অসম

assam

মুকলি আকাশৰ তললৈ ভিক্টৰ দাস

By

Published : Sep 17, 2022, 2:30 PM IST

Updated : Sep 17, 2022, 4:14 PM IST

মুকলি আকাশৰ তললৈ ভিক্টৰ দাস
মুকলি আকাশৰ তললৈ ভিক্টৰ দাস ()

শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ভিক্টৰ দাসৰ জামিন মঞ্জুৰ কৰে (Victor Das got bail)। শনিবাৰে CJM আদালতত হাজিৰ কৰাৰ পাছতে ভিক্টৰক মুকলি কৰি দিয়া হয় । মুকলি আকাশৰ তললৈ আহিয়ে অসমবাসীক ধন্যবাদ জনালে ভিক্টৰ দাসে । সংবাদকৰ্মীকো ধন্যবাদ জনালে ভিক্টৰ দাসে ।

গুৱাহাটী,১৭ ছেপ্টেম্বৰ :অৱশেষত মুকলি আকাশৰ তললৈ আহিল ভিক্টৰ দাস । গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে ভিক্টৰ দাসৰ জামিন মঞ্জুৰ কৰিছিল (Victor Das got bail)। কিন্তু জামিন পোৱাৰ পাছতো শুকুৰবাৰে মুকলি আকাশৰ তললৈ নাহিল শিক্ষক ভিক্টৰ দাস । আদালতৰ যাৱতীয় কাম সম্পূৰ্ণ নোহোৱাৰ বাবে থানাতে থাকিবলগীয়া হ’ল ভিক্টৰ ।

শনিবাৰে CJM আদালতত হাজিৰ কৰাৰ পাছতে ভিক্টৰক মুকলি কৰি দিয়া হয় । ৭ দিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত অৱশেষত মুকলি আকাশৰ তললৈ আহে ভিক্টৰ দাস ।

মুকলি আকাশৰ তললৈ ভিক্টৰ দাস

ইফালে মুকলি আকাশৰ তললৈ আহিয়ে অসমবাসীক ধন্যবাদ জনালে ভিক্টৰ দাসে । সমান্তৰালকৈ সংবাদকৰ্মীসকলকো ধন্যবাদ জনালে ভিক্টৰ দাসে । আদালতৰ পৰা পোনে পোনে বাসগৃহলৈ ৰাওনা হয় ভিক্টৰ দাস । ভিক্টৰ দাসক সংগ দিলে মাতৃ জুৰিমণি দাস আৰু তেওঁৰ মোমায়েকে ।

উল্লেখ্য যে আৰক্ষীৰ এজাহাৰত আদালতে কোনো তথ্য বিচাৰি নোপাৱাৰ ফলতে আদালতে মঞ্জুৰ কৰে অভিযোগ দিবলৈ গৈ অভিযুক্ত হোৱা ভিক্টৰ দাসৰ জামিন আবেদন ৷ আনহাতে ৬ দিনীয়া জেৰাতো আৰক্ষীয়ে কোনো তথ্য বিচাৰি নাপালে ভিক্টৰৰ পৰা (Victor das in police custody)। ইফালে ভিক্টৰ দাসৰ বিৰুদ্ধে আৰক্ষীয়ে আৰোপ কৰা ৬ টা ধাৰাই ভিত্তিহীন বুলি শুকুৰবাৰে মন্তব্য কৰিছিল ভিক্টৰ দাসৰ অধিবক্তা অংশুমান বৰাই (Advocate of Victor das) ।

অধিবক্তাৰ যুক্তি শুনাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে ভিক্টৰ দাসৰ জামিন আবেদন । উল্লেখ্য যে ভিক্টৰ দাসৰ মন্তব্যই সমাজত দুটা ফৈদৰ সৃষ্টি কৰিব বুলি চৰকাৰী অধিবক্তাই প্ৰদৰ্শন কৰা যুক্তি ন্যায়ালয়ে নাকচ কৰে ।

অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ক্ষেত্ৰত ধনৰ লেন-দেন হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাসে (Assam recruitment scam allegation)৷ ভিক্টৰৰ এই অভিযোগৰ পাছতেই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷ ইয়াৰ পাছতে অসম আৰক্ষীয়ে ভিক্টৰ দাসক সোধা-পোছা কৰাৰ অন্তত ৬ টাকৈ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল ৷

লগতে পঢ়ক:বোকাখাতত ৰাইজৰ মাৰপিটত আহত অতিৰিক্ত দণ্ডাধীশ

Last Updated :Sep 17, 2022, 4:14 PM IST

ABOUT THE AUTHOR

...view details