আইমী বৰুৱাৰ বিৰুদ্ধে হাফলং থানাত এজাহাৰ

author img

By

Published : Sep 23, 2022, 11:05 AM IST

fir-lodged-against-aimee-baruah-at-haflong-police-station

ৰাজ্যত ডিমাছা চলচ্চিত্ৰ চেমখৰক লৈ বিতৰ্ক অব্যাহত আছে (Semkhor film controversy)। চলচ্চিত্ৰখনৰ পৰিচালক আইমী বৰুৱাৰ বিৰুদ্ধে হাফলং থানাত এজাহাৰ দাখিল কৰিলে কংগ্ৰেছ দলে । চলচ্চিত্ৰখনৰ কিছুমান বিষয়বস্তুক লৈ অসন্তুষ্ট ডিমাছা দল-সংগঠন ।

ডিমা হাছাও, ২৩ ছেপ্টেম্বৰ : ডিমাছা ভাষাত নির্মিত 'চেমখৰ' চলচ্চিত্ৰখনক লৈ এতিয়া আৰম্ভ হৈছে বিতৰ্কৰ (Controversy over Semkhor film)। এই ছবিখন নিৰ্মাণ কৰা হৈছে কিছু ভুল তথ্যৰে আৰু কিছু আপত্তিজনক মন্তব্য আৰু দৃশ্যৰ বাবে বিতৰ্ক আৰম্ভ হৈছে । চলচ্চিত্ৰখনক লৈ ইতিমধ্যে ডিমা হাছাও জিলাত ডিমাছা জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । চলচ্চিত্ৰখনত থকা আপত্তিজনক মন্তব্য আৰু দৃশ্যবোৰ বাদ দি ইয়াক মুক্তি দিবলৈ দাবী উঠিছে ।

'চেমখৰ'ক লৈ বিতৰ্ক চলি থকাৰ মাজতে পৰিচালক তথা অভিনেত্ৰী আইমী বৰুৱাৰ বিৰুদ্ধে কংগ্ৰেছ নেতা মহেন্দ্ৰ কেম্প্ৰাইয়ে হাফলং থানাত গোচৰ ৰুজু কৰিছে (Congress FIR against Aimee Baruah)। ডিমা হাছাও জিলাৰ এখন গাঁও হৈছে চেমখৰ আৰু গাঁওখনত বসবাস কৰা ডিমাছাসকলক চেমচা ডিমাছা বুলি কোৱা হয় । এই চেমখৰ গাঁৱৰ ডিমাছাসকলক লৈ এই চলচ্চিত্ৰখন নিৰ্মাণ কৰিছে অসমৰ অভিনেত্ৰী তথা চলচ্চিত্ৰ নিৰ্মাতা আইমী বৰুৱাই ।

এই চলচ্চিত্ৰখনত কিছু দৃশ্য আছে য'ত দেখা গৈছে সন্তান জন্ম দিয়াৰ সময়ত যদি কোনো ডিমাছা মহিলাৰ মৃত্যু হয় আৰু এই মহিলাগৰাকীয়ে যদি কন্যা সন্তান জন্ম দিয়ে তেনেহ'লে মহিলাগৰাকীৰ লগতে জন্ম দিয়া কন্যাকো জীৱন্তে মাটিত পুতি থোৱা হয় বা জ্বলাই দিয়া হয় । এই আপত্তিজনক বিষয়টোক লৈয়ে বিতৰ্কৰ সৃষ্টি হৈছে । সম্প্ৰতি ডিমা হাছাও জিলাৰ ডিমাছা জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠন জাঙুৰ খাই উঠিছে ।

তেওঁলোকৰ অভিযোগ চলচ্চিত্ৰখনত ভুল তথ্য সন্নিবিষ্ট কৰা হৈছে । ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিৎ হাফলংবাৰে 'চেমখৰ' চলচ্চিত্ৰখনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ডিমাছা ভাষাত যি চেমখৰ ছবি নিৰ্মাণ কৰা হৈছিল তাক লৈ তেওঁলোক আনন্দিত আছিল কিন্তু এই ছবিখনত কিছু আপত্তিজনক দৃশ্য দেখিবলৈ পোৱা গৈছে (Dimasa film Semkhor controversy)। নেতাগৰাকীৰ অভিযোগ চেমখৰ গাঁৱৰ ভুল তথ্য তুলি ধৰা হৈছে এই চলচ্চিত্ৰখনত ।

আইমী বৰুৱাৰ বিৰুদ্ধে হাফলং থানাত এজাহাৰ

তেওঁ লগতে কয় যে চেমখৰৰ ডিমাছাসকলে উন্নয়ন নিবিচাৰে বুলি কোৱা হৈছে । কিন্তু ২০০৭ চনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ সমষ্টি হোৱাৰ পিছতে এই সমষ্টি বিজেপিৰ দখলত আছে তেনে সময়ত যদি আইমী বৰুৱাই কয় চেমখৰ সমষ্টিৰ উন্নয়ন হোৱা নাই তেনেহ'লে বিজেপিৰ বিফলতা উদঙাই দিছে বুলিও তেওঁ মন্তব্য কৰে । সমৰজিৎ হাফলংবাৰে লগতে কয় যে ১৯৯৭ চনত তেওঁ যেতিয়া প্ৰথমবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল তেতিয়া তেওঁ চেমখৰ গাঁৱত টিনৰ ঘৰ বনাই দিছিল আৰু প্ৰধান মন্ত্ৰী গ্ৰামীণ পথ যোজনাৰ অধীনত পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল কিন্তু তেতিয়া উগ্ৰপন্থী সমস্যাৰ বাবে পথ নিৰ্মাণ হোৱা নাছিল ।

কিন্তু যোৱা ১৬ বছৰৰ পৰা এই চেমখৰ সমষ্টি বিজেপিৰ দখলত থকাৰ পিছতো যদি গাঁৱৰ উন্নয়ন হোৱা নাই তেনেহ'লে বিজেপি দলৰ পূৰ্ণ বিফলতা উদঙাই দিয়া হৈছে বুলি উল্লেখ কৰে । তেওঁৰ মতে চলচ্চিত্ৰখনত উপস্থাপন কৰা কিছুমান বিষয়বস্তুৱে ডিমাছা সমাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । সেয়ে চলচ্চিত্ৰখনৰ পৰা বিতৰ্কিত বিষয়বস্তুবোৰ আঁতৰাব লাগে বুলি দাবী জনায় ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিৎ হাফলংবাৰে ।

লগতে পঢ়ক :কাৰ্বি আংলঙত আনুষ্ঠানিকভাৱে কয়লা খনন প্ৰক্ৰিয়াৰ শুভাৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.