অসম

assam

দ্বীপ্তেশ্বৰীৰ পুঠিমাৰী নৈত চলিছে বালিৰ ৰমৰমীয়া বেহা

By

Published : Mar 26, 2022, 8:36 AM IST

Updated : Mar 26, 2022, 9:52 AM IST

ৰঙিয়াৰ দ্বীপ্তেশ্বৰীৰ পুঠিমাৰী নৈত প্ৰতিদিনে চলি আছে অবৈধ বালিৰ খনন (Illegal sand mining at Rangia) ৷ নিৰ্বিকাৰ বন বিভাগৰ উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্য‍ালয় । কাৰ নেতৃত্বত চলিছে এই অবৈধ খনন ! চাওক পুঠিমাৰী নৈৰ পৰা আমাৰ এক প্ৰতিবেদন ৷

Illegal sand mining in Assam
ৰঙিয়াৰ দ্বীপ্তেশ্বৰীৰ পুঠিমাৰী নৈত চলিছে বালিৰ ৰমৰমীয়া বেহা

ৰঙিয়া, 26 মাৰ্চ :ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে ৰঙিয়াতো গোপনে চলিছেবালিৰ ৰমৰমীয়া বেহা (Illegal sand mining in Assam) ৷ নিৰ্বিকাৰ বন বিভাগৰ উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্য‍ালয় । এই অভিযোগ তৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, প্ৰতিদিনে অবৈধ খনন চলিছে পুঠিমাৰী নৈত ৷

পুঠিমাৰী নৈৰ পৰা অবৈধ খননচলাই প্ৰতিদিনে ফকলেণ্ড আৰু এক্সেলেভেটৰে উঠাই আছে বালি । চালান অবিহনেই ট্ৰেক্ট্ৰৰ আৰু ডাম্পাৰ আদিৰে সৰবৰাহ কৰি আছে বজাৰ আদিলৈ । এইবোৰ দেখি শুনিও চকুমুদা কুলিৰ ৰূপত বহি আছে উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্য‍ালয়ৰ বন সংমণ্ডল প্ৰাধিকাৰী আৰু বিট অফিচাৰ ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷

দ্বীপ্তেশ্বৰীৰ পুঠিমাৰী নৈত চলিছে বালিৰ ৰমৰমীয়া বেহা

পিছে কাৰ নেতৃত্বত চলিছে এই অবৈধ বালিৰ সৰবৰাহ !

বন বিভাগক মেনেজ নকৰাকৈ কেনেদৰে সম্ভৱ হৈছে কোটি কোটি টকাৰ অবৈধ বেহা চলোৱাটো । এই প্ৰশ্নৰ উত্তৰ হয়তো আপুনি নিশ্চয়কৈ অনুমান কৰিব পাইছে । এনেদৰে পুঠিমাৰী নৈৰ পৰা বালি খনন কৰাৰ পিছত বন বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সচেতন লোকসকল ।

ৰঙিয়াৰ দ্বীপ্তেশ্বৰীৰ পুঠিমাৰী নৈত চলিছে বালিৰ ৰমৰমীয়া বেহা

চৰকাৰক ৰাজহুৱা কৰ ফাঁকি দি কোটি কোটি টকাৰ অবৈধ বালি খনন বন্ধ কৰাৰ দাবীত ইতিমধ্যে কেইবাটাও ছাত্ৰ সংগঠনে স্মাৰকপত্ৰ প্ৰদান কৰিছে মহকুমাধিপতিক । কিন্তু কোনো তদন্তই কৰা নহ’ল অবৈধ বালি খননৰ ওপৰত । সংবাদ মাধ্যমৰ আগত এই অভিযোগ তৰিছে কেইবাটাও ছাত্ৰ-সংগঠনৰ সদস্যই ৷ আনকি সংবাদ মাধ্যমৰ সন্মুখতে কেইবাটাও দল-সংগঠনৰ সদস্য বন বিভাগ আৰু মহকুমা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰে । "এই ঘটনাটোৰ সৈতে কোন কোন জড়িত আছে, তাক লৈ প্ৰশাসনে তদন্ত আৰম্ভ কৰক"- এই দাবী উত্থাপন কৰিছে সচেতন মহলে ।

লগতে পঢ়ক :কলগাছিয়াত বালি মাফিয়াৰ দপদপনি, নীৰৱ বন বিভাগ তথা জিলা প্ৰশাসন

Last Updated :Mar 26, 2022, 9:52 AM IST

ABOUT THE AUTHOR

...view details