ETV Bharat / state

Polygamy in Assam: বহু বিবাহ নিষিদ্ধকৰণেৰে এটা জনগোষ্ঠীক টাৰ্গেট কৰা বুলি ভবাটো ভুল: নোমল মোমিন

author img

By

Published : May 11, 2023, 6:56 PM IST

বহু বিবাহৰ নিষিদ্ধকৰণে এটা জনগোষ্ঠীক টাৰ্গেট কৰা বুলি ভবা বিষয়টোক ভুল আখ্যা বিধানসভাৰ উপাধ্যক্ষ নোমল মোমিনৰ ৷ কংগ্ৰেছ বিধায়কে ক’লে ই এক ইতিবাচক সিধান্ত (Polygamy ban in Assam) ৷

Polygamy in Assam
Polygamy in Assam

বহু বিবাহ সন্দৰ্ভত কি ক’লে শাসন-বিৰোধীয়ে ?

গুৱাহাটী, ১১ মে’ : অসমত বহু বিবাহ বন্ধ কৰিবলৈ অসম চৰকাৰে লোৱা সিদ্ধান্তক লৈ ৰাজ্যত এতিয়া বিভিন্ন ধৰণে চৰ্চা অব্যাহত আছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সংবাদ মাধ্যমক সদৰী কৰে যে, বহু বিবাহ বন্ধ কৰাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰিবৰ বাবে আইনী বিশেষজ্ঞৰে উচ্চ পৰ্যায়ৰ কমিতিখন গঠন কৰিব (CM on polygamy) ৷ অহা তিনি মাহৰ ভিতৰত কমিতিখনে নিজৰ প্ৰতিবেদন দাখিল কৰিব ৷ তাৰ পাচতেই চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ হাতত ল’ব (Polygamy ban in Assam) ৷

বহুবিবাহ নিষিদ্ধ কৰা প্ৰসংগত সপক্ষে বিপক্ষে বিভিন্নজনৰ যুক্তি অব্যাহত আছে ৷ একাংশ লোকে এই নিষিদ্ধকৰণ এক নিৰ্দিষ্ট ধৰ্মীয় গোষ্ঠীক লক্ষ্য কৰি লোৱা হৈছে বুলি অভিযোগো তুলিছে ৷

অসম বিধানসভাৰ উপাধ্যক্ষ তথা বিজেপিৰ দুবাৰৰ বিধায়ক ডাঃ নোমল মোমিনে এই প্ৰসংগত ব্যক্ত কৰিছে নিজৰ মতামত ৷ প্ৰথমেই বহু বিবাহ বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আইন আনিব বিচৰা কাৰ্যক আদৰণি জনাই ডাঃ মোমিনে কয় যে, জনসংখ্যা বিস্ফোৰণৰ এটা মূল কাৰণ হ’ল বহু বিবাহ প্ৰথা (Numal Momin on Polygamy) ৷

“এগৰাকী বিয়া পাতি দুটা ল’ৰা-ছোৱালী জন্ম দিয়া সকলে চৰকাৰক কৰ দিব ৷ সেই কৰেৰে ৰূপায়ণ কৰা আঁচনিসমূহ বহু বিবাহ কৰা তথা ১৫/১৬ টা সন্তান থকা ব্যক্তিসকলে লাভ কৰিব ৷” বিবাহৰ বিৰুদ্ধে নিজৰ ক্ষোভ প্ৰকাশ কৰি এইদৰে কয় বিধানসভাৰ উপাধ্যক্ষগৰাকীয়ে ৷

বহু বিবাহ নিষিদ্ধকৰণৰ জড়িয়তে এটা জনগোষ্ঠীক টাৰ্গেট কৰা বুলি ভবাটোক ভুল আখ্যা দি নোমল মোমিনে কয় যে, যদি এটা জনগোষ্ঠীক টাৰ্গেট কৰিছে তেন্তে সেয়া ভাল কথাহে । যিসকলে বহু বিবাহ বন্ধৰ দ্বাৰা নিৰ্দিষ্ট ধৰ্মীয় গোষ্ঠীক টাৰ্গেট কৰাৰ কথা কৈছে, ভাল কাম এটাৰ বাবে তেওঁলোক আগুৱাই নাহে কিয় বুলিও প্ৰশ্ন নোমল মোমিনৰ ৷ লগতে বহু বিবাহ প্ৰথা সমৰ্থন কৰাসকলক মহিলাক সন্মান নকৰা ব্যক্তি আখ্যাৰে AIUDF ক প্ৰথমে বহু বিবাহ বন্ধৰ বাবে আগুৱাই আহিবলৈ আহ্বান মোমিনৰ (Assam to ban polygamy) ৷

মানৱ সম্পদক আজিলৈ AIUDF দলে বুজিয়ে পোৱা নাই বুলিও উপাধ্যক্ষগৰাকীৰ মন্তব্য ৷ নোমল মোমিনে দাবী জনায় যে, ৰাজনৈতিক ব্যক্তিসকলৰ ক্ষেত্ৰত প্ৰথমে আনিব লাগে বহু বিবাহ বিৰোধী আইন ৷ দুটাতকৈ অধিক সন্তান জন্ম দিয়া ব্যক্তিয়ে নিৰ্বাচন খেলিব নোৱাৰিব বুলি আইন আনিব লাগে বুলিও দাবী তেওঁৰ ৷ এই আইন আহিলে বহু বিবাহ প্ৰথা বন্ধ হ’ব বুলি আশা নোমল মোমিনৰ ৷

“সুস্থ-সৱল পত্নী থকাৰ পিচত দ্বিতীয় বিবাহ কৰাটো ইছলামত নাই ৷” এই মন্তব্য কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ বিধায়কৰ ৷ কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা কেইবাবাৰৰো বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে উল্লেখ কৰিছে যে, এইটো এটা ইতিবাচক চিন্তা । বিধায়ক মণ্ডলে কয়, “মই ব্যক্তিগতভাৱে ভাবো এনে ধৰণৰ প্ৰথা বন্ধ হ'ব লাগে । সুস্থ-সৱল পত্নী থকাৰ পিচত দ্বিতীয় বিবাহ কৰাটো ইছলামত নাই ৷ এইটো সঠিক সিদ্ধান্ত কিন্তু ইয়াৰ বিভিন্ন সামাজিক আৰু আইনগত দিশসমূহ চাব লাগিব (Congress on polygamy in Assam) ৷”

একেদৰেই বিজেপিৰ বিধায়ক দিগন্ত কলিতাই বহু বিবাহক সামাজিক ব্যাধি আখ্যাৰে মুখ্যমন্ত্ৰীৰ সিদ্ধান্তক আদৰণি জনাইছে । বিধায়ক কলিতাই আক্ৰমণাত্মকভাৱে কয়, “ইয়াত হিন্দু-মুছলিমৰ কথা নাই, বিশেষ গোষ্ঠীক ক্ষতি কৰা উদ্দেশ্য নাই ৷ সামাজিক ব্যাধিত হিন্দু-মুছলমানৰ পলিটিক্সৰ কথা নাহে ৷ বাল্য-বিবাহ বা বহু বিবাহৰ কথা ক’লে নিৰ্দিষ্ট কিছু ব্যক্তিৰ গাত খোঁচ পৰে ৷’’

লগতে পঢ়ক: Polygamy in Assam: পুৰুষসকলক টাৰ্গেট কৰা হৈছে আৰু মহিলাসকলক স্বাধীনতা দিয়া হৈছে : মুখ্যমন্ত্রী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.