অসম

assam

সঞ্জয় ৰংহাঙৰ হত্যাকাণ্ডৰ সোধ-পোচৰ বাবে দুজনক আটক

By

Published : May 22, 2021, 12:01 PM IST

ধনশিৰিত পুৰোহিত সঞ্জয় ৰংহাঙৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰে দুজন ব্যক্তিক ৷ এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰে নৱজিৎ থাউচেনক আৰু হত্যাকাণ্ডৰ সন্দৰ্ভত সোধ-পোচৰ বাবে অনা হয় পলিছ লাংথাছা নামৰ আন এজনক ৷

পুৰুহিত সঞ্জয় ৰংহাঙৰ হত্যাকাণ্ডত জড়িত এজন লিংকমেনক আটক
পুৰুহিত সঞ্জয় ৰংহাঙৰ হত্যাকাণ্ডত জড়িত এজন লিংকমেনক আটক

ডিফু,22 মে’: অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল কাৰ্বি আংলং জিলাৰ ধনশিৰিত সঞ্জয় ৰংহাং নামৰ এগৰাকী পুৰোহিতৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰে দুজন ব্যক্তিক ৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, শুকুৰবাৰে কাৰ্বি আংলং জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী বিষয়া প্ৰকাশ সোণোৱাল, উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত আৰু খটখটী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌবলিক ব্ৰক্ষ্ম, ধনশিৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত হাজৰিকা, বৰপথাৰ থানাৰ উপ পৰিদৰ্শক নিলোৎপল দলেৰ লগতে বেটেলিয়নৰ কামাণ্ডো দলৰ সহযোগত ধনশিৰিস্থিত হাফজান অঞ্চলৰ পৰা আটক কৰে দুজন ব্যক্তি ৷

আটক কৰা দুজন ব্যক্তি হৈছে ক্ৰমে হাফজান নিৱাসী ৰিংচা লাংথাচাৰ পুত্ৰ পলিছ লাংথাছা (30) আৰু ধনশিৰি শিৱ নগৰ নিৱাসী বিৰে থাউছেনৰ পুত্ৰ নৱজিৎ থাউচেন (32) বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰে নৱজিৎ থাউচেনক আৰু এই হত্যাকাণ্ডৰ সন্দৰ্ভত সোধ-পোচৰ বাবেহে অনা হয় পলিছ লাংথাছাক ৷

জানিব পৰা অনুসৰি, নৱজিৎ থাউছেন ডিএনএলএ ধনশিৰি এৰিয়াৰ কামাণ্ডাৰ প্ৰেম থাউচেন ওৰফে ৰিংচা ওৰফে তামিলৰ ভাতৃ ৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, নৱজিৎ থাউছেনে ডিএনএলএ উগ্ৰপন্থী সংগঠনটোৰ লিংকমেন হিচাপে কাম কৰে ৷ এই হত্যাকাণ্ডৰ সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে নিজা তদন্ত ৷

লগতে পঢ়ক:উৎপাদিত শস্যৰ উপযুক্ত দাম নাপাই হতাশাত খাৰুপেটীয়াৰ কৃষক

ABOUT THE AUTHOR

...view details