ETV Bharat / state

চাৰিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব আপ নেতা-মন্ত্ৰী গোপাল ৰায় - AAP Leader Gopal Roy Assam Visit

AAP Leader Gopal Roy Assam Visit: ২০ জুনত অসমলৈ আহিব আম আদমি পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা দিল্লীৰ মন্ত্ৰী গোপাল ৰায় । ৪ দিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰিব নেতাগৰাকীয়ে । ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম ভ্ৰমণ কাৰ্যসূচী আম আদমি পাৰ্টীৰ কেন্দ্ৰীয় নেতাগৰাকীৰ ।

AAP Leader Gopal Roy Assam Visit
অসমলৈ দিল্লীৰ মন্ত্ৰী গোপাল ৰায় (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : June 17, 2024 at 6:03 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ১৭ জুন: অহা ২০ জুনত চাৰিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব দিল্লীৰ কেবিনেট মন্ত্ৰী গোপাল ৰায় । ২০ জুনৰ দুপৰীয়া তেওঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈ পোনে পোনে কামাখ্যা মন্দিৰ দৰ্শন কৰিব । ইয়াৰ পাচতে তেওঁ মাছখোৱাস্থিত আই টি এ সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত এক দলীয় কৰ্মীসভাত অংশ গ্ৰহণ কৰিব । আপ অসমৰ নেতৃত্বই আজি ঘোষণা কৰে এই কথা ৷

অসমলৈ দিল্লীৰ মন্ত্ৰী গোপাল ৰায় (ETV BHARAT ASSAM)

লগতে পঢ়ক: টিকটৰ বিনিময়ত পইচা বিচাৰে ভূপেন বৰাই : মনোজ ধানোৱাৰ - Tea tribe leader ministry issue

উল্লেখ্য যে, ২০২৪ৰ সাধাৰণ নিৰ্বাচন শেষ হোৱাৰ পাচত দলৰ শীৰ্ষ নেতৃত্বই অসমত ২০২৬ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত গুৰুত্ব আৰোপ কৰিছে আৰু ইয়াৰে পৰ্যালোচনাৰ বাবে অসমলৈ আহিব আপৰ জ্যেষ্ঠ নেতাগৰাকী । গণেশগুৰিস্থিত আপৰ মুখ্য কাৰ্যালয়ত সোমবাৰে এখন সংবাদমেল আয়োজন কৰি আপ অসমৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰী, মুখপাত্ৰ হেমন্ত ফুকন আৰু আপৰ ছাত্ৰ সংগঠন ছাত্ৰ-যুৱ সংগ্ৰাম সমিতিৰ ৰাজ্যিক সভাপতি দিব্যজ্যোতি কুলিয়ে এই কথা সদৰী কৰে ।

লগতে পঢ়ক: ‘ব্যৰ্থতাৰ ৮ বছৰ: বিজেপি চৰকাৰৰ বিফলতাৰ খতিয়ান’ শীৰ্ষক বুকলেট প্ৰকাশ আপৰ - BJP Government In Assam

গোপাল ৰায়ৰ অসম ভ্ৰমণৰ সন্দৰ্ভত মন্তব্য কৰি আপ নেতৃত্বই উল্লেখ কৰা অনুসৰি, বিষ্ণু ৰাভা দিৱস উপলক্ষে আম আদমি পাৰ্টীৰ উদ্যোগত ২০ জুনত আই টি এ সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব । আপৰ ভাতৃ সংগঠন ছাত্ৰ-যুৱ সংগ্ৰাম সমিতিয়ে (CYSS) ইয়াৰ লগত সংগতি ৰাখি আই টি এ সাংস্কৃতিক প্ৰকল্পত দেশৰ নিবনুৱা সমস্যা সন্দৰ্ভত এক আলোচনা সভাৰ (ৰোজগাৰ সংবাদ) আয়োজন কৰিছে ৷ এই আলোচনা সভাত আপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে অংশগ্ৰহণ কৰিব ৷

লগতে পঢ়ক: চৰকাৰী বিদ্যালয় বন্ধৰ সিদ্ধান্ত বাতিলৰ দাবী আপ অসমৰ - Govt school shut down