অসম

assam

আই কে সংবিজিতে ক’লে ‘‘মই সন্ত্ৰাসবাদী কিম্বা হত্যাকাৰী নহয়’’

By

Published : Nov 7, 2021, 9:14 PM IST

কামৰূপ আৰু মৰিগাঁও জিলা কাৰ্বি সমাজৰ উদ্যোগত দেওবাৰে পাথৰকুঁৱেৰী ক্ৰীড়া সন্থাৰ খেলপথাৰত কাৰ্বি শান্তি চুক্তি স্বাক্ষৰকাৰীক বিশেষ সম্বৰ্ধনা জনোৱা হয় । উক্ত অনুষ্ঠানত উপস্থিত থকা দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই শান্তি চুক্তিয়ে কাৰ্বি আংলঙ আৰু ডিমা হাছাওৰ বাহিৰত বসবাস কৰা কাৰ্বিসকলক উপকৃত কৰিব বুলি মন্তব্য কৰে ৷

felicitation-ceremony-of-karbi-peace-accord-signatories
মই সন্ত্ৰাসবাদী কিম্বা হত্যাকাৰী নহয় : সংবিজিত

গুৱাহাটী, 7 নৱেম্বৰ :কাৰ্বি পাহাৰত দশক জুৰি চলা সংগ্ৰামৰ ফলস্বৰূপে যোৱা ৪ ছেপ্টেম্বৰত নতুন দিল্লীত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে এক ঐতিহাসিক কাৰ্বি শান্তি চুক্তি স্বাক্ষৰিত হৈছিল । এসময়ত হাতত অস্ত্ৰ তুলি লৈ সুদীৰ্ঘ কাল পাহাৰীয়া জিলা কাৰ্বি আংলঙত সশস্ত্ৰ তৎপৰতা ৰখাৰ পিছত মূল সুঁতিলৈ উভতি অহা কাৰ্বি চুক্তি স্বাক্ষৰকাৰী ছয় টাকৈ সংগঠনৰ নেতৃবৃন্দক দেওবাৰে কামৰূপ আৰু মৰিগাঁও জিলাৰ কাৰ্বি সমাজে পৰম্পৰাৰ মাজেৰে বিপুল আদৰণি জনায় ।

মই সন্ত্ৰাসবাদী কিম্বা হত্যাকাৰী নহয় : সংবিজিত

এই উপলক্ষে দেওবাৰে দিনৰ ভাগত মহানগৰী পাথৰকুঁৱেৰীস্থিত নাৰেংগী ক্ৰীড়া সন্থাৰ খেলপথাৰ আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত PDCK ৰ প্ৰাক্তন অধ্যক্ষ সংবিজিত ইংতি কাথাৰ, প্ৰাক্তন উপাধ্যক্ষ কংকাত টেৰণ, KNLLF ৰ প্ৰাক্তন অধ্যক্ষ পি দিলি, সাধাৰণ সম্পাদক থং টেৰণ, উপাধ্যক্ষ হাবে টকবি , CNC সঞ্জা তিমুং, KPLTS ৰ অধ্যক্ষ দনৰি ক্ৰামচা আদিকে ধৰি চুক্তি স্বাক্ষৰ কাৰী ছটা সংগঠনৰ নেতৃবৃন্দক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।

অসম চৰকাৰৰ প্ৰাক্তন প্ৰশাসনিক বিষয়া লংকি ফাংচুৰ সভাপতিত্বত অনুষ্ঠিত এই বিশেষ সম্বৰ্ধনা অনুস্থানত উপস্থিত থাকে ৫২ নং দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰা, কাৰ্বি সমাজৰ ডিমৰীয়া ৰজা হলিসিং ৰংহাং, কাৰ্বি উন্নয়ন পৰিষদৰ অধ্যক্ষ ৰঞ্জিত ৰংহাং আদিকে ধৰি কেইবাটাও কাৰ্বি সংগঠনৰ নেতৃবৃন্দ ।

আনহাতে সাংবাদিকৰ এক প্ৰশ্নত সংবিজিতে উল্লেখ কৰে যে আলফা স্বাধীনৰ সভাপতি পৰেশ বৰুৱাই মূল সূঁতিলৈ ঘূৰি আহি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগতে আলোচনাপন্থী আলফা গোটৰ সৈতে মিলিত হৈ আলোচনা কৰিলে সমস্যা সমাধান হোৱাৰ আশা আছে । তদুপৰি সংবিজিতে নিজকে হত্যাকাৰী কিম্বা সন্ত্ৰাসবাদী নহয় বুলি উল্লেখ কৰি জাতিৰ স্বাৰ্থত সশস্ত্ৰ সংগ্ৰাম কৰিছিল বুলিহে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে ।

ইফালে, ভাষণ প্ৰসংগত বিধায়ক অতুল বৰাই কাৰ্বি শান্তি চুক্তিয়ে অসমত বিকাশ আৰু প্ৰগতিৰ এক নতুন পথ মুকলি কৰাৰ লগতে কাৰ্বি-আংলং আৰু ডিমা হাছাওৰ বাহিৰত বসবাস কৰা কাৰ্বিসকলো উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে ৷

লগতে পঢ়ক :লামডিং বনাঞ্চলত উচ্ছেদৰ পূৰ্বে একাংশই এৰিছে ঘৰ-বাৰী

ABOUT THE AUTHOR

...view details