অসম

assam

ৰঙিয়াত ৰহস্যজনকভাৱে অন্তৰ্ধান তিনিবাৰকৈ স্থাপন কৰা আধাৰশিলাৰ ফলক

By

Published : Aug 24, 2021, 3:11 PM IST

তিনিবাৰকৈ আধাৰশিলা স্থাপন হোৱা পথত বাঁহ বান্ধি স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ ৷ পথটো নিৰ্মাণ হোৱাতো বাদেই, শেহতীয়াকৈ নিৰ্মাণৰ অনুমোদন লাভ কৰা পথটোৰ আধাৰশিলাৰ ফলকখনেই অন্তৰ্ধান হ’ল ৷ যাক লৈ ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ ক’ত আছে এই জৰাজীৰ্ণ পথটো ? চাওক এই প্ৰতিবেদন...

public protest at rangia
ৰঙিয়াত পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ

ৰঙিয়া, 24 আগষ্ট: এটেনশ্যন বিধায়ক মহোদয় ! তিনিবাৰকৈ আধাৰশিলা স্থাপন কৰা আপোনাৰ সমষ্টিৰ এটা পথৰ কথা ক’ব বিচাৰিছো ৷ এবাৰ দুবাৰকৈ তিনিবাৰ পথটোৰ আধাৰশিলা স্থাপন কৰিছে ঠিকেই, কিন্তু আজিলৈকে পথটোহে নিৰ্মাণ হৈ নুঠিল ৷ কেৱল এয়াই নহয় ৷

চলিত বৰ্ষৰ নিৰ্বাচনৰ পূৰ্বে পথটো নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰে স্থানীয় বিধায়ক ভৱেশ কলিতাই(Bhabesh Kalita) খোদ যিটো আধাৰশিলা স্থাপন কৰিছিল, সেই আধাৰশিলাৰ ফলক অন্তৰ্ধান হৈ পৰিল ৷ কিন্তু কেনেকৈ ? এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

এতিয়া আহো মূল প্ৰসংগলৈ ৷ ৰঙিয়া সমষ্টিৰ অন্তৰ্গত তুলসীবাৰীৰ ৰাজপথত মঙলবাৰে বাঁহ বান্ধি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে ৷ কিয়নো বিধায়ক ভৱেশ কলিতাই তিনিবাৰকৈ আধাৰশিলা স্থাপন কৰা মূল পথটো আজিও আছে জৰাজীৰ্ণ অৱস্থাত ৷

ৰঙিয়াত পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ

সুচল যাতায়াত কৰাতো বাদেই, জৰুৰীকালিন সময়তো এই জৰাজীৰ্ণ পথটোৰে বৃহত্তৰ অঞ্চলটোলৈ এম্বুলেঞ্চ অথবা অগ্নি নিৰ্বাপক বাহিনীৰ বাহন যাব নোৱাৰাৰ বাবে আন এক সমস্যাই দেখা দিছে অঞ্চলবাসীৰ মাজত । তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখেৰে আই টি আইলৈ যাতায়াত কৰিব পৰা পথটো আজি পৰ্যন্ত নিৰ্মাণ কৰা দেখা নগ’ল ৷

ইয়াৰ মাজতে অঞ্চলবাসীৰ মাজলৈ অকণমান সুখৰ ৰেঙণি নামি আহিছিল যদিও সেয়াও লাভ কৰাৰ পৰা বঞ্চিত হ’ল এইসকল দুৰ্ভগীয়া লোকে ৷ কিয়নো শেহতীয়াকৈ পথটো নিৰ্মাণৰ বাবে চৰকাৰৰ পৰা অনুমোদন লাভ কৰিছিল যদিও নিৰ্মাণৰ পূৰ্বেই আধাৰশিলাৰ ফলকখন অন্তৰ্ধান হৈ পৰিল ৷

লগতে পঢ়ক:তিনিটা দশকে হৈ নুঠা পথৰ নিৰ্মাণ আৰম্ভ হ’ল: লগে লগে আৰম্ভ অনিয়ম

অনুমোদিত পথটোৰ পৰিৱৰ্তে অন্য স্থানৰ পথত সেই ধন ব্যায় কৰাৰ আশংকা ঘণীভূত হৈছে স্থানীয় ৰাইজৰ মনত । এই ঘটনাই ক্ষোভিত কৰি তুলিছে তুলসীবাৰীবাসী ৰাইজক ৷ কোনে আৰু কিয় পথ নিৰ্মাণৰ পূৰ্বে আধাৰশিলাৰ ফলকখন আঁতৰাই দিলে, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৰাইজৰ মাজত ৷ পথৰ এই দুৰাৱস্থাৰ বাবে স্থানীয় বিধায়কলৈ ক্ষোভ উজাৰে অঞ্চলবাসীয়ে ৷

শীঘ্ৰেই পথটো নিৰ্মাণৰ দাবীৰে পথটোৰ সোঁমাজতে বাঁহ বান্ধি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে ৷ অচিৰেই পথ নিৰ্মাণৰ কাম আৰম্ভ নকৰিলে অনিৰ্দিষ্ট কাললৈ পথটো বন্ধ কৰি ৰখাৰ হুংকাৰ দিয়ে প্ৰতিবাদী ৰাইজে ।

গতিকে প্ৰশ্ন হয়, তিনিবাৰকৈ আধাৰশিলা স্থাপন হোৱা এই মূল পথৰ নিৰ্মাণ দেখিবলৈ পাবনে তুলসীবাৰীয়ে ? অনুমোদন লাভ কৰাৰ পাচতেই অন্তৰ্ধান হোৱা আধাৰশিলাৰ ফলকৰ আঁৰত কোন আছে?

প্ৰতিগৰাকী স্থানীয় জনপ্ৰতিনিধিয়ে নিৰ্বাচনৰ পূৰ্বে আধাৰশিলা স্থাপন কৰে যদিও নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা তালিকাখন খুবেই চুটি ৷ নিৰ্বাচন আহিছে, নিৰ্বাচন গৈছে ৷ ইয়াৰ লগে লগে প্ৰতিশ্ৰুতি ভৰা ভাষণেৰে আধাৰশিলাও স্থাপন হৈ আছে ৷ কিন্তু এই আধাৰশিলা যেন একো একোটা ‘Joke’তহে পৰিণত হৈছে ৷

লগতে পঢ়ক:চৰকাৰৰ অৱহেলা: যাতায়তৰ বাবে বাঁহৰ সাঁকো নিৰ্মাণ কৰিলে মাদৈকাটাৰ ৰাইজে

ABOUT THE AUTHOR

...view details