নীল আকাশত পুৱাৰ ৰ’দকাঁচিয়লিত জিৰণি লৈছে এজাক পক্ষীয়ে

By

Published : Sep 18, 2021, 7:11 PM IST

thumbnail

লখিমপুৰৰ এক বিশেষ অঞ্চলত ৰাইজক অনাবিল আনন্দ দিছে এজাক পক্ষীয়ে ৷ জিলাখনৰ বঙালমৰাৰ নাহৰআনিৰ নীল আকাশত বিভিন্ন প্ৰজাতিৰ পক্ষীয়ে পাতিছে মেলা ৷ গছৰ ডালভৰি পুৱাৰ ৰ’দকাঁচিয়লিত জিৰণি লৈছে এজাক পক্ষীয়ে ৷ মন জুৰ পেলাই যোৱা এক দৃশ্য ৷ হয়তো এইজাক পক্ষীৰ কলকলনিত বহুতে পাহৰিছে মনৰ বিষাদ, ক্লেশ কিম্বা হতাশা ৷ থমকি ৰৈছে বাটৰুৱা ৷ ভাৱিবলৈ বাধ্য হৈছে, নীল আকাশত শামুকভঙা, বগলী, পানী কাউৰী আৰু কনামচৰীয়ে কিহৰ মেলা পাতিছে ? বিগত পাঁচটা বছৰে বাটৰুৱাৰ দৃষ্টি আকৰ্ষণ কৰি অহা এই পক্ষীজাকে গাঁওখনৰ ৰাইজক দুই এক সমস্যাৰ সৃষ্টি কৰিছে যদিও সেইয়া আৰ্শীবাদ বুলিহে গন্য কৰে গাঁওখনৰ লোকে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.