মহানগৰীত কিশোৰী অপহৰণৰ ঘটনা; গ্ৰেপ্তাৰ গাড়ী চালক নৰহৰি বৰ্মণ

author img

By

Published : Sep 16, 2022, 10:34 AM IST

Child abduction case in Guwahati

গুৱাহাটীত মহানগৰীত পুনৰ শিশু অপহৰণৰ ঘটনা (Child abduction case in Guwahati) । ঘৰুৱা চালকে টিউচনলৈ নিয়াৰ চলেৰে অপহৰণ কৰে 10 বছৰীয়া কন্যাক ৷ অৱশ্যে আৰক্ষীৰ তৎপৰতাত সুকলমে উদ্ধাৰ কৰা হয় কন্যাগৰাকীক ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গাড়ীখনৰ চালক নৰহৰি বৰ্মণক ৷

গুৱাহাটী, 16 ছেপ্টেম্বৰ : সাৱধান ! আকৌ মহানগৰীত বাজিছে বিপদ ঘন্টা ৷ গুৱাহাটীত মহানগৰীত পুনৰ সংঘটিত হৈছে কিশোৰী অপহৰণৰ এক ঘটনা (Child abduction case in Guwahati) । এইবাৰ ঘৰুৱা চালকে টিউচনলৈ নিয়াৰ পথতেই অপহৰণ কৰে এগৰাকী 10 বছৰীয়া কন্যাক ৷

আনকি কন্যাগৰাকীৰ মুক্তিপণৰ বাবদ 7 লাখ টকা দাবী কৰিছিল অপহৰণকাৰী নৰহৰি বৰ্মণে ৷ তথ্য অনুসৰি, নৰহৰি বৰ্মণৰ ঘৰ বৰপেটাত ৷ ইফালে এই ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক ৷ দিছপুৰ, ভঙাগড়, বশিষ্ঠ আৰক্ষীৰ তৎপৰতাত যোৰাবাটৰ গণেশ মন্দিৰৰ সমীপৰ পৰা সুকলমে উদ্ধাৰ কৰা হয় কন্যাগৰাকীক (Kidnapped child rescued in Guwahati) ৷

ঘটনাৰ বিৱৰণি অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় 7:30 বজাত কন্যাগৰাকীক ঘৰুৱা গাড়ী চালক নৰহৰি বৰ্মণে টিউচনলৈ লৈ গৈছিল । তেনে সময়তে অপহৰণ কৰে কন্যাগৰাকী । ইয়াৰ পিছতে পৰিয়ালৰ লোকক ফোন কৰি মুক্তিৰ বাবে 7 লাখ টকা দাবী কৰিছিল নৰহৰি বৰ্মণে । লগতে আৰক্ষীক এই সন্দৰ্ভত নজনাবলৈ ভাবুকি দিছিল কৰিছিল বৰ্মণে ৷

Child abduction case in Guwahati
মহানগৰীত শিশু অপহৰণৰ ঘটনা; গ্ৰেপ্তাৰ গাড়ী চালক নৰহৰি বৰ্মণ

কিন্তু কন্যাগৰাকীক সুকলমে উদ্ধাৰ কৰাৰ স্বাৰ্থত পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে ৷ অৱশ্যে পৰৱৰ্তী সময়ত বৃহস্পতিবাৰে নিশা প্ৰায় 9 বজাত আৰক্ষীয়ে কন্যাগৰাকীক উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে গাড়ী চালক তথা অপহৰণকাৰী নৰহৰি বৰ্মণক ৷

লগতে পঢ়ক : নলবাৰীৰ ঘগ্ৰাপাৰত ৰে’লৱে দলঙৰ তলত মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.