বড়োভূমিত এনকাউন্টাৰ:কেনেকৈ সংঘটিত হৈছিল সেই এনকাউন্টাৰ ?

author img

By

Published : Sep 18, 2021, 8:03 PM IST

Press conference of Additional Superintendent of Police

বড়োভূমিত এনকাউন্টাৰৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ কৰিছে ৷ কেনেকৈ সংঘটিত হৈছিল সেই এনকাউন্টাৰ ? ৰাজ্যৰ জুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষীৰ অধীক্ষকৰ সংবাদমেল ৷ ঘটনা সন্দৰ্ভত কি ক'লে আৰক্ষীৰ বিষয়া গৰাকীয়ে ? জানিবলৈ সবিশেষ পঢ়ক...

কোকৰাঝাৰ, ১৮ ছেপ্টেম্বৰ : কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী এলেকাৰ লুংছুঙত শনিবাৰে পুৱতি নিশা আৰক্ষীৰে সৈতে হোৱা সংঘৰ্ষত দুগৰাকী সন্দেহযুক্ত ইউএলবি সদস্যৰ নিহত হোৱা ঘটনাক কেন্দ্ৰ কৰি জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । সংঘৰ্ষত নিহত যুৱকদ্বয়ক জিলাখনৰে টিপকাইৰ জনক ব্ৰহ্ম আৰু পাটগাঁৱৰ জৌংসাৰ মুছাহাৰী বুলি জানিব পৰা গৈছে । ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে দুটা পিষ্টল, কেইবাজাই গুলী, 8 টা হেণ্ড গ্ৰেণেড, কম্বল, প্লাষ্টিক, খাদ্য সামগ্ৰী আৰু আন বহুতো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে ৷

শনিবাৰে বিয়লী কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ প্ৰেক্ষাগৃহত আয়োজিত হোৱা এক সংবাদমেলত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচাৰে ঘটনাৰ বিৱৰণি প্ৰকাশ কৰে ৷ তেওঁ কয়, কিছুদিনৰ পৰা কোকৰাঝাৰৰ উত্তৰাঞ্চলত এক বিশেষ চক্ৰই ধনদাবীৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷ আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি শুকুৰবাৰে দুৰ্ষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ ঘাইপথত তালাচী চলাইছিল ।

লগতে পঢ়ক: প্ৰমাণ প্ৰত্ৰ প্ৰদানৰ নামত ধন সংগ্ৰহ নকৰিবলৈ গাঁও প্ৰধানক সকীয়নি জয়ন্ত মল্ল বৰুৱাৰ

তালাচীৰ কালত আৰক্ষীৰ বেহু ভাঙি দুজন যুৱক পলায়ন কৰিবলৈ সক্ষম হয় যদিও উক্ত যুৱকদুজন আফলাগাঁৱৰ সমীপত এক দুৰ্ঘটনাত পতিত হয় । স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে দুৰ্ষ্কৃতিকাৰীদ্বয়ক কৰায়ত্ব কৰে আৰু তেওঁলোকৰ পৰা পিষ্টল, দা আদি জব্দ কৰা হয় ৷

যুৱক দুজনৰ পৰা আৰক্ষীয়ে ১৮ হাজাৰ টকাও জব্দ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সেৰফাংগুৰী থানাত এক গোচৰ ৰজু কৰে । সেৰফাংগুৰী থানাত যুৱকদ্বয়ক সোধপোচ কৰাত তেওঁলোকে নৱগঠিত ইউএলবি নামৰ সংগঠনটোৰ সদস্য বুলি পৰিচয় দিয়ে ৷

বড়োভূমিত এনকাউন্টাৰ:কেনেকৈ সংঘটিত হৈছিল সেই এনকাউন্টাৰ ?

লগতে পঢ়ক: নলবাৰীৰ শক্তি বিভাগত বিয়াগোম কেলেংকাৰীৰ অভিযোগ

ইয়াৰ লগতে নৱগঠিত ইউএলবি নামৰ সংগঠনটোৰ আন সদস্যসকলৰ বিষয়েও আৰক্ষীক অৱগত কৰে । আৰক্ষীৰ জেৰাত উল্টাপানী অঞ্চলত তেওঁলোকৰ এটা অস্থায়ী কেম্প আছে বুলি স্বীকাৰ কৰাত শুকুৰবাৰে নিশাই আৰক্ষীয়ে তেওঁলোকক লগত লৈ উল্টাপানী বনাঞ্চললৈ যায় ।

যুৱকদ্বয়ক লগত লৈ আৰক্ষীয়ে গভীৰ অৰণ্যত উগ্ৰপন্থীৰ কেম্পৰ সন্ধানত যোৱাৰ সময়তে আৰক্ষীৰ দলটোলৈ লক্ষ্য কৰি বিপৰীত দিশৰ পৰা দুৰ্ষ্কৃতিকাৰীয়ে ধাৰাষাৰ গুলীচালনা কৰে আৰু সেই সুযোগতে যুৱকদ্বয় পলায়ন কৰে । দুয়োপক্ষৰ মাজত কমেও ৩০ মিনিট ধৰি গুলীচালনা সংঘটিত হয় আৰু পৰিৱেশ শান্ত হৈ পৰাত আৰক্ষীয়ে অঞ্চলটোত তালাচী চলোৱাত গুৰুতৰভাৱে আহত অৱস্থাত উক্ত যুৱকদ্বয়ক উদ্ধাৰ কৰে ।

লগতে পঢ়ক: ভংগ হ’ল পিডিচিকে: সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰাৰ কথা ভবা নাই সংবিজিতে

আহত যুৱকদ্বয়ক আৰক্ষীয়ে চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । পিছত সংঘৰ্ষত নিহত যুৱকদ্বয়ক টিপকাইৰ জনক ব্ৰহ্ম আৰু পাটগাঁৱৰ জৌংসাৰ মুছাহাৰী বুলি চিনাক্ত কৰা হয় । নিহত দুগৰাকী পূৰ্বতে এনডিএফবিৰ সদস্য আছিল আৰু তেওঁলোক ম্যানমাৰত প্ৰশিক্ষণ লৈছিল বুলি সংবাদমেলত সদৰী কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচাৰে ৷

তদুপৰি অভিযানকালত নৱগঠিত ইউএলবিৰ অস্থায়ী কেম্পটোও ধ্বংস কৰে আৰক্ষীয়ে । কোকৰাঝাৰ জিলাত ৭-৮ গৰাকী ইউএলবি কেডাৰ-সমৰ্থক আছে আৰু নিহত যুৱকদ্বয়ৰ কল ৰেকৰ্ডৰ পৰা বহু তথ্য লাভ কৰা হৈছে বুলি সদৰী কৰিছে সুৰজিৎ সিং পানেচাৰে ৷

লগতে পঢ়ক: মেৰাপানীত নগাৰ আগ্ৰাসন, অসমীয়া লোকৰ ভূমি বেদখল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.