অসম

assam

এবছৰৰ ভিতৰত ৰাজ্যৰ চিকিৎসা খণ্ডত সংযোজন হ'ব আৰু আঠখন চিকিৎসা মহাবিদ্যালয়ৰ

By

Published : Aug 27, 2021, 1:57 PM IST

medical college
ৰাজ্যৰ চিকিৎসা খণ্ডত সংযোজন হ'ব আৰু আঠখন চিকিৎসা মহাবিদ্যালয়ৰ ()

লখিমপুৰ, নলবাৰী, তিনিচুকীয়া, নগাঁও, ধুবুৰী, কোকৰাঝাৰ, বিশ্বনাথ আৰু চৰাইদেউত নিৰ্মাণকাৰ্য চলি থকা নতুন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ স্বাস্থ্যমন্ত্রীৰ । ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় সমূহত শিশুৰ বাবে আই চি ইউ নির্মাণ প্রায় সম্পূর্ণ । সম্ভাব্য তৃতীয় ঢৌৰ বাবে সাজু স্বাস্থ্য বিভাগ ।

গুৱাহাটী, ২৭ আগষ্ট : ৰাজ্যৰ চৰকাৰী চিকিৎসা খণ্ডত এবছৰৰ ভিতৰত নতুনকৈ সংযোজন হ'ব আৰু আঠখন চিকিৎসা মহাবিদ্যালয় । ৰাজ্যত নিৰ্মীয়মান আঠখন নতুন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য দ্ৰুত গতিত আগবাঢ়িছে । লখিমপুৰ, নলবাৰী, তিনিচুকীয়া, নগাঁও, ধুবুৰী, কোকৰাঝাৰ, বিশ্বনাথ আৰু চৰাইদেউত নিৰ্মাণকাৰ্য চলি থকা নতুন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই (Keshab Mahanta) ।

ৰাজ্যৰ চিকিৎসা খণ্ডত সংযোজন হ'ব আৰু আঠখন চিকিৎসা মহাবিদ্যালয়ৰ

স্বাস্থ্যমন্ত্রীগৰাকীয়ে নিজে নিৰ্মাণকাৰ্যৰ অগ্ৰগতি সম্পৰ্কে বুজ লোৱাৰ উপৰিও এই চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কেইখনৰ নিৰ্মাণকাৰ্য ক্ষিপ্ৰতাৰে আগবঢ়াবলৈ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ লগতে লোকনিৰ্মাণ (গৃহ) বিভাগক নিৰ্দেশ দিছে । তেওঁ স্বাস্থ্য বিভাগৰ সচিব সিদ্ধাৰ্থ সিং, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন, এন এইচ এমৰ (NHM)কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰী আৰু লোকনিৰ্মাণ বিভাগৰ (PWD)মুখ্য অভিযন্তাৰ লগতে এই চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়কেইখন নিৰ্মাণৰ দায়িত্বত থকা নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে বৈঠকতো মিলিত হৈছে ।

মন্ত্রীগৰাকীয়ে জনোৱা মতে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য ৩১ ডিচেম্বৰৰ পূৰ্বেই সম্পূৰ্ণ হৈ উঠিব । ইতিমধ্যে প্ৰায় ৭৭ শতাংশ কাম সম্পূৰ্ণ হোৱা নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় ২০২২ ৰ মাৰ্চৰ ভিতৰত মুকলি কৰিব পৰাকৈ সম্পূৰ্ণ হৈ উঠিব ।

ৰাজ্যৰ চিকিৎসা খণ্ডত সংযোজন হ'ব আৰু আঠখন চিকিৎসা মহাবিদ্যালয়ৰ

সেইদৰে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় মাৰ্চত আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য ২০২২ ৰ ডিচেম্বৰত সম্পূৰ্ণ হ'ব । ইতিমধ্যে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য ৪৬ শতাংশ সম্পূৰ্ণ হৈছে । ইফালে বৰ্তমানলৈকে প্ৰায় ৫৩ শতাংশ কাম আগবঢ়া তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য ২০২২ ৰ মে'ত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে ।

তদুপৰি নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্যও প্ৰায় ৫০ শতাংশ সম্পূৰ্ণ হৈছে ।

উল্লেখ্য যে, ক'ভিডকেন্দ্ৰীক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিগত প্ৰায় ডেৰ বছৰত ৰাজ্যৰ চৰকাৰী চিকিৎসা খণ্ডৰ আন্তঃগাঠনি যথেষ্ট শক্তিশালী কৰা হৈছে । ক'ভিডৰ দুটা ঢৌৰে মোকাবিলা কৰা ৰাজ্য চৰকাৰে শেহতীয়াকৈ ক'ভিডৰ তৃতীয় ঢৌৰ (Covid Third wave) বাবে সাজু হৈছে । তৃতীয় ঢৌত শিশুসকল আক্ৰান্ত হোৱাৰ আশংকা কৰা হৈছে ।

ৰাজ্যৰ চিকিৎসা খণ্ডত সংযোজন হ'ব আৰু আঠখন চিকিৎসা মহাবিদ্যালয়ৰ

যাৰবাবে স্বাস্থ্য বিভাগে শিশুৰ বাবে ব্যাপক পৰিমাণে আই চি ইউ নিৰ্মাণত গুৰুত্ব দিছে । স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই জানিবলৈ দিয়া মতে অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহত শিশুৰ বাবে আই চি ইউ নির্মাণ প্রায় সম্পূর্ণ হৈ উঠিছে । সম্প্রতি জিলা চিকিৎসালয়সমূহত শিশুৰ আই চি ইউ নির্মাণৰ কাম চলি আছে ।

ইফালে কালাপাহাৰ ক'ভিড চিকিৎসালয়ক সম্প্রতি ক'ভিডোত্তৰ জটিলতাৰ চিকিৎসাৰ বাবে নির্মাণ কৰা হৈছে । ক'ভিড (Covid) হোৱাৰ পাছত দেখা দিয়া সমস্যাৰ সমাধান তথা চিকিৎসাৰ বাবে চৰকাৰে কালাপাহাৰত প্রথমখন চৰকাৰী ক'ভিডোত্তৰ জটিলতাৰ চিকিৎসালয় নির্মাণ কৰিছে । কালাপাহাৰ ক'ভিড চিকিৎসালয়ত ১০৬ খন বিছনা আছে আৰু এসপ্তাহৰ ভিতৰত চিকিৎসালয়খন মুকলি কৰা হ’ব ।

লগতে পঢ়ক :দিল্লীৰ পৰা অসমলৈ কোনে কুৰিয়াৰত পঠিয়ায় কোকেইন ?

ABOUT THE AUTHOR

...view details