Polygamy in Assam: পুৰুষসকলক টাৰ্গেট কৰা হৈছে আৰু মহিলাসকলক স্বাধীনতা দিয়া হৈছে : মুখ্যমন্ত্রী

By

Published : May 10, 2023, 10:59 PM IST

thumbnail

গুৱাহাটী, ১০ মে' : অসম চৰকাৰে বহুবিবাহ নিষিদ্ধকৰণৰ বাবে চিন্তা-চৰ্চা কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাৰ পাচতে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ বিশেষকৈ মুছলমানক টাৰ্গেট কৰা বুলি চৰ্চা হৈছে ৷ এই সন্দৰ্ভত বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয় যে, কোনোবাই টাৰ্গেট কৰা হৈছে বুলি ভাবিলে টাৰ্গেটে কৰা হৈছে, এইটোত কি আপত্তি আছে ৷ পুৰুষসকলক টাৰ্গেট কৰা হৈছে আৰু মহিলাসকলক স্বাধীনতা দিয়া হৈছে ৷ বিষয়টো মুছলমানৰ মাজতে আছে (Polygamy ban in Assam) ৷  

ইফালে দুবছৰীয়া কাৰ্যকালৰ প্ৰত্যাহ্বান সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয় যে, তেওঁ দুই-এজন সাংবাদিকৰ পৰা আটাইতকৈ বেছি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷ ৰাইজৰ মাজত একো নাথাকে যদিও সাংবাদিকে দুই-এটা ঘটনাক সামগ্ৰিকভাৱে উপস্থাপন কৰে ৷ বাল্য বিবাহৰ বিৰুদ্ধে চলা অভিযানৰ সময়ত প্ৰতিবাদ হোৱা বুলি কোৱা হৈছিল ৷ কিন্তু প্ৰতিবাদ ক’তো হোৱা নাছিল (CM on Polygamy in Assam) ৷  

যাৰ ঘৰত এৰেষ্ট কৰা হৈছে সেই ঘৰত পৰিবাৰে কন্দা-কটা কৰাটো স্বাভাৱিক ৷ কিন্তু সংবাদ মাধ্যমত দেখুওৱা হৈছিল যেন গোটেই সমাজখনে কান্দি আছে ৷ তেওঁ কয় যে, অসমখন ভাল হ’বলৈ হ’লে চৰকাৰখনে কৰা বেয়া কামবিলাক দেখুৱাই দিব লাগে আৰু ৰাজহুৱা কামসমূহত মুক্তভাৱে সমৰ্থন কৰিব লাগে ৷ ৰাইজে বুজি পাইছে ৷ সাংবাদিকসকলেও বুজি পাব লাগে ৷ ভাল কামত প্ৰশংসা কৰিব লাগে আৰু বেয়া কামত গালি দিব লাগে ৷ বহুবিবাহ বন্ধ হোৱাটো ভাল কথা আৰু ইয়াক সকলোৱে সমৰ্থন কৰিব লাগে বুলি তেওঁ কয় (Polygamy banned) ৷

লগতে পঢ়ক: Assam politics: মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক গ’লপোষ্টক লৈ বিৰোধীৰ কটাক্ষ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.