ETV Bharat / state

অভিশপ্ত শুকুৰবাৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তত চাৰিজনৰ মৃত্যু, এজন সন্ধানহীন - accident in Assam

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 9:26 PM IST

Assam tragic incidents : ৰাজ্যত একেদিনাই চাৰিটাকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ তিনিটাকৈ শোকাৱহ দুৰ্ঘটনাত 4 গৰাকীৰ মৃত্যু হোৱাৰ লগতে, এজন লোক সন্ধানহীন আৰু এজন লোক আহত হৈছে ৷

4 people died in various incident in Assam, one missing
ৰাজ্যৰ ভিন্ন প্ৰান্তত চাৰিজনৰ মৃত্যু, এজন সন্ধানহীন (ETV BHARAT ASSAM)

নিউজ ডেস্ক, 3 মে’ : অভিশপ্ত শুকুৰবাৰ ৷ ৰাজ্যত সঘনাই পুখুৰী বা নদীত বিভিন্ন কাৰণত নামিবলৈ গৈ লোক মৃত্যুৰ মুখত পৰাকে ধৰি সন্ধানহীন হৈ থকাৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ তাৰপিচতো আজিও যেন সজাগ হোৱা নাই একাংশ লোক ৷ বৰপেটাৰোডৰ ঘটনাৰ দুখ মাৰ নৌযাওঁতেই এইবাৰ ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে ৷

প্ৰথমটো ঘটনা শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ জাঁজীত সংঘটিত হৈছে । পুখুৰীত পৰি মৃত্যু হয় এগৰাকী যুৱকৰ । মৃত যুৱকজন টীয়ক মাছকুৰি গাঁৱৰ জান বৰা (35)। জাঁজী বলমীয়া গাঁৱৰ উপ স্বাস্থ্যকেন্দ্ৰ নিৰ্মাণত পকামিস্ত্ৰী হিচাপে কাম কৰিছিল জান বৰাই ।

বৃহস্পতিবাৰে সন্ধিয়া জান বৰা নামৰ যুৱকজন গা-ধুবলৈ গৈ পুখুৰীত পৰি মৃত্যু হোৱাৰ সন্দেহ । গা-ধুবলৈ গৈ জান উভতি নহাত তেওঁৰ লগত থকা অন্য চাৰি সহকৰ্মীয়ে পুখুৰীত পৰি থকাৰ সন্দেহ কৰে । ফলত তেওঁলোকে পুখুৰীত নামি বিচাৰ-খোচাৰ কৰাত মৃত অৱস্থাত উদ্ধাৰ কৰে জানক ৷

ঘটনাৰ পিচতে স্থানীয় লোকে গৌৰীসাগৰ আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত গৌৰীসাগৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ প্ৰাথমিক তদন্তৰ বাবে চাৰিজন সহকৰ্মীক সোধা পোছাৰ বাবে আটক কৰিছে ।

দ্বিতীয়টো ঘটনা সংঘটিত হৈছে গোলাঘাট জিলাৰ বোকাখাট সমষ্টিৰ অন্তৰ্গত কুৰুৱাবাহীৰ ধনশিৰি নৈত ৷ ধনশিৰি নৈৰ খহনীয়াৰ প্ৰতিৰোধ স্পাৰৰ তলত চিতল মাছ ধৰিবলৈ নামি সন্ধানহীন হয় এজন লোক । সন্ধানহীন হোৱা লোকজনৰ নাম মিথিৰাম মিচং বুলি জানিব পৰা গৈছে ।

ধনশিৰি নদীৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ দিয়া স্পাৰৰ তলত কণীপৰা চিতল মাছ ধৰিবলৈ নামিছিল তিনিজন লোক । তাৰে মিথিৰাম মিচং পানীত ডুব মাৰি আৰু ওলাই নাহিল । এই খবৰ বিয়পি পৰাৰ লগে লগে হুৱা-দুৱা লাগে স্থানীয় ৰাইজৰ মাজত । লগে লগে স্থানীয় ৰাইজে উদ্ধাৰ অভিযান চলাই আছে যদিও কোনোধৰণৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ।

