অসম

assam

KAAC awareness programme : কাৰ্বি আংলঙত গুণগত শিক্ষাৰ বাবে সজাগতা অভিযান কাৰ্যসূচী

By

Published : Aug 1, 2022, 10:50 PM IST

KAAC awareness programme in Karbi anglong

গুণগত শিক্ষা প্ৰসাৰৰ বাবে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ শিক্ষা বিভাগৰ উদ্যোগত সজাগতা অভিযান আৰম্ভ (KAAC awareness programme)৷ অনুষ্ঠানত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাং ৷

ডিফু, ১ আগষ্ট: দুই পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত গুণগত শিক্ষা প্ৰসাৰৰ বাবে সোমবাৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ শিক্ষা বিভাগৰ উদ্যোগত পৰিষদৰ নতুন সচিবালয় সভাকক্ষত সজাগতা অভিযান কাৰ্যসূচী আৰম্ভ হয় (KAAC awareness programme) ৷ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে(CEM of Karbi Anglong Autonomous Council Tuliram Ronghang) সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, দুয়োখন পাৰ্বত্য জিলাত গুণগত শিক্ষাৰ লগতে আগন্তুক ৫ বছৰত শৈক্ষিক মানদণ্ড উন্নয়ন কৰাৰ বাবে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ শিক্ষা বিভাগৰ উদ্যোগত সজাগতা অভিযান আৰম্ভ কৰা হৈছে ৷

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙ

এই সজাগতা অভিযানত শিক্ষা বিভাগৰ বিষয়া-কৰ্মী আৰু বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়াসকল উপস্থিতি থাকে ৷ তেওঁলোকৰ এই অভিযানৰ সময়ত কেইবাটাও গঠনমূলক মতামত আগবঢ়ায় ৷ তেওঁলোকে লগতে অনাগত দিনত দল-সংগঠন আৰু শিক্ষা বিভাগৰ গঠিত প্ৰতিনিধিৰ দলে বিভিন্ন বিদ্যালয়লৈ গৈ বিদ্যালয় উন্নয়ন পৰিচালনা সমিতি আৰু বিদ্যালয় কৰ্তৃপক্ষৰ সৈতে গুণগত শিক্ষা সন্দৰ্ভত মত বিনিময় কৰিব বুলি জানিবলৈ দিয়ে ৷ উক্ত সভাত পৰিষদৰ বহুকেইগৰাকী কাৰ্যনিৰ্বাহক সদস্য আৰু সদস্য উপস্থিত থাকে ৷

লগতে পঢ়ক :Historic Sukapha Maidam : বৰ অসমৰ ভেঁটি গঢ়োতা চাওলুং ছ্যুকাফাৰ মৈদামত বেদখল

ABOUT THE AUTHOR

...view details