ETV Bharat / state

দেওপানীত বিজেপিৰ ঐক্য-বিজয়-সমৃদ্ধিৰ ৰেলী, ঝুমুৰৰ তালে তালে কঁকাল ভাঙিলে বিজেপি নেতাই

author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 9:03 PM IST

শনিবাৰে দেওপানীত অনুষ্ঠিত হয় বিজেপিৰ ঐক্য, বিজয় আৰু সমৃদ্ধিৰ ৰেলী ৷ ৰেলীত ঝুমুৰৰ তালে তালে কঁকাল ভাঙিলে তুলিৰাম ৰংহাং, বিধায়ক বিদ্যাছিং ইংলেঙৰ লগতে বিজেপিৰ দলীয় কৰ্মীয়ে ৷

BJP Victory Prosperity rally in Deopani
ঝুমুৰৰ তালে তালে কঁকাল ভাগিলে বিজেপিৰ নেতাই

ঝুমুৰৰ তালে তালে কঁকাল ভাগিলে বিজেপিৰ নেতাই

ডিফু, 9 ডিচেম্বৰ : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 26 টা পৰিষদীয় সমষ্টিত অব্যাহত আছে বিজেপিৰ ঐক্য, বিজয় আৰু সমৃদ্ধিৰ ৰেলী ৷ তুলিৰাম ৰংহাং নেতৃত্বাধীন টীম কাৰ্বি আংলঙে ঐক্য, বিজয় আৰু সমৃদ্ধি ৰেলীৰ জৰিয়তে আসন্ন লোকসভা নিৰ্বাচনলৈ একপ্ৰকাৰ কঁকালত টঙালি বন্ধিছে ৷ শনিবাৰে বিজেপিৰ ঐক্য বিজয় আৰু সমৃদ্ধিৰ ৰেলী অনুষ্ঠিত হয় দেওপানীত ৷ উক্ত সভাত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং আৰু ৰূপছিং টেৰণসহ কেইবাজনো দলীয় শীৰ্ষ নেতা ৷

ভাষণ প্ৰসংগত কে এ চিৰ মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে কয় যে, কাৰ্বি আংলং জিলাত এ পি এইচ এল চি, এ এছ ডি চি, কংগ্ৰেছৰ আদি দলৰ এতিয়া কর্মী আৰু সমর্থক নাই ৷ আছে কেৱল কেইগৰাকীমান নেতা ৷ কাৰ্বি আংলং জিলাত যিদৰে উন্নয়ন হৈছে সেয়া দেখি সকলোৱে এতিয়া বিজেপি দলত যোগদান কৰিছে ৷ তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী হ’ব বৰ্তমানৰ প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ সেয়ে দেশ, ৰাজ্যক উন্নয়নৰ হকে ৰাইজে বিজেপিকে ভোট দিব বুলিও দাবী কৰে ৰংহাঙে ৷

ৰংহাঙে কয়, ‘‘ পৰিষদৰ নিৰ্বাচনৰ এবছৰৰ ভিতৰতে প্ৰতিশ্ৰুতি অনুসৰিয়ে আমি কাম কৰিব পাৰিছো ৷ ইতিমধ্যে দুই হাজাৰ কোটি টকাৰ কাম সম্পূৰ্ণ হৈছে ৷ অনাগত দিনত প্ৰায় দুই হাজাৰ কোটি টকাৰো অধিক কাম কৰা হ’ব ৷’’

ইফালে, আজিৰ সমাবেশত আদৰণি ভাষণ দি দেওপানী পৰিষদীয় সমষ্টিৰ এম এ চি শ্ৰৱন তেলেংগাই কয় যে, বিজেপি চৰকাৰৰ দিনত দেওপানী পৰিষদীয় সমষ্টিৰ বাট-পথসমূহ পকীকৰণ হোৱাৰ লগতে পকী দলং নির্মাণ, নতুন স্বাস্থ্য কেন্দ্র স্থাপন, চাহ বাগিচাত হাইস্কুল স্থাপনকে ধৰি কোটি কোটি টকাৰ উন্নয়নমূলক কাম হৈছে ।

লগতে পঢ়ক : হাওৰাঘাটত বিদ্যুৎস্পৃষ্ট হৈ দুটাকৈ হাতীৰ কৰুণ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.