোৱে একেলগে পদত্যাগ কৰিব বুলি উল্লেখ কৰিছে ৷ মন কৰিবলগীয়া যে, জিলা পৰিষদখনৰ মুঠ সদস্য হৈছে 20 গৰাকী আৰু তাৰে 6 গৰাকী বিজেপিৰ সদস্য ৷

লগতে পঢ়কঃ যোগান বিভাগৰ বগা চাউলৰ ক’লা ব্যৱসায়

ABOUT THE AUTHOR

...view details