ETV Bharat / state

পানী যোগান আঁচনিৰ টেংকীত কুকুৰৰ মৃতদেহ - Water Supply Scheme in Jorhat

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 7:00 PM IST

Assam Public Health Engineering Department: জনস্বাস্থ্যৰ প্ৰতি চূড়ান্ত হেমাহি বিভাগৰ ৷ পানী যোগান আঁচনিৰ টেংকীত ওলাল কুকুৰৰ মৃতদেহ ৷ সেই পানীয়েই বিগত সময়ত সেৱন কৰি আছিল ৰাইজে ৷

JORHAT WATER SUPPLY
পানী যোগান আঁচনিৰ টেংকীত কুকুৰৰ মৃতদেহ (ETV Bharat Assam)

যোৰহাট, 3 মে’: পানী যোগান আঁচনিৰ টেংকীত কেবাদিনো ধৰি পৰি থাকিল কুকুৰৰ মৃতদেহ, ঘটনা পোহৰলৈ অহাৰ পিচত যোৰহাটৰ চাৰিগাঁৱত সৃষ্টি হৈছে চাঞ্চল্যৰ । পানী যোগান আঁচনিখনৰ পৰা পানীৰ সংযোগ থকা অঞ্চলটোৰ চাৰি শতাধিক পৰিয়ালে পানী সেৱন কৰি আছিল ।

যোৰহাটৰ ভৰালীচুকস্থিত চাৰিগাঁও ২ নং পানী যোগান আঁচনিত সংঘটিত হৈছে কোনেও কল্পনা কৰিব নোৱৰা এই ভয়ংকৰ ঘটনা । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত থকা এই পানী যোগান আঁচনিৰ ফিল্টাৰ টেংকীত উদ্ধাৰ হয় এটা মৃত কুকুৰ ।

চাৰি-পাঁচদিন ধৰি কুকুৰটো পানী যোগান আঁচনিখনৰ পানী টেংকীটোত পৰি মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে । কুকুৰৰ মৃতদেহটো উৱলি যাবলৈ আৰম্ভ কৰা অৱস্থাত পানী যোগান আঁচনিখনত থকা এগৰাকী অস্থায়ী কৰ্মীয়ে দেখা পাই সকলোকে অৱগত কৰোৱায় ।

ইতিপূৰ্বে এই পানী যোগান আঁচনিখনৰ পৰা পানীৰ সংযোগ থকা অঞ্চলটোৰ চাৰি শতাধিক পৰিয়ালে পানী সেৱন কৰি আছিল । পানীৰ টেংকীত কুকুৰ মৃতদেহ উদ্ধাৰৰ পিচতে বৰ্তমান অঞ্চলটোৰ বহুলেকে পানীৰ বটল ক্ৰয় কৰি ব্যৱহাৰ কৰিবলগীয়া হৈছে ।

উল্লেখ্য যে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যোৰহাট সংমণ্ডলৰ অধীনৰ পানী যোগান আঁচনিখনৰ পানী টেংকীটোৰ ওপৰত নাছিল কোনো সুৰক্ষামূলক ব্যৱস্থা ৷ তদুপৰি আঁচনিখনত নাই এজনো স্থায়ী কৰ্মচাৰী । এজন অস্থায়ী কৰ্মচাৰী দীৰ্ঘদিন ধৰি নিয়োজিত হৈ আছে পানী যোগান আঁচনিখনত ।

ইতিমধ্যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দল আহি ঘটনা নিৰীক্ষণ কৰি টেংকী পৰিস্কাৰ কৰিবলৈ আৰম্ভ কৰে । এনেধৰণৰ ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ বাবে স্থানীয় ৰাইজে জনস্বাস্থ্য কাৰিকৰী বিভাগক আহ্বান জনাইছে ৷

লগতে পঢ়ক: চৰাইদেউ-মৰিয়নীত মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.