অসম

assam

চেমখৰ বোলছবিক লৈ অসন্তুষ্টি প্ৰকাশ ডিমাছা সংগঠনৰ

By

Published : Sep 29, 2022, 1:34 PM IST

Semkhor

আইমী বৰুৱাৰ দ্বাৰা পৰিচালিত ডিমাছা বোলছবি 'চেমখৰ'ক লৈ বিতৰ্ক (Semkhor film controversy)। বিতৰ্কিত দৃশ্যাংশকলৈ জাঙুৰ খাই উঠিছে ডিমাছা জাতীয় সংগঠনসমূহ । আইমী বৰুৱাক ক্ষমা খোজাৰ দাবী ডিমাছা দল-সংগঠনৰ ।

ডিফু,২৯ ছেপ্টেম্বৰ :ডিমাছা ভাষাত নির্মিত 'চেমখৰ' চলচ্চিত্ৰখনক লৈ বিতৰ্ক অব্যাহত আছে (Controversy over Semkhor film)। অভিযোগ অনুসৰি ছবিখন নিৰ্মাণ কৰা হৈছে কিছু ভুল তথ্যৰে ৷ লগতে ছবিখনত কিছু আপত্তিজনক মন্তব্য আৰু দৃশ্য সন্নিৱিষ্ট কৰা হৈছে । চলচ্চিত্ৰখনক লৈ ইতিমধ্যে সমগ্ৰ অসমৰ লগতে ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাত ডিমাছা জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Dimasa film Semkhor controversy)। চলচ্চিত্ৰখনত থকা আপত্তিজনক মন্তব্য আৰু দৃশ্যবোৰ বাদ দি ইয়াক মুক্তি দিবলৈ দাবী উঠিছে ।

ইয়াৰ মাজতে ডিফুৰ আমোলাপট্টিৰ সমীপত ডিএছএছ (DSS), জেএনএইছ (JNH), ডিএমএছ (DMS), ডিএছইউ (DSU), এডিএছইউ (ADSU) আৰু ডিকেএনএ (DKNA) সংগঠন কেইটাই এক যুটীয়া সংবাদমেলৰ আয়োজন কৰে (Joint Press Conference of Dimasa organisation)। সংগঠনসমূহক প্ৰতিনিধিত্ব কৰি ডিমাছা সাহিত্য সভাৰ সভাপতি পি.বি হাফলংবাৰে সংবাদমাধ্যমৰ আগত কয় যে ডিমাছা জাতিৰ আধাৰত চেমখৰ বোলছবি নিৰ্মাণ কৰাত ডিমাছাসকল যথেষ্ট সুখী যদিও ছবিখনত দেখুওৱা প্ৰসূতিৰ মৃত্যুৰ পিছত নৱজাতক কন্যা শিশুকো জীৱন্তে সমাধিস্থ দিয়া দৃশ্যাংশ আপত্তিজনক বুলি উল্লেখ কৰে সভাপতিগৰাকীয়ে ৷ কিয়নো এই পৰম্পৰা ডিমাছা সমাজত নাই ৷

চেমখৰ বোলছবিক লৈ অসন্তুষ্টি প্ৰকাশ ডিমাছা সংগঠনৰ

তেওঁ দাবী কৰা মতে ইয়াক ভুলকৈ উপস্থাপন কৰিছে পৰিচালক আইমী বৰুৱাই (Dimasa organisation slams Aimee Baruah)৷ নেতাগৰাকীয়ে আইমী বৰুৱাক এনে ভুলৰ বাবে ডিমাছা সমাজৰ ওচৰত ৰাজহুৱা ক্ষমা বিচাৰিবলৈ দাবী জনায় । লগতে ছবিখনৰ উক্ত বিতৰ্কিত দৃশ্যাংশ কৰ্তন নোহোৱালৈকে ছবিখন মুক্তি নিদিবলৈও দাবী জনাইছে সংগঠনকেইটাই ৷

সংবাদমেলত ডিমাছা সাহিত্য সভাৰ সম্পাদক সত্যব্ৰত কেম্প্ৰাই, ডিমাছা ষ্টুডেণ্টছ ইউনিয়নৰ সভাপতি ধীৰাজ ডিফুছা, সম্পাদক ৰজত লাংথাছাকে ধৰি আন আন বিষয়ববীয়াসকল উপস্থিত থাকে ৷ উল্লেখ্য যে শেহতীয়াকৈ ছবিখনৰ পৰিচালক আইমী বৰুৱাৰ বিৰুদ্ধে হাফলং থানাত এজাহাৰ দাখিল কৰিছে কংগ্ৰেছ দলে (Congress FIR against Aimee Baruah)। আনকি ছবিখনক লৈ বিভিন্ন দল-সংগঠনে প্ৰতিবাদো অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :আইমী বৰুৱাৰ বিৰুদ্ধে হাফলং থানাত এজাহাৰ

ABOUT THE AUTHOR

...view details