অসম

assam

Gauhati High Court:গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰকৰণক মুখ্যমন্ত্ৰীৰ একপক্ষীয় সিদ্ধান্ত আখ্যা জ্যেষ্ঠ অধিবক্তাৰ

By

Published : Jul 31, 2023, 8:13 PM IST

Updated : Jul 31, 2023, 8:52 PM IST

গুৱাহাটী উচ্চ ন্যায়লয় উত্তৰ গুৱাহাটীলৈ স্থানান্তৰ কৰা সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিল জ্যেষ্ঠ অধিবক্তাসকল ৷ মুখ্যমন্ত্ৰীয়ে ক্ষমতাৰ বলত এই সিদ্ধান্ত লোৱাৰ অভিযোগ গুৱাহাটী উচ্চ ন্যায়লয়ৰ জ্যেষ্ঠ অধিবক্তাৰ ৷

The Guwahati High Court
গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ কাৰ্যক মুখ্যমন্ত্ৰীৰ একপক্ষীয় সিদ্ধান্ত আখ্যা জ্যেষ্ঠ অধিবক্তাৰ

গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ কাৰ্যক মুখ্যমন্ত্ৰীৰ একপক্ষীয় সিদ্ধান্ত আখ্যা

গুৱাহাটী,৩১ জুলাই: গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীলৈ স্থানান্তৰ কৰা সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিল জ্যেষ্ঠ অধিবক্তাসকল ৷ কোনোধৰণৰ মাষ্টাৰপ্লেন, ভিজন ডকুমেণ্ট নোহোৱাকৈ মুখ্যমন্ত্ৰীয়ে ক্ষমতাৰ বলত এই সিদ্ধান্ত লোৱাৰ অভিযোগ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাৰ ৷ সোমবাৰে সংবাদমেল পাতি জ্যেষ্ঠ অধিবক্তাসকলে মুখ্যমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰ কাৰ্যক মুখ্যমন্ত্ৰীৰ একপক্ষীয় , টোগলকী সিদ্ধান্ত আখ্যা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এচ'ছিয়েশ্যনৰ ।

গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত সংবাদমেল সম্বোধন কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাই কয়, ৰংমহল নালাগে ইন্দ্ৰপুৰিলৈ গলেও আমি নাযাওঁ ৷ যাবলৈ নিদিও ৷ চৰকাৰৰ এই সিদ্ধান্ত আমি মানি নলও । ব'ম্বে ,মাদ্ৰাছ, কলকাতা হাইকোৰ্ট যুগ যুগ ধৰি একে ঠাইতে আছে । তেন্তে গুৱাহাটী উচ্চ ন্যায়ালয় কিয় স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা ইতিহাস আছে ৷ এটা ইতিহাস থকাৰ পিচতো কিয় স্থানান্তৰ কৰিব বিচৰা হৈছে ! কাৰো লগত এবাৰো আলোচনা নকৰাকৈ মুখ্যমন্ত্ৰীৰ কাৰ্যলয়ত আমোলা বিষয়াৰ লগত কথা পাতি এই সিদ্ধান্ত লোৱা হৈছে ৷ ই জনসাধাৰণৰ স্বাৰ্থ বিৰোধী ৷ উচ্চ ন্যায়ালয়খন স্থানান্তৰ কৰি পুৰণি ঘৰবোৰ কি হিচাপে ব্যৱহাৰ কৰা হ’ব ? কেৱল ক্ষমতাৰ থকাৰ বাবে এই টোগলকী কাণ্ড কৰিছে ৷’

উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই চৰকাৰৰ সিদ্ধান্তৰ প্ৰতীয়মান সমৰ্থনত অধিবক্তা সন্থাৰ লগত কোনো আলোচনা নকৰাকৈয়ে দুজন ন্যায়াধীশক মনোনীত কৰিছিল বুলি অভিযোগ কৰে জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাই ৷ সংবাদমেলত এচ'ছিয়েশ্যনৰ সভাপতি মৃণাল কুমাৰ চৌধুৰীয়ে কয় গুৱাহাটী উচ্চ ন্যায়ালয়ক বৰ্তমানৰ স্থানৰ পৰা প্ৰায় ২৩ কিলোমিটাৰ দূৰত্বত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ ৰংমহল নামৰ ঠাইলৈ স্থানান্তৰিত কৰিবলৈ লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছো ৷

লগতে পঢ়ক:Assam Govt in debt: ৰাজ্যবাসীৰ ওপৰত পুনৰ এহেজাৰ কোটি টকাৰ ঋণৰ বোজা

Last Updated :Jul 31, 2023, 8:52 PM IST

ABOUT THE AUTHOR

...view details