অসম

assam

বকোত 'মা কামাখ্যা' নামৰ দৈনিক বজাৰ মুকলি

By

Published : Oct 19, 2020, 4:08 PM IST

বকোত মুকলি দৈনিক বজাৰ ৷ বিধায়িকা নন্দিতা দাসে মুকলি কৰিলে বজাৰখন ৷ আশাবাদী ব্যৱসায়ী সকলৰ লগতে ৰাইজ ৷

Kamrup District Boko opened a daily market
বকোত 'মা কামাখ্যা' নামৰে দৈনিক বজাৰ মুকলি

বকো, 19 অক্টোবৰ : সোমবাৰে কামৰূপ জিলাৰ বকোত মুকলি হ'ল এখন দৈনিক বজাৰ ৷ বিধায়িকা নন্দিতা দাসে আনুষ্ঠানিকভাৱে মুকলি কৰিলে বজাৰখন ৷

বকো মৌজা কমিটীয়ে বকো নদীৰ পাৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত স্থাপন কৰা দৈনিক বজাৰখনক লৈ আশাবাদী ৰাইজৰ লগতে ব্যৱসায়ীসকল ৷

বিধায়িকা নন্দিতা দাসৰ মন্তব্য

উল্লেখ্য যে,'মা কামাখ্যা' দৈনিক বজাৰখনত201 খন বিভিন্ন সামগ্ৰীৰ দোকান আছে । দৈনিক বজাৰখন স্থাপন কৰাৰ পিচতে বকো অঞ্চলত কিছু পৰিমাণে নিবনুৱা সমস্যা সমাধান হ'ব বুলি প্ৰকাশ কৰিছে বিধায়িকা নন্দিতা দাসে ৷

লগতে পঢ়ক :উত্তেজনা অব্যাহত অসম-মিজোৰাম সীমান্তত

ABOUT THE AUTHOR

...view details