অসম

assam

সমাগত নিৰ্বাচনত গাদী এৰিবলৈ সাজু থাকক হাগ্ৰামা মাহিলাৰীঃ এবিএমছু

By

Published : Sep 20, 2019, 7:01 PM IST

নৱ শৰণীয়াৰ এটা সম্প্ৰদায়ৰ লগত বিশেষ সম্পৰ্ক থকা বুলি হাগ্ৰামা মহিলাৰীয়ে কটাক্ষ কৰাৰ প্ৰত‍্যুত্তৰত হাগ্ৰামা মহিলাৰীক উভতি ধৰে সদৌ বড়োভূমি সংখ‍্যালঘু ছাত্র সন্থা চমুকৈ এ বিএমছুৱে।

এবিএমছুৰ সংবাদ মেল

ৰঙিয়া, 20 চেপ্তেম্বৰঃ "জাত পাতৰ ৰাজনীতি কৰি পুনৰ বড়োভূমি উত্তপ্ত কৰি নুতুলিব,সমাগত নিৰ্বাচনত গাদী এৰিবলৈ সাজু থাকক। লগতে মাটিত বহাৰো অভ‍্যাস কৰক" ৰঙিয়াত এবিএমছুৱে আয়োজন কৰা এখন সংবাদ মেলত এবিএমছুৰ নেতৃত্বতই এইদৰে সকীয়নি প্ৰদান কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীক। কিছু দিন পূৰ্বে নৱ শৰণীয়াৰ এটা সম্প্ৰদায়ৰ লগত বিশেষ সম্পৰ্ক থকা বুলি হাগ্ৰামা মহিলাৰীয়ে কটাক্ষ কৰাৰ প্ৰত‍্যুত্তৰত হাগ্ৰামা মহিলাৰীক উভতি ধৰে সদৌ বড়োভূমি সংখ‍্যালঘু ছাত্র সন্থা চমুকৈ এবিএমছুৱে।

সমাগত নিৰ্বাচনত গাদী এৰিবলৈ সাজু থাকক হাগ্ৰামা মাহিলাৰীঃ এবিএমছু

শুকুৰবাৰৰ সংবাদ মেলখনত এবিএমছুৱে বহু কেইটা বিষয়ৰ ওপৰত আলোচনা কৰে ৷ দৰঙৰ বুঢ়া আৰক্ষী চকী কাণ্ডকলৈও মন্তব্য কৰে সংগঠনটোৰ সদস্যই ৷ ইতিমধ্যে সংঘটিত হৈ যোৱা এটা সত্য ঘটনাক সাম্প্ৰদায়িক ৰূপ নিদিবলৈ আহ্বান জনোৱাৰ লগতে কম সময়ৰ ভিতৰ দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী কৰে সংগঠনটোৱে ৷

ABOUT THE AUTHOR

...view details