অসম

assam

কাৰ্বি শান্তি চুক্তিত স্বাক্ষৰৰ পিছত প্ৰাক্তন KPLT(R) ৰ সদস্যই গঠন কৰিলে নতুন সংগঠন

By

Published : Jan 11, 2022, 9:28 PM IST

কাৰ্বি শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ পিছত প্ৰাক্তন কেপিএলটি (আৰ)ৰ সদস্যৰ কল্যাণাৰ্থে সোমবাৰে ডিফুত 'আবাৰিম কেৰিএলটি(আৰ)চিংৰি আচন' নামৰ স্বেচ্ছাসেৱী সংগঠন গঠন কৰা হ’ল ( Karbi peace accord ) ৷ এই সংগঠনটোৰ সবিশেষ জানো আহক ৷

voluntary-organization-established-by-ex-kpltr-members-post-signing-karbi-peace-accord
কাৰ্বি শান্তি চুক্তিত স্বাক্ষৰৰ পিছত প্ৰাক্তন KPLT(R) ৰ সদস্যই গঠন কৰিলে নতুন সংগঠন

ডিফু, ১০ জানুৱাৰী : ২০২১ চনৰ ৪ ছেপ্তেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলঙৰ ছয়টাকৈ সশস্ত্ৰ উগ্ৰপন্থী সংগঠনে অস্ত্ৰ সম্বৰণ কৰি শান্তি চুক্তিত স্বাক্ষৰ কৰে ( Karbi peace accord ) ৷ তেতিয়াৰ পৰাই জিলাখনত উগ্ৰপন্থী সমস্যা এক প্ৰকাৰ সমাধান হোৱাৰ পথত আছে বুলি ধাৰণা কৰা হৈছে (Peace in Karbianglang post signing Karbi peace accord ) ৷

জিলাখনৰ উন্নয়নৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত টীম কাৰ্বি আংলং হিচাপে সংযুক্ত হৈ সকলোৱে সহযোগিতা আগবঢ়াইছে (Team Karbianglang for developement of Karbianglang) ৷ উগ্ৰপন্থী সংগঠনৰে চৰকাৰৰ শান্তি চুক্তি স্বাক্ষৰৰ পিছত উগ্ৰপন্থী সদস্য সকলৰ পুনঃসংস্থাপন (Rehabilitation of militants post signing Karbi peace accord ) বাবে কেতবোৰ দফা সন্নিবিষ্ট কৰা হৈছিল ৷

কাৰ্বি শান্তি চুক্তিত স্বাক্ষৰৰ পিছত প্ৰাক্তন KPLT(R) ৰ সদস্যই গঠন কৰিলে নতুন সংগঠন

পুনঃসংস্থাপনৰ দফা সমুহ সফল ৰূপায়ণৰ বাবে সংগঠনবোৰৰ একাংশই নিজাববীয়া ৱেলফেয়াৰ কোষ তৈয়াৰ কৰি লৈছে ৷ উল্লেখিত সংগঠনৰ একাংশই ৰাজনীতিত প্ৰৱেশ কৰাৰ সমান্তৰালকৈ আন একাংশই আত্ম নিৰ্ভৰশীল হোৱাৰ বাবে বিভিন্ন পথ বাছি লৈছে ৷

চুক্তি স্বাক্ষৰকাৰী সংগঠন সমূহৰ অন্যতম সংগঠন আছিল কেপিএল টি (আৰ) ৷ এই কেপিএলটি (আৰ) সংঠগনৰ নেতা কেডাৰ সকলে সোমবাৰে সমবেত হৈ সৰ্বসন্মত সিদ্ধান্ত মৰ্মে সংগঠনটোৰ নেতা-কৰ্মী সকলৰ কল্যাণৰ বাবে 'আবাৰিম কেৰিএলটি(আৰ)চিংৰি আচন' নামাকৰণেৰে এটি স্বেচ্ছাসেৱী সংগঠন কৰে ৷ এই সন্দৰ্ভত মঙলবাৰে বিয়লি ডিফুত সংবাদমেল আয়োজন কৰি সংগঠনটোৰ সম্পাদক আৰচক তিমুঙে সংবাদ মাধ্যমৰ আগত কয় যে, চৰকাৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পিছত কেপিএলটি(আৰ)ৰ কেডাৰ সু-সংগঠিত কৰি ৰাখিবলৈ এই সংগঠনটো গঠন কৰা হৈছে ৷

ইয়াৰোপৰি শান্তি চুক্তিৰ দফা সমূহৰ সফল ৰূপায়ণ আৰু সংগঠনটোৰ কেডাৰ সকলৰ পুনঃসংস্থাপন সংক্ৰান্তীয় দিশ সমূহো এই স্বেচ্ছাসেৱী সংগঠনে চোৱাচিতা কৰাৰ লগতে কেডাৰ সকলে যাতে কোনো বেয়া কাম কৰিব নোৱাৰে তাৰ প্ৰতি দৃষ্টি ৰখা হ’ব বুলি নেতা গৰাকী জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :পৰম্পৰা অক্ষুন্ন ৰাখি থলুৱা পদ্ধতিৰে গুৰ প্ৰস্তুত কৰা এখন গাঁও

ABOUT THE AUTHOR

...view details