অসম

assam

ৰঙিয়াত নিৰ্মাণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ

By

Published : Oct 9, 2021, 10:35 AM IST

Protest

ৰাজ্যজুৰি নিৰ্মাণ শ্ৰমিক সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদৰ অংশ স্বৰূপে ৰঙিয়াৰ শ্ৰম পৰিদৰ্শকৰ কাৰ্যালয় উত্তাল কৰি তোলে সংগঠনটোৱে ।

ৰঙিয়া, ৯ অক্টোবৰ :শুকুৰবাৰেদেশজুৰি নিৰ্মাণ শ্ৰমিক সন্থাই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । সমান্তৰালকৈকামৰূপ জিলাৰৰঙিয়াতো শুকুৰবাৰৰ দিনটোত দেখা গ'ল নিৰ্মাণ শ্ৰমিকৰ প্ৰতিবাদী কাৰ্যসূচী । শ্ৰমিকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত সন্থাই উত্তাল কৰি তোলে ৰঙিয়া চহৰ ।

নিৰ্মাণ শ্ৰমিক কল্যাণ আইন ৰক্ষা কৰা, শ্ৰমিকৰ ধন শ্ৰমিকৰ কল্যাণৰ হকে খৰচ কৰা, ভুৱা নিৰ্মাণ শ্ৰমিক পঞ্জীয়ন বন্ধ কৰা আদিকে ধৰি বহু কেইটা দাবীত ৰঙিয়াৰ শ্ৰম পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে শ্ৰমিক সন্থাই । সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন, কামৰূপ জিলা কমিটিৰ উদ্যোগত নিৰ্মাণ শ্ৰমিকসকলে শ্ৰমিক ভৱনৰ পৰা শ্ৰম পৰিদৰ্শকৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী শোভাযাত্ৰাৰো আয়োজন কৰে ।

প্ৰতিবাদকাৰীসকলে পাছত শ্ৰম বিষয়াৰ যোগেদি মুখ্যমন্ত্ৰীলৈ দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে । আনহাতে শ্ৰমিকৰ ওপৰেদি গাড়ী চলোৱা সুৰাপায়ী তথাকথিত মডেল ৰাজকন্যা বৰুৱাক কঠোৰ শাস্তিৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক :স্বাস্থ্য পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ ডাঃ নভনীল বৰুৱাক

ABOUT THE AUTHOR

...view details