অসম

assam

Assam Direct Recruitment: স্বাস্থ্য বিভাগৰ বাছনিভুক্ত দিব্যাংগ প্ৰাৰ্থীক ২৬ মে’ৰ আগতে দিয়া হ'ব নিযুক্তি পত্ৰ

By

Published : May 11, 2023, 10:28 PM IST

চিকিৎসা বিভাগৰ বিভিন্ন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত বাছনিভুক্ত বিশেষভাৱে সক্ষম প্ৰাৰ্থীসকৰ নিযুক্তিৰ ক্ষেত্ৰত কি ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Keshab Mahanta) ?

Assam Direct Recruitment
Assam Direct Recruitment

স্বাস্থ্য বিভাগৰ নিযুক্তিক লৈ ঘোষণা মন্ত্ৰী কেশৱ মহন্তৰ

গুৱাহাটী, 11 মে’: চিকিৎসা বিভাগৰ বিভিন্ন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত বাছনিভুক্ত বিশেষভাৱে সক্ষম প্ৰাৰ্থীসকলক 26 মে’ৰ আগতে নিযুক্তি পত্ৰ দিয়া হ’ব ৷ এই কথা বৃহস্পতিবাৰে এক সংবাদমেলৰ জৰিয়তে স্বাস্থ্যমন্তী কেশৱ‌ মহন্তই সদৰী কৰে ৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ সভাকক্ষত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি সন্দৰ্ভত সংবাদমেল‌ সম্বোধন কৰি স্বাস্থ্যমন্ত্ৰীয়ে কয় যে, প্ৰতিগৰাকী প্ৰাৰ্থীৰ প্ৰমাণ পত্ৰৰ পুনৰীক্ষণৰ বাবে 15 মে’ৰ পৰা 22 মে’ লৈ সপ্তাহযোৰা এক বিশেষ পুনৰীক্ষণ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব ৷ পুনৰীক্ষণ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত কৰা হ’ব (Assam health department recruitment) ৷

ইয়াৰ বাবে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা তিনিখন মেডিকেল ব’ৰ্ড গঠন‌ কৰা হৈছে ৷ 15 মে’ত চিৰিয়েল নম্বৰসহ তৃতীয় বৰ্গৰ পুনৰীক্ষণ কৰা হ’ব ৷ দুদিনত 268 জন তৃতীয় বৰ্গ প্ৰাৰ্থীৰ পুনৰীক্ষণ কাম সমাপ্ত কৰা হ’ব ৷ 17 মে’ত চতুৰ্থ বৰ্গৰ পুনৰীক্ষণ কাম আৰম্ভ হ’ব ৷ চতুৰ্থ বৰ্গৰ 552 জনক 4 দিনত পুনৰীক্ষণ কৰা হ’ব ৷ 22 মে’ৰ দিনটোও পুনৰীক্ষণৰ বাবে ৰখা হ’ব ৷ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এয়া 1 লাখ নিযুক্তি অভিযানৰ অন্তৰ্গত ৷ ইয়াত তৃতীয় বৰ্গৰ 268, চতুৰ্থ বৰ্গ 552 টা পদ আছে ৷ অৰ্থাৎ সৰ্বমুঠ 820 টা পদ (Assam health department appointment) ৷

ইফালে ৰাষ্ট্ৰীয় বিজ্ঞান প্ৰযুক্তি দিৱস (World Technology Day) হিচাবে বিশেষ দিনটোত কেশৱ মহন্তই কয়, ‘‘অসম চৰকাৰৰ পৰা বিজ্ঞান প্ৰযুক্তি বিষয়ত বঁটা বছৰি প্ৰদান কৰে ৷ এইবাৰ 2022 আৰু 2023 চনৰ বঁটা প্ৰদান কৰা হ’ব ৷ বিজ্ঞান প্ৰযুক্তি বিষয়ত 2022 চনৰ বাবে জীৱনজোৰা সাধনা বঁটা অধ্যাপক কমলেন্দু দেৱ ক্ৰৰী আৰু যুৱ বিজ্ঞানী বটা ড৹ মুন মুন দেৱীক প্ৰদান কৰা‌ হ’ব ৷ লগতে 2023 চনৰ জীৱনজোৰা সাধনা বঁটা অধ্যাপক কিশোৰীমোহন পাঠকক আৰু যুৱ বিজ্ঞানী বঁটা ড৹ দেবাংগৰাজ নেওগক প্ৰদান কৰা হ’ব’’ ৷

লগতে পঢ়ক:Polygamy in Assam: বহু বিবাহ নিষিদ্ধকৰণেৰে এটা জনগোষ্ঠীক টাৰ্গেট কৰা বুলি ভবাটো ভুল: নোমল মোমিন

ABOUT THE AUTHOR

...view details