নলবাৰীৰ ঘগ্ৰাপাৰত ৰে’লৱে দলঙৰ তলত মৃতদেহ উদ্ধাৰ

By

Published : Sep 15, 2022, 6:31 PM IST

thumbnail

নলবাৰীৰ ঘগ্ৰাপাৰত সংঘটিত এক অঘটন ৷ অঞ্চলটোৰ ৰে'লৱে দলঙৰ তলত বৃহস্পতিবাৰে ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে এটা মৃতদেহ (Body recovered at Ghograpar) । মৃত ব্যক্তিজন ঘগ্ৰাপাৰৰ পৈচাৰা গাঁৱৰ আনাৰ আলী বুলি জানিবলৈ পৰা গৈছে ৷ দুই পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ পিতৃ আনাৰ আলীয়ে ঘৰৰ ওচৰতে ৰে’লৱেৰ নিৰ্মাণকাৰ্যৰ কেম্পলৈ প্ৰায়েই ফুৰিবলৈ আহিছিল ৷ অইন দিনাৰ দৰে বুধবাৰে নিশাও আঠমান বজাত ঘৰৰ পৰা ওলাই আহিছিল আনাৰ ৷ কিন্তু নিশাৰে পৰা নিৰুদ্দেশ হৈ থকা আনাৰৰ মৃতদেহটো বৃহস্পতিবাৰে ৰে’লৱে দলঙৰ তলত উদ্ধাৰ হয় ৷ ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ (Swahid Mukunda Kakati Civil Hospital) প্ৰেৰণ কৰে ৷ স্থানীয় ৰাইজে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে (Suspected to have killed man at Ghograpar) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.