অসম

assam

আই আই টি গুৱাহাটীত কেৰালাৰ ছাত্ৰৰ আত্মহনন

By

Published : Sep 17, 2022, 11:55 AM IST

Updated : Sep 17, 2022, 9:58 PM IST

Student suicide case in IIT Guwahati

বিশ্বকৰ্মা পূজাৰ উখল মাখলৰ মাজতেই গুৱাহাটীৰ আই আই টিত ছাত্ৰ আত্মহনন কৰাৰ ঘটনা পোহৰলৈ আহিছে (IIT Guwahati suicide case) ৷ শুকুবাৰে নিশা নিজৰ কোঠাতেই চিপ লৈ আত্মহত্যা কৰে কেৰালাৰ এজন ছাত্ৰই(Student suicide case in IIT Guwahati)৷

গুৱাহাটী, 17 ছেপ্টেম্বৰ: বিশ্ব কৰ্মা পূজাৰ দিনাই আই আই টি গুৱাহাটীত অঘটন সংঘটিত (Kerala student suicide in IIT Guwahati)। আই আই টি গুৱাহাটীত পুনৰ ছাত্ৰৰ আত্মহত্যাৰ ঘটনা সংঘটিত হয় । শুকুৰবাৰে নিশা আই আই টি গুৱাহাটীত কেৰেলাৰ ছাত্ৰ এগৰাকী আত্মহত্যা কৰা ঘটনা পোহৰলৈ অহাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

নিজৰ কোঠালীত চিপ লৈ আত্মহত্যা কৰা ছাত্ৰগৰাকীৰ নাম সূৰ্য্য নাৰায়ণ প্ৰেম কিশোৰ বুলি জানিব পৰা গৈছে । ঘটনাৰ খৱৰ পাই আমিনগাও আৰক্ষীয়ে নিশা আই আই টি গুৱাহাটীত উপস্থিত হৈ চিপ লৈ মৃত অৱস্থাত থকা সূৰ্য্য নাৰায়ণ প্ৰেম কিশোৰক উদ্ধাৰ কৰিছে ।

আৰক্ষীয়ে জনোৱা মতে, আত্মহননৰ দৰে পথ বাছি লোৱা আই আই টি গুৱাহাটীৰ ছাত্ৰ সূৰ্য্য নাৰায়ণ প্ৰেম কিশোৰৰ ঘৰ কেৰেলাত (Kerala student suicide in Assam)। আই আই টি গুৱাহাটীৰ বি টেকৰ ডিজাইনিঙৰ বিভাগৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ আছিল সূৰ্য্য নাৰায়ণ প্ৰেম কিশোৰৰ । সূৰ্য্য নাৰায়ণ প্ৰেম কিশোৰৰ বয়স ২১ বছৰ হোৱা বুলি আৰক্ষীয়ে জনাইছে ।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আই আই টি গুৱাহাটীৰ উমিয়াম হোষ্টেলৰ আবাসী আছিল সূৰ্য্য নাৰায়ণ প্ৰেম কিশোৰ । আনহাতে আত্মহত্যাৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই । আই আই টি গুৱাহাটীৰ উমিয়াম হোষ্টেলৰ একাংশ ছাত্ৰৰ পৰা জানিব পৰা মতে, সূৰ্য্য নাৰায়ণ সমনীয়াৰ পৰা প্ৰায়ে বিচ্ছিন্ন হৈ থাকে । যোৱা ১৫ ছেপ্টেম্বৰৰ সন্ধিয়াৰ পৰা সূৰ্য্য নাৰায়ণক কোনেও দেখা নাছিল (IIT Guwahati suicide case) ।

একাংশ ছাত্ৰই জনোৱা মতে, সূৰ্য্য নাৰায়ণৰ ফোনটো যোৱা ১৫ ছেপ্টেম্বৰৰ সন্ধিয়াৰ পৰা বন্ধ হৈ আছিল । শুকুবাৰে সন্ধিয়াৰ পৰা সূৰ্য্য নাৰায়ণৰ কোঠাৰ পৰা গোন্ধ পাই একাংশ ছাত্ৰই সন্দেহ কৰি সূৰ্য্য নাৰায়ণৰ কোঠাৰ ভেন্টিলেটৰ খুলি চোৱাত সূৰ্য্য নাৰায়ণক চীপ লৈ মৃত অৱস্থাত ওলমি থকা দেখা পায় কতৃপক্ষক অৱগত কৰে ।

পিছত নিশা ৯ বজাত আমিনগাঁৱৰ আৰক্ষীৰ সহযোগত সূৰ্য্য নাৰায়ণৰ কোঠাৰ দুৱাৰ ভাঙি মৃতদেহটো উদ্বাৰ কৰে (Amingaon Police rescued body) । আৰক্ষীৰ প্ৰাথমিক অনুসদ্ধান মতে সূৰ্য্য নাৰায়ণে যোৱা ১৫ ছেপ্টেম্বৰতে আত্মহত্যা কৰিছিল ।

লগতে পঢ়ক:মহানগৰীত কিশোৰী অপহৰণৰ ঘটনা; গ্ৰেপ্তাৰ গাড়ী চালক নৰহৰি বৰ্মণ

Last Updated :Sep 17, 2022, 9:58 PM IST

ABOUT THE AUTHOR

...view details