অসম

assam

Rangia youth dead in Sikkim: মধুচন্দ্ৰিকালৈ গৈ মৃত্যুক আঁকোৱালিলে ৰঙিয়াৰ যুৱকে

By

Published : Nov 23, 2022, 7:39 AM IST

Rangia youth dead in Sikkim

ছিকিমৰ উমথাঙত ফুৰিবলৈ গৈ পত্নীৰ সন্মুখতে মৃত্যুক সাৱটি ল'লে ৰঙিয়াৰ মুনজিৎ দাসে (Rangia youth dead in Sikkim)। মৃত্যুৰ আগমুহুৰ্তত পত্নীক কৈ গল এষাৰ বাক্য- ‘‘তুমি এজন ভাল ল’ৰা চাই আকৌ বিয়াত বহিবা ৷ মই আৰু জীয়াই নাথাকিম চাগে’’ ।

ৰঙিয়া, 23 নৱেম্বৰ : মধুচন্দ্ৰিকালৈ গৈ মৃত্যুক আকোৱালি ল'লে ৰঙিয়াৰ যুৱকে (Rangia youth dead in Sikkim)। ছিকিমৰ উমথাঙত ফুৰিবলৈ গৈ পত্নীৰ সন্মুখতে মৃত্যুক সাৱটি ল'লে ৰঙিয়াৰ মুনজিৎ দাসে । মৃত্যুৰ আগমুহুৰ্তত পত্নীক কৈ গল এষাৰ বাক্য- ‘‘তুমি এজন ভাল ল’ৰা চাই আকৌ বিয়াত বহিবা ৷ মই আৰু জীয়াই নাথাকিম চাগে’’ ।

এই কথাষাৰ কৈয়েই অজান দেশলৈ গমন কৰিলে ৰঙিয়া নগৰৰ ৫ নং ৱাৰ্ডৰ শান্তিপুৰৰ ৩০ বছৰীয়া উদীয়মান যুৱক মুনজিৎ দাসে । জানিব পৰা মতে নতুনকৈ বিবাহপাশত আৱদ্ধ হৈ ছিকিমলৈ ফুৰিবলৈ গৈছিল দম্পতীটো । অক্সিজেনৰ অভাৱত মৃত্যুক আকোঁৱালি লয় মুনজিৎ দাসে (Dead due to lack of oxygen level in Sikkim)। আমেৰিকাৰ এটা ব্যক্তিগত কোম্পানীত অনলাইনযোগে কৰ্মৰত মুনজিতে যোৱা ১৪ নৱেম্বৰত পত্নীৰ সৈতে চিকিমলৈ ফুৰিব গৈছিল ।

মধুচন্দ্ৰিকালৈ গৈ মৃত্যুক আঁকোৱালিলে ৰঙিয়াৰ যুৱকে

চিকমৰ ওখ ঠাই উমথাং(Yumthang Valley Sikkim) পোৱাৰ পাছতে অতি কম পৰিমান অক্সিজেন পোৱাত মুনজিতে উশাহত কষ্ট পায় আৰু যুৱকজনৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে । ফলত সেই স্থানতে থকা স্বাস্থ্য কেন্দ্ৰ এটাত মুনজিতক ভৰ্ত্তি কৰোৱা হয় যদিও চিকিৎসকে অক্সিজেন কম পোৱা বুলি কৈ প্ৰাথমিক চিকিৎসা কৰি ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে অন্য ঠাইলৈ নিবলৈ পৰামৰ্শ দিয়ে ।

চিকিৎসকৰ পৰামৰ্শ অনুসৰি দুয়ো লগে লগে চিকিমৰ পৰা উভতি আহে যদিও তেতিয়ালৈ মুনজিতৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে । পত্নীয়ে উপায়ন্তৰ হৈ নিউ জলপাইগুৰিৰ এখন নাৰ্চিংহোমত স্বামীক ভৰ্ত্তি কৰায় যদিও পত্নীৰ চকুৰ সন্মুখতে মুনজিৎ দাসে মৃত্যুক সাৱটি লয় (Dead during honeymoon in Sikkim)। পত্নীয়ে ঘটনাৰ বিষয়ে পৰিয়ালক অৱগত কৰাত পৰিয়ালৰ লোকে লগে লগে নিউজলপাইগুৰীলৈ ৰাওনা হয় ।

মঙলবাৰৰ পুৱতি নিশা তেওঁৰ নশ্বৰ দেহ ৰঙিয়াৰ শান্তিপুৰৰ বাসগৃহত লৈ অহাৰ পাছতেই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক :Bokakhat Tragic situation: বোকাখাতত একেলগে জ্বলিব 5 খনকৈ চিতা

ABOUT THE AUTHOR

...view details