ETV Bharat / state

Assam assembly building: অসমৰ বাবে নহয় উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ বাবে আজি ঐতিহাসিক দিন; ওম বিৰলা

author img

By

Published : Jul 30, 2023, 5:45 PM IST

Updated : Jul 30, 2023, 7:20 PM IST

Assam assembly building inaugurated
অসম বিধানসভাৰ নতুন ভৱনটো উদ্বোধন

সলনি হ’ল অসম বিধানসভাৰ ঠিকনা ৷ ইতিহাস হ'ল 50 বছৰীয়া গৌৰৱোজ্বল ইতিহাসৰ স্বাক্ষৰ বহন কৰা অসম বিধানসভাৰ পুৰণি ভৱন ৷ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই দেওবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিধানসভাৰ নতুন ভৱনটো ।

অসম বিধানসভাৰ নতুন ভৱনটো উদ্বোধন

গুৱাহাটী,৩০ জুলাই: লোকসভাৰ অধ্যক্ষ ওম বিৰলাই দেওবাৰে অসম বিধানসভাৰ নতুন ভৱনটো উদ্বোধন কৰে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিতি নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰি লোকসভাৰ অধ্যক্ষগৰাকীয়ে অসম বিধানসভাৰ লোকতন্ত্ৰৰ সোণালী ইতিহাস স্মৰণ কৰে । তেওঁ ভৱনটো উদ্বোধন কৰি এক ঐতিহাসিক দিনৰ সাক্ষী হোৱাৰ বাবে গৰ্বিত অনুভৱ কৰে ।

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয়, ‘‘ঐতিহাসিক দিনৰ সাক্ষী হৈছো । অসমৰ বাবে নহয় উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ বাবে ঐতিহাসিক দিন । অসম বিধানসভাৰ ঐতিহাসিক অৱদান আছে । অসম বিধানসভাৰ লোকতন্ত্ৰৰ সোণালী ইতিহাস আছে । অসমত প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ, ভূপেন হাজৰিকা, বিষ্ণু প্ৰসাদ ৰাভাকে ধৰি বহু সেনানী ৰাজনেতাৰ অৱদান আছে অসমৰ বিকাশৰ বাবে । অসম বিধানসভাৰ নৱনিৰ্মিত অত্যাধুনিক ভৱনত অসমীয়া কলা-সংস্কৃতি, জনজাতীয়া কলা-সংস্কৃতি দেখা পোৱা গৈছে । এই ভৱনটো লোকতান্ত্ৰিক ইতিহাস হ‘ব ।’’

  • गुवाहाटी में असम विधान सभा के नए भवन का लोकार्पण किया। असम विधान सभा ने लोकतंत्र की गौरवशाली परम्पराओं को समृद्ध करते हुए सदैव नागरिकों के कल्याण के लिए कार्य किया है। आशा है यह नया भवन असम के लोगों की आशाओं और आकांक्षाओं की पूर्ति का नवीन शक्ति केंद्र सिद्ध होगा। pic.twitter.com/7PR4ZftxdP

    — Om Birla (@ombirlakota) July 30, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

‘‘অসমে দেশৰ বিকাশৰ নতুন গাঁথা লিখিব বুলি মন্তব্য কৰি তেওঁ লগতে কয় বিধানসভা ভৱন অকল ভৱন নহয় । ই লোকতন্ত্ৰৰ মন্দিৰ । মন্দিৰত বহি জনতাৰ কল্যানৰ বাবে সমাজৰ শেষৰজন ব্যক্তিৰ জীৱন পৰিৱৰ্তনৰ বাবে কাম কৰা হয় । তেওঁ ভাষণৰ প্ৰসংগত কয়, অসম বিধানসভাই অনাগত দিনত নতুন লক্ষ্য পূৰণ কৰিবলৈ সফল হ’ব ।’’ তেওঁ লগতে কয় ৷

  • असम विधान सभा के नए भवन का लोकार्पण उत्तर-पूर्व भारत के लिए ऐतिहासिक है, खुशी है कि मैं इस सुअवसर का साक्षी बन सका।आधुनिकता और असम की सांस्कृतिक विरासत का अद्भुत संगम यह नया भवन असम के विकास की नई गाथा लिखते हुए प्रदेश की जनता के जीवन को बेहतर बनाएगा, ऐसा मेरा विश्वास है। pic.twitter.com/zZmaaygyZ4

    — Om Birla (@ombirlakota) July 30, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘‘এইটো সাধাৰণ ঘৰ নহয়; অসমক আধুনিকভাৱে সজাই তুলিবলৈ বিধানসভাই আগৰণুৱা ভূমিকা পালন কৰিব লাগিব । ঐতিহাসিক সিদ্ধান্ত, ঐতিহাসিক মুহূৰ্ত সৃষ্টি কৰিব লাগিব । যি সিদ্ধান্তই উঠি অহা প্ৰজন্মক উৎসাহিত কৰি দিশ নিৰ্ণায়কৰ ভূমিকা পালন কৰিব পাৰে ।’’ বিধানসভাৰ মজিয়াত সদায় সততা, নিষ্ঠা, আন্তৰিকতা, কঠোৰ পৰিশ্ৰম, ভাতৃত্ববোধৰ যোগেদি কাম কৰিবলৈ তেওঁ আহ্বান জনায় ।

উল্লেখ্য যে, বৃন্দাৱনী বস্ত্ৰৰ আৰ্হিৰে বিধানসভাৰ নতুন ভৱনটোৰ ভিতৰচ’ৰা সজোৱা হৈছে ৷ ভৱিষ্যতে অসমৰ সকলো লোকসংস্কৃতিক বিধানসভাত সংযোজন কৰা হ’ব । সম্পূর্ণ ডিজিটেল ব্যৱস্থাৰে নতুন ভৱনত কাম-কাজ পৰিচালিত হ’ব । ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি সদনত সদস্যৰ বাবে বৰ্তমানৰ ১২৬ৰ পৰিৱৰ্তে ১৮৬ খন আসনৰ ব্যৱস্থা কৰা হৈছে । উদ্ধোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলীকে ধৰি প্ৰায় সকলো মন্ত্ৰী-বিধায়ক উপস্থিত আছিল ৷

লগতে পঢ়ক: Assam Legislative Assembly: ৩৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অত্যাধুনিক অসম বিধানসভা ভৱন উদ্বোধন

Last Updated :Jul 30, 2023, 7:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.