ETV Bharat / state

লামডিং বনাঞ্চলত উচ্ছেদৰ পূৰ্বে একাংশই এৰিছে ঘৰ-বাৰী

author img

By

Published : Nov 7, 2021, 1:21 PM IST

as_hojai_01_06nov_lumding_forest_vis_byte_photo_10015
লামডিং বনাঞ্চলত উচ্ছেদৰ পূৰ্বে একাংশই এৰিছে নিজ ঘৰ-বাৰী

8 আৰু 9 নৱেম্বৰত লামডিং বনাঞ্চলত প্ৰশাসনৰ তৰফৰ পৰা চলোৱা হ’ব উচ্ছেদ অভিযান ৷ উচ্ছেদৰ পূৰ্বেই নিজ নিজ ঘৰ এৰি শিবিৰলৈ ঢাপলি মেলিছে অঞ্চলটোত বাস কৰা পৰিয়ালসমূহে ৷

হোজাই, 7 নৱেম্বৰ : ৰাজ্য চৰকাৰৰ নিৰ্দেশমৰ্মে চৰকাৰী ভূমিত অবৈধভাৱে বসবাস কৰা লোকসকলৰ উচ্ছেদ অভিযান অব্যাহত আছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে 8 আৰু 9 নৱেম্বৰত লামডিং বনাঞ্চলত চলোৱা হ’ব উচ্ছেদ ৷ প্ৰশাসনে ইতিমধ্যে উচ্ছেদৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে ৷

উচ্ছেদৰ পূৰ্বে লামডিং বনাঞ্চলত অবৈধভাৱে বসবাস কৰি থকা একাংশ লোকে এৰিছে ঘৰ-দুৱাৰ ৷ লামডিং বনাঞ্চলৰ ভূমিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভূমিহীন লোকে বিগত 30-40 বছৰৰ পৰা বাস কৰি আহিছিল ৷ এই বনাঞ্চলতে দালালৰ পৰা অতি কম পৰিমাণৰ ধনৰ বিনিময়ত 10-20 বিঘাকৈ মাটি ক্ৰয় কৰিছিল এইসকল লোকে ৷

লামডিং বনাঞ্চলত উচ্ছেদৰ পূৰ্বে একাংশই এৰিছে ঘৰ-বাৰী

কিন্তু এতিয়া প্ৰশাসনৰ পৰা উচ্ছেদৰ জাননী পোৱাৰ পিছতে দিশহাৰা হৈ পৰিছে এই লোকসকল ৷ দৰঙৰ গৰুখুঁটিৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নহওক বুলিয়ে তেওঁলোকে উচ্ছেদৰ পূৰ্বেই নিজ ঘৰ-দুৱাৰ এৰি শিবিৰত বাস কৰিবলৈ আৰম্ভ কৰিছে ৷

আনহাতে, যিসকল দালালে তেওঁলোকক ধনৰ বিনিময়ত বনাঞ্চলখনত মাটি প্ৰদান কৰিছিল, তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী ভুক্তভোগী লোকসকলৰ ৷ ইয়াৰ লগতে চৰকাৰক তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈও দাবী জনাইছে লোকসকলে ৷ উল্লেখ্য যে, উচ্ছেদৰ পূৰ্বে কোনো অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি নহ’বলৈ উক্ত অঞ্চলত স্থানীয় আৰক্ষী নিয়োগ কৰা হৈছে ৷

লগতে পঢ়ক : বাৰাংহাটীত মূৰ্তিসহ গভাইত চোৰ আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.