ETV Bharat / state

চৰকাৰৰ অৱহেলা: যাতায়তৰ বাবে বাঁহৰ সাঁকো নিৰ্মাণ কৰিলে মাদৈকাটাৰ ৰাইজে

author img

By

Published : Aug 18, 2021, 8:38 PM IST

চৰকাৰে দলং নিৰ্মাণ নকৰে ৷ বিপদ সংকুলভাৱে যাতায়ত কৰিছে ৰঙিয়াৰ মাদৈকাটাৰ ৰাইজে ৷ উপায়হীন হৈ যাতায়তৰ সুবিধাৰ্থে ৰাইজে নিৰ্মাণ কৰি ল'লে বাঁহৰ সাঁকো ৷

poor condition of a road in rangia
যাতায়তৰ বাবে বাঁহৰ সাঁকো নিৰ্মাণ কৰিলে মাদৈকাটাৰ ৰাইজে

ৰঙিয়া, 18 আগষ্ট : যাতায়তৰ সু-ব্যৱস্থা নথকাৰ বাবে বিপদ-সংকুলভাৱে যাতায়ত কৰিছে ৰঙিয়াৰ মাদৈকাটাৰ ৰাইজে ৷ বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰিও মাদৈকাটাৰ ৰাইজে লাভ নকৰিলে এখন পকী দলং ৷ এনে পৰিপেক্ষিতত যাতায়তৰ সুবিধা হোৱাকৈ বাঁহৰ সাঁকো নিৰ্মাণ কৰি লৈছে ৰঙিয়াৰ মাদৈকাটাৰ ৰাইজে ৷

ৰাইজে নিৰ্মাণ কৰা এই বাঁহৰ সাঁকোডাল আছে ৰঙিয়াৰ মাদৈকাটা গাঁৱৰ সমীপৰ এটা দ-খাৱৈৰ ওপৰত ৷ অৰ্থাৎ ৰঙিয়াৰ মাদৈকাটা গাঁও আৰু নিগনিৰ দল চুবুৰীৰ মাজত সংযোগ স্থাপন কৰিছে এই বাঁহৰ সাঁকোডালে ৷ দুয়োখন গাঁৱৰ মাজৰ 200 মিটাৰ দৈৰ্ঘ্যৰ এই বাঁহৰ সাঁকোৰ ঠাইত এখন দলং নোহোৱাৰ বাবেই যাতায়তৰ ক্ষেত্ৰত যমৰ-যাতনা ভুগিবলগীয়া হৈছ অঞ্চলটোৰ লোকে ৷

যাতায়তৰ বাবে বাঁহৰ সাঁকো নিৰ্মাণ কৰিলে মাদৈকাটাৰ ৰাইজে

লগতে পঢ়ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

স্থানীয় লোকে সাংবাদিকৰ আগত অভিযোগ কৰা মতে, এই ঠাইত এখন পকী দলং নিৰ্মাণ কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক বহু আবেদন কৰিছিল ৷ কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ পৰা আজিকোপতি কোনো সহাঁৰি লাভ নকৰিলে মাদৈকাটাৰ ৰাইজে ৷

তদুপৰি, স্থানীয় বিধায়ক আৰু পঞ্চায়ত প্ৰতিনিধিকো বহুবাৰ এই বাঁহৰ সাঁকো ডালৰ কথা অৱগত কৰিছে ৰাইজে ৷ ৰাইজৰ দাবীৰ ভিত্তিত বিগত সময়ত স্থানীয় বিধায়কৰ লগতে পঞ্চায়ত প্ৰতিনিধিয়ে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে ৷ কিন্তু সেই প্ৰতিশ্ৰুতি আজিও কাৰ্যত পৰিণত নোহোৱাৰ অভিযোগ তুলিছে স্থানীয় লোকে ৷

ইফালে, ৰঙিয়াৰ মাদৈকাটা গাঁৱৰ পৰা নিগনিৰ দল চুবুৰীলৈ সংযোগী মূল পথটোৰ অৱস্থাও অতি সোচনীয় ৷ স্থানীয় লোকে সদৰি কৰা মতে, বাৰিষাৰ কালত পথচোৱাৰ বহু কেইটা স্থানত একাঁঠুলৈকে বোকা হয় ৷ উক্ত পথটোৱে বাৰিষাৰ কালত যাতায়ত কৰিবলৈ হ'লে এশবাৰ ভাবিবলগীয়া হয় ৰঙিয়াৰ মাদৈকাটা গাঁৱৰ লগতে নিগনিৰ দল চুবুৰীৰ ৰাইজে ৷

লগতে পঢ়ক: জনা নজনা: ইতিহাসৰ আটাইতকৈ সৰু যুদ্ধখন

উল্লেখ্য যে, এই পথেৰে যাতায়ত কৰোতে পূৰ্বে সংঘটিত হৈছে কেইবাটাও সৰু-বৰ দুৰ্ঘটনা ৷ উল্লেখ্য যে, দুয়োখন গাঁৱৰ লোকৰ দৈনিক যাতায়তৰ মাধ্যম হৈছে এই পথটো ৷

গতিকে এই পথটো পুনৰ নিৰ্মাণৰ লগতে ৰঙিয়াৰ মাদৈকাটা গাঁও আৰু নিগনিৰ দল চুবুৰী মাজত থকা দ-খাৱৈটোৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে মাদৈকাটা গাঁৱৰ ৰাইজে ৷ লগতে স্থানীয় বিধায়ক গৰাকীকো এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক: বিহপুৰীয়াত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.