অসম

assam

মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা উদ্ধাৰ অসমৰ যুৱক

By

Published : Jan 26, 2022, 6:07 PM IST

মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা উদ্ধাৰ হৈ ৰঙিয়াৰ এজন যুৱক গণৰাজ্য দিৱসৰ দিনটোতে স্বগৃহত উপস্থিত হ’বলৈ সক্ষম হয় (Rangia youth rescued from human traffickers in Tamil Nadu)৷ সাত মাহ পূৰ্বে এটা মানৱ সৰবৰাহকাৰী চক্ৰই যুৱকজনক বিক্ৰী কৰিছিল জম্মু কাশ্মীৰৰ এজন চিকিৎসকক ৷

Rangia Youth rescue in Tamil Nadu
মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা উদ্ধাৰ অসমৰ যুৱক

ৰঙিয়া, 26 জানুৱাৰী: তামিলনাডুত মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা উদ্ধাৰ হ’ল অসমৰ যুৱক । সুদীৰ্ঘ সাত মাহৰ অন্তত গণৰাজ্য দিৱসৰ দিনটোতে স্বগৃহত উপস্থিত হ’ল অপহৃত দ্বীপজ্যোতি বৰ্মণ নামৰ যুৱকজন । কাম দিয়াৰ প্ৰলোভনেৰে ৰঙিয়াৰ মানৱ সৰবৰাহকাৰী এটা চক্ৰই যুৱকজনক বিক্ৰী কৰিছিল জম্মু কাশ্মীৰত (Human trafficking racket in Assam)।

শিৱসাগৰৰ অলকা কলিতা নামৰ এগৰাকী মহিলাই ৰেলেৰে জম্মু কাশ্মীৰলৈ লৈ গৈছিল দ্বীপজ্যোতি বৰ্মণক । জম্মু কাশ্মীৰত এগৰাকী চিকিৎসকে ক্ৰয় কৰিছিল দ্বীপজ্যোতিক । চিকিৎসকজনৰ ঘৰত বিনা বেতনে বাচন ধোৱাৰ পৰা আৰম্ভ কৰি ঘৰৰ সকলো কাম কাজ কৰিবলগীয়া হৈছিল দ্বীপজ্যোতি বৰ্মণ নামৰ যুৱকজনে । কামৰ বিনিময়ত মাননী বিচাৰিলেই জম্মু কাশ্মীৰৰ চিকিৎসকজনে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাইছিল যুৱকজনৰ ওপৰত ।

মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা উদ্ধাৰ অসমৰ যুৱক

ৰঙিয়া কৈৰাৰাৰ মানৱ সৰবৰাহকাৰী নজৰুল ইছলাম ওৰফে পকেটে এটা এজেঞ্চিক গতাইছিল দ্বীপজ্যোতিক । ইয়াৰ বিনিময়ত দ্বীপজ্যোতিয়ে পাবলগা এবছৰৰ মাহিলী বেতন আগতীয়াকৈ লৈছিল মানৱ সৰবৰাহকাৰী পকেটে । কিন্তু ভূক্তভোগী দ্বীপজ্যোতিৰ অজ্ঞাতে জম্মু কাশ্মীৰৰ পৰা তামিলনাডুলৈ নি এটা ঘৰত আৱদ্ধ কৰি দ্বীপজ্যোতিৰ হতুৱাই কৰাই গৈছিল সকলো কাম-কাজ । সাত মাহ ধৰি বিনা বেতনে কাম কৰা দ্বীপজ্যোতিয়ে অৱশেষত সীমা সুৰক্ষা বলৰ ২৪ বেটেলিয়নৰ সহযোগত আহি উপস্থিত হ’ল ৰঙিয়া ৰেল জংচনত (Rangia youth rescued from human traffickers by SSB)। এছ এছ বিয়ে ইতিমধ্যে যুৱকজনক উদ্ধাৰ কৰি মানৱ সৰবৰাহত জড়িত আটাইকেইজনৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ ।

লগতে পঢ়ক:কেমেৰাৰ সমুখত মনৰ কথা ক‘লে চীনা সৈন্যই লৈ যোৱা মিৰাম টেৰোনৰ পিতৃয়ে

ABOUT THE AUTHOR

...view details