অসম

assam

HSLC question paper leak : ভূগোলৰ প্ৰশ্নকাকত ফাদিল, ছেবাৰ অস্বীকাৰ

By

Published : Mar 18, 2023, 12:31 PM IST

HSLC question paper leak
ভূগোলৰ প্ৰশ্নকাকত ফাদিল ()

প্ৰশ্নকাকত ফাদিলক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে (HSLC paper leak)। ভূগোলৰ প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে ছেবা কৰ্তৃপক্ষই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । প্ৰকৃততে ভাইৰেল হোৱা প্ৰশ্নকাকত ২০২১ চনৰ হে আছিল । আৰক্ষীৰ তদন্ত আৰম্ভ ।

গুৱাহাটী,১৮ মাৰ্চ :এটাৰ পাছত আন এটা বিতৰ্কই লগ নেৰা হৈছে ছেবাক (SEBA controversy)। এইবাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভূগোল বিষয়ৰ প্ৰশ্নকাকত । ইফালে বিজ্ঞান আৰু অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতে বাতিল হৈছিল উক্ত পৰীক্ষাকেইটা ।

কিন্তু সামাজিক মাধ্যমত ভূগোল বিষয়ৰো প্ৰশ্নকাকত ভাইৰেল হোৱাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (HSLC Geography paper leak)। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভূগোলৰ প্ৰশ্নকাকত ফাদিল হোৱাকলৈ ৰাজ্যত একপ্ৰকাৰ তোলাপাৰ লাগিছে । ছেবাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিভিন্নজন ।

উল্লেখ্য যে ৰাজ্যৰ চাৰিওফালে হোৱাটছএপত বিয়পি পৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভূগোলৰ প্রশ্নকাকত (HSLC Geography paper viral)। অহা ২০ মাৰ্চত আছিল ভূগোল বিষয়ৰ পৰীক্ষা । ইয়াকেলৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভূগোলৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাক নাকচ কৰিছে মাধ্যমিক শিক্ষা পৰিষদ অসম চমুকৈ ছেৱা কৰ্তৃপক্ষই ।

ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভূগোলৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাক নাকচ কৰিছে । সংবাদ মাধ্যমক নয়নজ্যোতি শৰ্মাই সদৰি কৰা মতে হোৱাটছএপত বিয়পি পৰা মেট্রিকৰ ভূগোলৰ প্রশ্নকাকতখন আচলতে ২০২১ চনৰ মেট্রিকৰ ভূগোলৰ প্রশ্নকাকতহে (SEBA reacts over HSLC paper leak)। তেওঁ প্ৰকাশ কৰা মতে কোনো দুষ্ট চক্ৰই চক্ৰান্ত কৰি ২০২১ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভূগোলৰ প্রশ্নকাকতখন সম্পাদন কৰি ২০২৩ চনৰ ভূগোলৰ প্রশ্নকাকত বুলি অপপ্ৰচাৰ চলাইছে ।

অৱশ্যে ঘটনা সন্দৰ্ভত অসম আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে (Police investigation on HSLC paper leak)। আৰক্ষীৰ তদন্তৰ পাছতহে সকলো কথা স্পষ্ট হৈ পৰিব । কিন্তু নয়নজ্যোতি শৰ্মাই জনোৱা মতে ছাত্ৰ-ছাত্ৰীসকল এই ভুৱা ঘটনাকলৈ চিন্তিত হ'ব নালাগে ।

উল্লেখ্য যে এতিয়াও প্ৰশ্নকাকত ফাদিল বিষয়টোক লৈ চিআইডিৰ তদন্ত অব্যাহত আছে । চিআইডি আৰু অসম আৰক্ষীয়ে অভিযান চলাই বহু লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক :HSLC exam paper leak issue: ছেবাৰ বিৰুদ্ধে জামুগুৰিহাটত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details