অসম

assam

ৰঙিয়াত প্ৰশাসনৰ সৌজন্যত স্বচ্ছতা অভিযান

By

Published : Mar 16, 2022, 5:17 PM IST

ৰঙিয়াত ৰঙিয়া মহকুমা প্ৰশাসন আৰু ৰঙিয়া পৌৰসভাৰ সৌজন্যত স্বেচ্ছাসেৱী সংগঠন সাধনাৰ উদ্যোগত ৰঙিয়াত স্বচ্ছতা অভিযান কাৰ্যসূচী ৰূপায়ন(Cleanliness drive at Rangia) ৷ ৰঙিয়াৰ মহকুমাধিপতি, ৰঙিয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ লগতে বিভিন্ন কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত ৷

implementation of cleanliness drive at Rangia
ৰঙিয়াত প্ৰশাসনৰ স্বচ্ছতা অভিযান

ৰঙিয়া, 16 মাৰ্চ :ৰঙিয়াত ৰঙিয়া মহকুমা প্ৰশাসন আৰু ৰঙিয়া পৌৰসভাৰ সৌজন্যত আৰু স্বেচ্ছাসেৱী সংগঠন সাধনাৰ উদ্যোগত বুধবাৰে ৰঙিয়াত এক স্বচ্ছতা অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয়(Implementation of cleanliness drive at Rangia) । পুৱাৰ ভাগত আয়োজন কৰা চাফাই অভিযানত উদ‍্যোক্তাসকলে ৰঙিয়াৰ সদাব্যস্ত পথসমূহ পৰিস্কাৰ কৰে । ইয়াৰ পিছত ৰঙিয়াৰ জাৱৰেৰে ভৰি থকা বিভিন্ন স্থান পৰিস্কাৰ কৰি সেই ঠাইসমূহত বৃক্ষৰোপনৰ কাৰ্য‍সূচী গ্ৰহণ কৰা হয় ।

ৰঙিয়াত প্ৰশাসনৰ স্বচ্ছতা অভিযান

এই কাৰ্যসূচীৰ সমান্তৰালকৈ ৰঙিয়া মহকুমা প্ৰশাসনে ৰঙিয়াবাসী ৰাইজক নগৰখন পৰিস্কাৰ কৰি ৰাখিবলৈ অনুৰোধ জনায় । ৰঙিয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া চম্পক ডেকাই সংবাদ মাধ্যমৰ জৰিয়তে ৰঙিয়াবাসীক জাবৰ-জোঁথৰ আদিসমূহ নলা-নৰ্দমাত তথা পথৰ দাঁতিত পেলোৱাৰ সলনি পৌৰসভাৰ পৰা জাবৰ সংগ্ৰহৰ বাবে যোৱা গাড়ীত দিবলৈ অনুৰোধ জনায় ।

ৰঙিয়াত প্ৰশাসনৰ স্বচ্ছতা অভিযান

তেওঁ লগতে কয় যে, ৰাইজ সজাগ হ’লেহে ৰঙিয়াখন সুন্দৰ আৰু পৰিস্কাৰ হ’ব । এই চাফাই অভিযানত ৰঙিয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া চম্পক ডেকাৰ লগতে ৰঙিয়াৰ মহকুমাধিপতি ৰাহুল জাভিৰ সুৰেশ, ৰঙিয়া পৌৰসভাৰ কৰ্মচাৰী আৰু স্বেচ্ছাসেৱী সংগঠন সাধনাৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :অফলামুখ ফেৰিঘাটত স্বচ্ছতা কাৰ্যসূচী ৰূপায়ণ

ABOUT THE AUTHOR

...view details