ETV Bharat / state

অফলামুখ ফেৰিঘাটত স্বচ্ছতা কাৰ্যসূচী ৰূপায়ণ

author img

By

Published : Mar 14, 2022, 1:25 PM IST

মাজুলীত প্ৰায় অৰ্ধ শতাধিক স্থানীয় লোকৰ ব্ৰহ্মপুত্ৰ পৰিস্কাৰ শীৰ্ষক অভিযান ৷ পৰিৱেশ আৰু পানী প্ৰদূষণমুক্ত কৰা, প্লাষ্টিক বৰ্জন কৰা আদিৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ লগতে স্বচ্ছতা কাৰ্যসূচী গ্ৰহণ কৰিছে মাজুলীৰ একাংশ সচেতন লোকে ।

implementation-of-cleanliness-programme-at-aphalamukh-ferry-ghat
অফলামুখ ফেৰিঘাটত স্বচ্ছতাৰ কাৰ্যসূচী ৰূপায়ণ

মাজুলী, 14 মাৰ্চ : উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা, পৰিবেশ পৰিষদ আৰু ভাৰত চৰকাৰৰ বন আৰু পৰিবেশ মন্ত্ৰণালয়ৰ পৃষ্ঠপোষকতাত মাজুলীৰ অফলামুখ ফেৰীঘাটত স্বচ্ছতাৰ ওপৰত বিশেষ কাৰ্যসূচী লোৱা হৈছে ।

অঞ্চলটোৰ প্ৰায় অৰ্ধ শতাধিক ৰাইজে হাতে হাতে ঝাৰু লৈ অফলামুখ ফেৰিঘাটত স্বচ্ছতাৰ অভিযান শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰে (Cleanliness Drive at Aphalamukh Ferry Ghat) ।

অফলামুখ ফেৰিঘাটত স্বচ্ছতাৰ কাৰ্যসূচী ৰূপায়ণ

তেওঁলোকে সকলো ফেৰিযাত্ৰীৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে ব্যৱসায়ীসকলকো স্বচ্ছতাৰ দিশত সজাগ কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা জানিবলৈ দিয়ে ৷ বিশেষকৈ প্লাষ্টিকৰ দ্বাৰা নিৰ্মিত সামগ্ৰী জ্বলাই দিলে পৰিৱেশ প্ৰদূষণ হয় আৰু জলাশয়ত পেলালে ই পানী দূষিত কৰে ৷ এনে পৰিস্থিতিত এই সামগ্ৰীসমূহ ডাষ্টবিনত নিক্ষেপ কৰিবলৈ আহ্বান জনায় এইসকল সচেতন লোকে ৷

লগতে পঢ়ক : ডিব্ৰুগড়ত আৰক্ষী জোৱানে গুলীয়াই হত্যা কৰিলে পত্নীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.