অসম

assam

Fraud case in Rangia:ৰঙিয়াত পুনৰ এটিএম কাৰ্ডৰে লুটিলে ধন

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 7:15 PM IST

ৰঙিয়াত এটিএম কাৰ্ডেৰে ধন লুটৰ ঘটনা । ৯ বাৰ লেনদেনযোগে লুটিলে ৮৯,১৯০ টকা । বিষয়টো সন্দৰ্ভত ৰঙিয়া থানাত এজাহাৰ দাখিল ।

Crime in Rangia
ৰঙিয়াত এটিএম কাৰ্ডেৰে ধন লুটৰ ঘটনা

ৰঙিয়াত এটিএম কাৰ্ডেৰে ধন লুটৰ ঘটনা

ৰঙিয়া, ১২ ছেপ্টেম্বৰ:ৰঙিয়াত পুনৰ এছ বি আই বেংকৰ এটিএম কাৰ্ডেৰে ধন লুটৰ ঘটনা পোহৰলৈ আহিছে । জানিব পৰা মতে, সোমবাৰে ৰঙিয়াৰ মুৰাৰা নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক ফাইজুদ্দিন আহমেদে তেওঁৰ বেংকৰ এটিএম কাৰ্ড যোগে ধন উলিয়াবলৈ এন টি ৰোডস্থিত এক্সিছ বেংকৰ এটা এটিএমত চেষ্টা কৰিছিল । কিন্তু কাৰিকৰী বিজুতিৰ বাবে তেওঁ ধন উলিয়াব নোৱাৰাত সেই সময়ত এটিএমটোত উপস্থিত থকা এজন অচিনাকি যুৱকে তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহে । কিছু সময় পিছত যুৱকজনেও ধন উলিয়াব নোৱাৰা বাবে লোকজন ঘৰলৈ ওভতি যায় ।

লগতে পঢ়ক:Matak Yuva Chatra Parishad protest: মটক জনগোষ্ঠীক ষষ্ঠ অনুসূচীৰ তালিকাত অন্তৰ্ভুক্ত কৰি জনজাতিৰ মৰ্যদা প্ৰদানৰ দাবীত প্ৰতিবাদ

ইপিনে,মঙলবাৰে পুৱাৰ ভাগত ফাইজুদ্দিন আহমেদে মোবাইল ফোনত তেওঁৰ একাউণ্টৰ পৰা সোমবাৰে চাৰিবাৰ আৰু মঙলবাৰে চাৰিবাৰ ধন উলিওৱাৰ মেছেজ লাভ কৰে । লগতে কোকৰাঝাৰৰ গ্ৰীণলেণ্ড শ্ব'পিং চেণ্টাৰত ৯১৯০ টকা খৰচ কৰাৰো এটা মেছেজ লাভ কৰে । অৱসৰপ্ৰাপ্ত শিক্ষক ফাইজুদ্দিন আহমেদে ততাতয়াকৈ এছ বি আইৰ ৰঙিয়া শাখাত যোগাযোগ কৰে । বেংকৰ প্ৰাথমিক তদন্তত ফাইজুদ্দিন আহমেদৰ লগত থকা এটিএম কাৰ্ডখন তেওঁৰ সলনি আন কোনো ব‍্যক্তিৰ বুলি নিশ্চিত হয় । লগতে দুদিনত মুঠতে ৯ বাৰ লেনদেনযোগে মুঠ ৮৯,১৯০ টকা ফাইজুদ্দিন আহমেদৰ একাউণ্টৰ পৰা হৰলুকী হয় ।

লগতে পঢ়ক:Assam Assembly Autumn session: নৱোদয় বিদ্যালয়ত অসমীয়া ভাষাৰ শিক্ষকৰ পদ পূৰণৰ পদক্ষেপৰ প্ৰতিশ্ৰুতি শিক্ষামন্ত্ৰীৰ

দৰাচলতে যুৱকজনে ব‍্যক্তিগৰাকীক হাতৰ কিটিপতে কাৰ্ডখন সলনি কৰি জনৈক বসন্ত কলিতা বুলি লিখা থকা আন এখন কাৰ্ড দি থৈ যায় । ব‍্যক্তি গৰাকীয়ে বৰ্তমান বিষয়টো সন্দৰ্ভত ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে । বেংক কৰ্তৃপক্ষই ইতিমধ্যে কাৰ্ডখন বন্ধ কৰি দিছে । আনহাতে, আৰক্ষীয়েও এই বিষয়টো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক:Asia Cup 2023 : এদিনীয়া ক্ৰিকেটত ৰোহিত শৰ্মাৰ 10000 ৰাণ সম্পূৰ্ণ; আজি এছিয়া কাপত ভাৰত বনাম শ্ৰীলংকা

ABOUT THE AUTHOR

...view details