ৰঙিয়া, 5 অক্টোবৰ :কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ এগৰাকী মহিলা পৰীক্ষাগাৰ সহায়ক( Laboratory Technician ) সন্ধানহীন । সন্ধানহীন হোৱা মহিলা গৰাকীৰ নাম অংকুমণি বৰুৱা (৩৪) বুলি জানিব পৰা গৈছে । কমলপুৰ সমষ্টিৰ অন্তৰ্গত বিহদিয়াৰ মাতৃগৃহৰ পৰা ৰঙিয়াৰ উদিয়ানাৰ স্বামী গৃহলৈ গৈ থকা অৱস্থাত সন্ধানহীন হৈ পৰে মহিলাগৰাকী ।
প্ৰায় ছয় দিন পূৰ্বে সংঘটিত এই ঘটনা সন্দৰ্ভত ৰঙিয়া থানা আৰু বাইহাটা চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে মহিলা গৰাকীৰ স্বামী কৈলাশ কলিতাই । কিন্তু আৰক্ষীয়ে বৰ্তমানলৈকে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই । ইপিনে, আত্মীয় স্বজন আৰু পৰিচিত লোকৰ ঘৰত খা-খবৰ কৰিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই স্বামী তথা পৰিয়াল ।