অসম

assam

কাৰ্বি আংলঙৰ দোৱাৰ আমলাত দুই সহস্রাধিকে পিন্ধিলে গেৰুৱা বসন

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 10:23 PM IST

দোৱাৰ আমলাত বিজেপিৰ ঐক্য, বিজয় আৰু সমৃদ্ধি যাত্ৰাত এহাজাৰ নিবনুৱাক সংস্থাপনৰ প্ৰতিশ্ৰুতি তুলিৰাম ৰংহাঙৰ ।

Chief Executive Member of KAAC
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য় কার্যবাহী সদস্য

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য় কার্যবাহী সদস্য

ডিফু, ১৬ ডিচেম্বৰ:লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ২৬ টাকৈ পৰিষদীয় সমষ্টিত বিজেপি দলৰ ঐক্য,সাফল্য আৰু সমৃদ্ধি যাত্রা আৰম্ভ হৈছে । আজি পৰিষদখনৰ প্ৰথমটো পৰিষদীয় সমষ্টি ১ নং দোৱাৰ-আমলাত বিজেপিৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ সুবিধা গ্রহণ আৰু বাস্তৱায়িত কৰাৰ লক্ষ্য আগত ৰাখি তথা প্ৰতিগৰাকী নাগৰিকক সামৰি লোৱাৰ উদ্দেশ্যেৰে আয়োজন কৰা এই ঐক্য, বিজয় আৰু সমৃদ্ধি যাত্রাত দুই সহস্রাধিক লোকে গেৰুৱা দলত যোগদান কৰে ।

পৰিষদীয় সমষ্টিটোৰ পাৰিষদ তথা কাৰ্বি পৰিষদৰ কার্যবাহী সদস্য প্রভাত চন্দ্ৰ তাৰ'ৱে প্ৰদান কৰা আদৰণি ভাষণত সমষ্টিটোৰ প্ৰতিগৰাকী ৰাইজক ধন্যবাদ প্রদানেৰে তেওঁলোকৰ চৰণত শৰণাপন্ন হোৱাৰ কথা সদৰী কৰে । সমান্তৰালকৈ পৰিষদীয় সমষ্টিটোৰ প্ৰতিটো সমস্যা সমাধানৰ ক্ষেত্রত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য় কার্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে গ্রহণ কৰা প্ৰতিটো উল্লেখনীয় পদক্ষেপৰ বিষয়ে বাখ্যা কৰে। তদুপৰি, মুখ্য অতিথিৰ ভাষণৰ প্ৰাকক্ষণত পৰিষদীয় সমষ্টিটোৰ বিভিন্ন স্থানৰ পৰা অহা দুই সহস্রাধিক অন্য দলৰ সদস্যই গেৰুৱা দলটোত যোগদান কৰে ।

এছিয়ান নেশ্যনেল বেংক আৰু ৰাষ্ট্ৰীয় বাঁহ মিছনৰ উদ্যোগত দোৱাৰ-আমলাত স্থাপন হ'বলগীয়া বাঁহ উদ্যোগৰ জৰিয়তে এহাজাৰ যুৱক-যুৱতীক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্য কার্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে । লগতে, ৰজাগাঁও-চিনানদী সংযোগী পথটি ৮০ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া পথটোৰ অতিশীঘ্ৰে নিবিদাৰ কাম সম্পূর্ণ কৰি নিৰ্মাণৰ শুভাৰম্ভ কৰা হ'ব বুলিও তেওঁ কয় । এই অনুষ্ঠানত পাঁচ হাজাৰটা পৰিয়ালক ভূমিপট্টা প্ৰদান আৰু নৱনিৰ্বাচিত একাংশ গাঁওবুঢ়াকো নিযুক্তি-পত্র প্রদান কৰা হয় ।

তেওঁ লগতে ১ নং দোৱাৰ-আমলা পৰিষদীয় সমষ্টিটোক উন্নয়ন দিশত এক নম্বৰত প্ৰতিষ্ঠা কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিব বুলি প্ৰকাশ কৰে । লগতে কংগ্ৰেছ দলৰ প্রাক্তন মুখ্য কাৰ্যবাহী সদস্য জয়ৰাম ইংলেঙক সমালোচনা কৰি তেওঁ কয় যে এই পৰিষদীয় সমষ্টিটোৰ পৰা প্ৰতিনিধিত্ব কৰি কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জয়ৰাম ইংলেঙে সমষ্টিটোক সামগ্রিকভাৱে উন্নয়ন কৰাত অৱহেলা কৰা বাবে বিভিন্ন দিশত আজিও সমষ্টিবাসী পিছ পৰি আছে । অনুষ্ঠানটোত ৰংহাঙৰ উপৰি তিনিগৰাকীকৈ বিধায়ক, পৰিষদৰ কাৰ্যবাহী সদস্য উপস্থিত থাকে ।

লগতে পঢ়ক:দেওপানীত বিজেপিৰ ঐক্য-বিজয়-সমৃদ্ধিৰ ৰেলী, ঝুমুৰৰ তালে তালে কঁকাল ভাঙিলে বিজেপি নেতাই

ABOUT THE AUTHOR

...view details