ETV Bharat / state

তিনিটা দশকে হৈ নুঠা পথৰ নিৰ্মাণ আৰম্ভ হ’ল: লগে লগে আৰম্ভ অনিয়ম

author img

By

Published : Aug 20, 2021, 7:26 PM IST

তিনিটা দশক ধৰি প্ৰায় পোন্ধৰখন গাঁৱৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত বিগত তিনিটা দশক ধৰি জীয়াতু ভুগি থকাৰ অন্তত নিৰ্মান হ’ল পথ ৷ পিছে নিৰ্মাণকাৰ্যত সংঘটিত হোৱা দুৰ্নীতিৰ বাবে ৰাইজ নামিব লগীয়া হ’ল ৰাজপথৰ প্ৰতিবাদত ৷ জানো আহক ক’ত সংঘটিত হ’ল এই ঘটনা ৷

scam-in-road-construction-of-bilashipara
তিনিটা দশকে হৈ নুঠা পথৰ নিৰ্মাণ আৰম্ভ হ’ল : লগে লগে আৰম্ভ অনিয়ম

পশ্চিম বিলাসীপাৰা, 20 আগষ্ট : ব্যপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে বিলাসীপাৰাৰ লক্ষীগঞ্জৰ পৰা দ্বিপৰকুটিলৈ নিৰ্মানৰত পথচোৱাৰ কামত ৷ পথ নিৰ্মাণৰ কামত অতি নিম্ন মানৰ সা সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজে ৷ এই অভিযোগৰ ভিত্তিত শেহতীয়াকৈ প্ৰতিবাদত নামিল শতাধিক ৰাইজ ৷

উল্লেখযোগ্য যে, যাতায়তৰ ক্ষেত্ৰত বিগত তিনিটা দশক ধৰি জীয়াতু ভুগি আহিব লগীয়া হৈছে অঞ্চলটোৰ প্ৰায় পোন্ধৰখন গাঁৱৰ ৰাইজে ৷ শেহতীয়াকৈ চৰকাৰে পথচোৱা পুনৰ নিৰ্মাণৰ বাবে SOPD আঁচনিৰ অধীনত ছয় কোটি টকা মুকলি কৰিছিল | বহুদিনীয়া যাতায়ত সমস্যাৰ জটি পৰা বুলি আশ্বস্ত হৈছিল ৰাইজ ৷

তিনিটা দশকে হৈ নুঠা পথৰ নিৰ্মাণ আৰম্ভ হ’ল : লগে লগে আৰম্ভ অনিয়ম

সেই মতে নিৰ্মাণৰ ঠিকা লাভ কৰাৰ পিছত এতিয়া ছপিয়াৰ ৰহমানে বিভাগীয় নিয়ম বহিৰ্ভূতভাৱে অতি নিম্ন মানৰ সা সামগ্ৰীৰে পথটোৰ নিৰ্মান কাৰ্য চলোৱাৰ অভিযোগ উঠিছে ৷ স্বাভাৱিকতেই গোটেই বিষয়টোত জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ ৷

এই ক্ষেত্ৰত ৰাইজে বিলাসীপাৰাৰ টেৰিটৰিয়েল লোক-নিৰ্মাণ বিভাগৰ কাৰ্যালয়ত লিখিত অভিযোগ দাখিল কৰিছে যদিও বৰ্তমানলৈকে কোনো সুফল পোৱা নাই ৷ ফলস্বৰূপে শুকুৰবাৰে স্থানীয় ৰাইজে পথছোৱৰ মাজত প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিভিন্ন শ্ল'গানেৰে ৰাইজে উত্তাল কৰি তোলে অঞ্চলটোৰ আকাশ-বতাহ ৷ এতিয়া প্ৰশ্ন হয়, ৰাইজৰ এই প্ৰতিবাদৰ পিছত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কিবা লক্ষণীয় প্ৰচেষ্টা হাতত ল’ব নে একে গতিতেই চলি থাকিব ৰাজ্যৰ উন্নয়ন প্ৰক্ৰিয়া ?

লগতে পঢ়ক : বঙালী ভাষা নোকোৱাৰ বাবে চাকৰিৰ পৰা বহিষ্কাৰৰ ভাবুকি দুই অসমীয়া যুৱতীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.