তৃতীয়টো ঘটনাত, ডিমা হাছাও জিলাৰ উমৰাংচোৰ নিপকো ৰিজাৰ্ভত গা ধুবলৈ গৈ পানীত ডুব গৈ দুগৰাকী যুৱকৰ মৃত্যু ঘটে । শুকুৰবাৰে দিনৰ প্ৰায় 2 বজাত এই ঘটনা সংঘটিত হয় ।

জানিব পৰা মতে, 6 গৰাকী যুৱক উমৰাংচো গলফ কোৰ্চৰ নিপকো ৰিজাৰ্ভত গা ধুবলৈ গৈছিল । ইয়াৰ পিচতে 4 গৰাকী যুৱক গা ধুবলৈ পানীত নামে আৰু দুগৰাকী যুৱক এখন নাৱত উঠি খেলি থকাৰ সময়তে নাওখন বাগৰি পৰে ৷ তাৰ পিচতে দুই গৰাকী কিশোৰ পানীত ডুব যায় ।

এই খবৰ লাভ কৰি স্থানীয় ৰাইজ উমৰাংচো আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ তাৰ পিচতে অগ্নি নিৰ্বাপক বাহিনীৰ উদ্ধাৰকাৰী দল বিয়লি প্ৰায় 3 মান বজাত ঘটনাস্থলীত উপস্থিত হৈ দুয়োগৰাকী কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰে ৷ দুই গৰাকী কিশোৰৰ ঘৰ উমৰাংচো 16 কিল’ এলেকাৰ যমুনা নগৰৰ বাসিন্দাত । এই ঘটনাই উমৰাংচোৰ যমুনা নগৰত শোককুল পৰিৱেশৰ সৃষ্টি কৰিছে ।

চতুৰ্থ ঘটনা অনুসৰি, শুকুৰবাৰে বিয়লি লখিমপুৰৰ সোৱণশিৰি নদীৰ দলঙত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । দলঙৰ ওপৰতে এখন কাঠ ভৰ্তি ট্ৰাক বাগৰি পৰাৰ ফলত এজনৰ মৃত্যু হয় । এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় চালকজন ।

জানিব পৰা মতে, ধেমাজিৰ পৰা লখিমপুৰৰ বগীনদীলৈ এ এছ 07 চি 7707 নম্বৰৰ ট্ৰাকখনে কাঠৰ তক্তা কঢ়িয়াই আনিছিল । ট্ৰাকখন আহি 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সোৱণশিৰি নদীৰ ওপৰত থকা দলংখনত উঠি কিছু দূৰ অহাৰ সময়তে হঠাৎ নিয়ন্ত্রণ হেৰুৱাই দলঙৰ ওপৰতে বাগৰি পৰে । ট্ৰাকখন লুটি-বাগৰ মাৰি দলঙৰ ওপৰতে বাগৰি পৰে যদিও সৌভাগ্যক্ৰমে তললৈ সৰি নপৰিল ৷

এই দুৰ্ঘটনাৰ ফলত ট্ৰাকখনত থকা বগীনদী নিবাসী সৰ্বানন্দ সোণোৱাল (32) নামৰ যুৱকজনৰ মৃত্যু হয় । আনহাতে ট্ৰাকখনৰ চালক বগীনদী নিবাসী কুমুদ সোণোৱাল দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় । আহতগৰাকীক ততাতৈয়াকৈ লখিমপুৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে । ৰাইজৰ মতে, ট্ৰাকখনৰ স্প্ৰিং ভাগি যোৱাৰ ফলত নিয়ন্ত্রণ হেৰুৱাই এনেদৰে ট্ৰাকখন দলঙৰ ওপৰতে বাগৰি পৰে ।

লগতে পঢ়ক: পানী যোগান আঁচনিৰ টেংকীত কুকুৰৰ মৃতদেহ - Water Supply Scheme in Jorhat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.