অসম

assam

প্ৰাক্তন বিধায়ক পানীৰাম ৰাভাৰ দেহাৱসান

By

Published : Sep 18, 2021, 9:08 PM IST

former-mla-paniram-rabha-pass-away
প্ৰাক্তন বিধায়ক পানীৰাম ৰাভাৰ দেহাৱসান ()

অৱশেষত মৃত্যুৰে হাৰ মানিলে প্ৰাক্তন বিধায়ক তথা বৰমা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি পানীৰাম ৰাভাই ৷ শনিবাৰে বিয়লি গুৱাহাটীৰ হায়াত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে নেতা গৰাকীয়ে ৷

গুৱাহাটী, 18 ছেপ্তেম্বৰ: প্ৰাক্তন বিধায়ক তথা বৰমা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা সমাজকৰ্মী পানীৰাম ৰাভাৰ দেহাৱসান ৷ শনিবাৰে বিয়লি 3.30 বজাত ইহলীলা সম্বৰণ কৰে নেতা গৰাকীয়ে ৷ স্নায়ু ৰোগ আৰু মধুমেহ ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ হায়াত হাস্পতালত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন বিধায়কগৰাকী ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 67 বছৰ ৷ 1991 চনত প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল পানীৰাম ৰাভা ৷

1954 চনত বাক্সা জিলাৰ আলাগজাৰ গাঁৱত জন্মগ্ৰহণ কৰা পানীৰাম ৰাভাই সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা মাধ্যম আন্দোলন, ভাষা আন্দোলন আদিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল ৷ 1985 চনত পানীৰাম ৰাভাই অগপ দলত যোগদান কৰে আৰু 1991 চনত প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয় ৷ জনজাতীয় নেতাগৰাকীয়ে 1991 চনত বৰমা সমষ্টিৰ পৰা প্ৰয়াত ভৃগু কুমাৰ ফুকন নেতৃত্বাধীন নতুন অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে প্ৰথমবাৰলৈ অসম বিধান সভালৈ নিৰ্বাচিত হৈছিল ৷

লগতে পঢ়কঃবড়োভূমিত এনকাউন্টাৰ:কেনেকৈ সংঘটিত হৈছিল সেই এনকাউন্টাৰ ?

পৰৱৰ্তী সময়ত 1996 চনত বৰমা সমষ্টিত ৰেখাৰাণী দাস বড়োৱে অগপৰ প্ৰাৰ্থিত্ব পোৱাত পানীৰাম ৰাভাই কংগ্ৰেছ দলত যোগদান কৰিছিল ৷ 2001 চনত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে পানীৰাম ৰাভাই দ্বিতীয়বাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল ৷

গুৱাহাটীৰ ওদালবাক্ৰাৰ নিৱাসী পানীৰাম ৰাভাই সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি অহাৰ পাছত বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰে জড়িত হৈ আছিল ৷ আনহাতে বৰমাৰ বিভিন্ন অনুষ্ঠানৰ সৈতেও জড়িত আছিল পানীৰাম ৰাভা ৷ পানীৰাম ৰাভাৰ মৃত্যুত ওদালবাক্ৰা অঞ্চলৰ লগতৰ সমগ্ৰ বৰমাত শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়কঃনীল আকাশত পুৱাৰ ৰ’দকাঁচিয়লিত জিৰণি লৈছে এজাক পক্ষীয়ে

বৰমা আছু, বৰমা শাখা সাহিত্য সভা, বৰমা প্ৰাথমিক দুৰ্গা পূজা সমিতি, বৰমা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাকে ধৰি বিভিন্ন ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান তথা দল-সংগঠনে পানীৰাম ৰাভাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৷ প্ৰাক্তন বিধায়কগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই ওদালবাক্ৰা অঞ্চল সকলো ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহ শনিবাৰে বিয়লি বন্ধ ৰখা হয় ৷

প্ৰাক্তন বিধায়ক পানীৰাম ৰাভাৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে গভীৰ শোক প্ৰকাশ কৰিছে ৷ সভাপতি বৰাই এক শোক বাৰ্তাত কয় যে, পানীৰাম ৰাভাৰ মৃত্যু অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে অপূৰণীয় ক্ষতি ৷

লগতে পঢ়কঃAMCH ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিক উন্নত চিকিৎসাৰ বাবে GMCH লৈ স্থানান্তৰ

ABOUT THE AUTHOR

...view details