ETV Bharat / state

Assam Govt in debt: ৰাজ্যবাসীৰ ওপৰত পুনৰ এহেজাৰ কোটি টকাৰ ঋণৰ বোজা

author img

By

Published : Jul 30, 2023, 9:47 PM IST

পহিলা আগষ্টত অসম চৰকাৰে পুনৰ ল'ব এহেজাৰ কোটি টকাৰ ঋণ। ৰিজাৰ্ভ বেংকত প্ৰস্তাৱ দাখিল বিত্ত বিভাগৰ। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম পাঁচ মাহতে ৭ হেজাৰ কোটিৰ ঋণ। জনমূৰি আয়ৰ ক্ষেত্রত দেশৰ ভিতৰতে একেবাৰে তলৰ দ্বিতীয় স্থানত আছে অসম।

assam-government-will-take-one-crore-loan-on-1st-august
ৰাজ্যবাসীৰ ওপৰত পুনৰ এহেজাৰ কোটি টকাৰ ঋণৰ বোজা

গুৱাহাটী, ৩০ জুলাই: ৰাজ্যৰ বিত্তীয় সংকট দূৰ কৰিবলৈ অসমৰ্থ হোৱা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঋণৰ ওপৰত ঋণ লৈ একপ্ৰকাৰে অভিলেখ সৃষ্টি কৰিছে। পৰিস্থিতি যিমানে বেয়া নহওক কিয় ঋণ লোৱাৰ ক্ষেত্রত কিন্তু চৰকাৰখনে অলপো কৃপণালি কৰা নাই। বৰং ঋণ লোৱাটো গৌৰৱৰ কথা বুলিহে গণ্য কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।

লক্ষণীয় বিষয় যে, জনমুৰি আয়ৰ ক্ষেত্ৰত অসম দেশৰ একেবাৰে শেষৰ ফালে দ্বিতীয় স্থানত আছে। এই তথ্য শেহতীয়াকৈ ৰাজ্যসভাৰ মজিয়াত উন্মোচিত হৈছে । উল্লেখ্য যে জনমূৰি আয়ৰ ক্ষেত্রত দেশৰ ভিতৰতে একেবাৰে তলৰ দ্বিতীয় স্থানত থকা অসমৰ ঋণৰ বোজা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰতে সৰ্বাধিক। এই তথ্য প্ৰকাশ পাইছে লোকসভাৰ মজিয়াত।

কিন্তু তথাপিও কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই অসম চৰকাৰৰ। অতি উদ্বেগৰ এই বিষয়টোক গুৰুত্বসহকাৰে লোৱাৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পহিলা আগষ্টত পুনৰ এহেজাৰ কোটি টকা ঋণ ল’বলৈ ওলাইছে। ইয়াৰ বাবে ৰাজ্যৰ বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাই ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে । লক্ষণীয় বিষয় যে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম পাঁচ মাহতে চৰকাৰখনে সাত হেজাৰ কোটি টকাৰ ঋণ লোৱাটো স্পষ্ট হৈ পৰিল।

ইফালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে দুবছৰ দুমহীয়া কাৰ্যকালত লোৱা ঋণৰ পৰিমাণ হৈছে ৪৬ হেজাৰ কোটি। লোকসভাৰ মজিয়াত কেন্দ্ৰীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে দাখিল কৰা তথ্য মতেই মাৰ্চ মাহ পর্যন্ত অসম চৰকাৰৰ ঋণৰ পৰিমাণ ১ লাখ ২১ হেজাৰ ২৭৬ কোটি টকালৈ বৃদ্ধি পাইছে। এয়া উত্তৰ-পূৰ্বাঞ্চলৰ আটাইবোৰ ৰাজ্যৰ ভিতৰতে সৰ্বাধিক।

ইয়াৰ বিপৰীতে জনমুৰি আয়ৰ পৰিমাণ হৈছে ১ লাখ ১৮ হেজাৰ ৫০৪ টকা। উল্লেখ্য যে চৰকাৰে ঋণৰ ওপৰত ঋণ লৈ আহিছে যদিও জনমূৰি আয় বৃদ্ধি হোৱাৰ বিপৰীতে নিম্নগামী হৈছে। ইয়াৰ দ্বাৰা এইটো কথা স্পষ্ট যে ঋণৰ ধন উৎপাদনমূলক কামত ব্যয় হোৱা নাই।

ইয়াৰ বিপৰীতে হিতাধিকাৰী সৃষ্টিৰ আঁচনিত ব্যয় কৰা হৈছে। ৰাজ্যখনত দিনক দিনে নগদ ধনৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰি চৰকাৰখনে ভোট বেংক সুৰক্ষিত কৰাত অগ্ৰাধিকাৰ দিছে। যাৰফলত ৰাজ্যত জনমূৰি আয় ঋণৰ অনুপাতে বৃদ্ধি পোৱা নাই। ইফালে ঋণৰ ওপৰত চৰকাৰখন নিৰ্ভৰশীল হৈ পৰাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে ৰাজ্যৰ অৰ্থনীতি ক্ৰমাৎ শোচনীয় অৱস্থাৰ ফালে গতি কৰিছে।

ৰাজ্যৰ শোচনীয় বিত্তীয় অৱস্থাৰ বাবেই ৰাজ্য চৰকাৰে শেহতীয়াকৈ অলাগতিয়াল আৰু অপ্রয়োজনীয়তাৰ নামত পূৰ্বৰ পৰা চৰকাৰী বিভাগসমূহত খালী হৈ থকা পঞ্চাশ শতাংশ পদ বিলোপ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। যাতে কৰ্মচাৰীৰ দা-দৰমহাৰ বোজা হ্ৰাস পায়। ঋণৰ ক্ৰমবৰ্ধিত বোজাই ৰাজ্যখনৰ বাবে ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে।

লক্ষণীয় বিষয় যে, হিতাধিকাৰীমূকল আঁচনিত ঋণৰ ধন ব্যয় কৰি উৎপাদনমূলক কামত পিঠি দিয়া বিষয়টো সন্দৰ্ভত 'কেগ'ৰ শেহতীয়া প্ৰতিবেদনে ৰাজ্য চৰকাৰক সকিয়াই দিছিল। অনুৎপাদনমূলক শিতানত ঋণৰ ধন ব্যয় বৃদ্ধিৰ প্ৰৱণতা ৰাজ্যৰ অৰ্থনীতিৰ বাবে ক্ষতিকৰ বুলি কেগৰ প্রতিবেদনত কঠোৰ সতর্কবাণী শুনোৱাৰ পিচতো ৰাজ্য চৰকাৰে বিষয়টো গুৰুত্বসহকাৰে লোৱা পৰিলক্ষিত হোৱা নাই। বৰং ঋণ লোৱা প্ৰক্ৰিয়া আৰু অধিক বৃদ্ধিহে পাইছে।

লগতে পঢ়ক: Assam assembly building: অসমৰ বাবে নহয় উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ বাবে আজি ঐতিহাসিক দিন; ওম বিৰলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.