অসম

assam

SFI Hunger strike: ছেবাক ৰক্ষাৰ দাবীৰে এচ এফ আইৰ 126 ঘণ্টীয়া অনশন কাৰ্যসূচী স্থগিত ঘোষণা

By

Published : Mar 25, 2023, 7:03 PM IST

অসমৰ ছাত্ৰ আন্দোলনে ৰূপায়ণ কৰা অনশন কাৰ্যসূচীত ইতিহাস সৃষ্টি কৰি শনিবাৰে সামৰণি পৰিল ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনৰ অনশন কাৰ্যসূচী ৷ ছেবাক ৰক্ষা কৰাৰ দাবীৰে 20 মাৰ্চৰ পৰা চচলৰ ধৰ্ণাস্থলীত ৰূপায়ণ কৰা হৈছিল এই অনশন কাৰ্যসূচীৰ ৷ শনিবাৰে অনশনস্থলীত উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ ড৹ হীৰেণ গোহাঁই (Dr Hiren Gohain) ৷

SFI Hunger strike
ছেবাক ৰক্ষাৰ দাবীৰে এচ এফ আইৰ 126 ঘণ্টীয়া অনশন কাৰ্যসূচী স্থগিত ঘোষণা

ছেবাক ৰক্ষাৰ দাবীৰে এচ এফ আইৰ 126 ঘণ্টীয়া অনশন কাৰ্যসূচী স্থগিত ঘোষণা

গুৱাহাটী, 25 মাৰ্চ: অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ ৰক্ষাৰ দাবীৰে বিগত 6 দিনে ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন (SFI) য়ে চচলত অব্যাহত ৰখা অনশন কাৰ্যসূচীৰ শনিবাৰে সামৰণি পৰে । যোৱা 20 মাৰ্চৰ পৰা আৰম্ভ কৰা এই অনশন কাৰ্যসূচীত চচলৰ ধৰ্ণাস্থলীত অসুস্থ হৈ পৰে কেইবাজনো অনশনকাৰী (SFI hunger strike in Guwahati) ।

শনিবাৰে অনশনস্থলীত হঠাৎ অসুস্থ হৈ পৰা 3 গৰাকী অনশনকাৰীক 108 এম্বুলেন্স সেৱাযোগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ আনহাতে আৰক্ষীয়ে প্ৰতিবাদকাৰীক দুৰ্ব্যবহাৰ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয় । ইফালে শনিবাৰে অনশনকাৰীৰ কাষত উপস্থিত হয় বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁই, বিশিষ্ট বাওঁপন্থী নেতা উদ্ধৱ বৰ্মন, হেমেন দাস, দীনেশ বৈশ্য, আব্দুল মান্নান, শিল্পী লোকনাথ গোস্বামী আদিৰ উপৰিও বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে বিৰোধী দলৰ কেইবাজনো নেতাই অংশগ্ৰহণ কৰি ছেবাক পৰিকল্পিতভাৱে ধ্বংস কৰিব বিচৰাৰ অভিযোগ উত্থাপন কৰে (SFI Protest in Guwahati) ।

ইয়াৰ পাচত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, কেন্দ্ৰীয় ব’ৰ্ডে প্ৰতিটো পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰিছে । কিন্তু SEBAই কিয় এটা পৰীক্ষাও ভালদৰে অনুষ্ঠিত কৰিব পৰা নাই বুলি চৰকাৰক প্ৰশ্ন উত্থাপন কৰে ৷ SEBAৰ সংস্কাৰৰ কথা কোৱা বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়াও কিয় SEBAক সংস্কাৰ কৰিবলৈ সক্ষম নহ’ল তাক লৈ প্ৰশ্ন উত্থাপন কৰে (SFI protest demanding protection of SEBA) ।

আনহাতে প্ৰতিবাদী সভা তথা অনশন কাৰ্যসূচীত বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া, সচেতন নাগৰিক, শিল্পী, শিক্ষাবিদ আদিয়ে চৰকাৰৰ এনে কৰ্মকাণ্ডৰ তীব্ৰ সমলোচনা কৰে ৷ প্ৰতিবাদী সভাৰ অন্তত সকলো দল-সংগঠন, সচেতন নাগৰিকৰ প্ৰতিনিধিক লগত লৈ এখন সমিতি গঠন কৰা হয় (Reform of SEBA) ।

এই সমিতিয়ে জাতীয় অনুষ্ঠান ছেবাক ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত এই প্ৰতিবাদী কাৰ্যসূচী আগলৈ চলাই নিয়াৰ বাবে সভাই সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰে । ইফালে, ছেবাৰ অধ্যক্ষ, সচিব আৰু শিক্ষামন্ত্ৰীৰ পদত্যাগ আৰু এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত তদন্ত কমিটি গঠন কৰি সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা, নাৰায়ণপুৰৰ ধলপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক অনতিপলমে নিলম্বন কৰাৰ দাবীত ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI)ৰ অসম ৰাজ্যিক সমিতিয়ে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে (HSLC question paper leak) ।

লগতে পঢ়ক:SEBA issues strict guidelines: বিদ্যালয় পৰিদৰ্শকলৈ কঠোৰ নিৰ্দেশনাৱলী SEBA ৰ

ABOUT THE AUTHOR

...view details