বোকাখাতত ৰাইজৰ মাৰপিটত আহত অতিৰিক্ত দণ্ডাধীশ

author img

By

Published : Sep 17, 2022, 2:41 PM IST

বোকাখাতত ৰাইজৰ মাৰপিটত আহত অতিৰিক্ত দণ্ডাধীশ
বোকাখাতত ৰাইজৰ মাৰপিটত আহত অতিৰিক্ত দণ্ডাধীশ ()

বোকাখাতৰ ভকত চাপৰিত ৰাইজৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা ৷ অঞ্চলটোত এটা সামূহিক ভৱনক লৈ ৰাইজৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল (Additional Magistrate injured at Bokakhat) ৷ এই কাজিয়াৰ মাজত মাত মাতিবলৈ যাওঁতেই দণ্ডাধীশ ঋতুপৰ্ণা দাসৰ গাত পৰে লাঠিৰ কোব ৷

বোকাখাত, 17 ছেপ্টেম্বৰ: বোকাখাতৰ ভকত চাপৰিত উত্তেজনা (Tensed situation at Bokakhat) ৷ ৰাইজৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে ৷ অঞ্চলটোত এটা সামূহিক ভৱনক লৈ ৰাইজৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল (Additional Magistrate injured at Bokakhat) ৷

বোকাখাতত ৰাইজৰ মাৰপিটত আহত অতিৰিক্ত দণ্ডাধীশ

জানিব পৰা মতে ভকত চাপৰিৰ ৯ টা খেলৰ লোকে একমাত্ৰ সামূহিক ভৱনটো ব্যৱহাৰ কৰি আহিছে ৷ কিন্তু শনিবাৰে ভৱনটোৰ কাষতে থকা নামঘৰৰ ৰাইজে সামূহিক ভৱনটো দখল কৰি কাকো সোমাবলৈ দিয়া নাছিল ৷ ফলত ৰাইজে মহকুমাধিপতিক এই সন্দৰ্ভত অৱগত কৰে ৷

এই অভিযোগৰ ভিত্তিত অঞ্চলটোত তদন্তৰ বাবে আহে অতিৰিক্ত দণ্ডাধীশ ঋতুপৰ্ণা দাস ৷ দণ্ডাধীশৰ উপস্থিতিতেই দুই ফৈদে মাৰপিটত লিপ্ত হয় ৷ এই কাজিয়াৰ মাজত মাত মাতিবলৈ যাওঁতেই দণ্ডাধীশ ঋতুপৰ্ণা দাসৰ গাত লাঠিৰ কোব পৰে ৷

উল্লেখ্য যে আৰক্ষীৰ অবিহনেই ঘটনাস্থলীলৈ আহিছিল দণ্ডাধীশগৰাকী ৷ এই ঘটনাৰ খবৰ পাই আৰক্ষী গাঁওখনত উপস্থিত হয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

এই ঘটনাত নবীন বৰি নামৰ এজন লোক গুৰুতৰভাৱে আহত হয় ৷ স্থানীয় লোকে ততালিকে 108 সেৱা যোগে আহত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ বৰ্তমান স্থানীয় লোকৰ লগত আলোচনাত মিলিত অতিৰিক্ত দণ্ডাধীশগৰাকী ৷

লগতে পঢ়ক: পুলিবৰ আৰক্ষীৰ জালত মাজুলীৰ এটা গভাইত চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.