কোনো নাহে ইয়ালৈ! ভূত বাংলালৈ পৰিণত হৈছে এটা চৰকাৰী কাৰ্যালয় - Border Magistrate office
Border Magistrate office : অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত অৱস্থিত এটি চৰকাৰী কাৰ্যালয়ৰ দুৰ্গতি ৷ বিভাগীয় বিষয়াই ভৰি নিদিয়া কাৰণে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে কাৰ্যালয়টোৱে ৷ ফলত চৰাইৰ বসতিস্থলীলৈ পৰিণত হৈছে বিয়াগোম কাৰ্যালয়টো ৷

Published : May 6, 2024 at 1:06 PM IST
|Updated : May 6, 2024 at 3:25 PM IST
সৰুপথাৰ, ৬ মে’ : এটা চৰকাৰী কাৰ্যালয় ৷ দিনৰ পিচত দিন পাৰ হৈছে, কিন্তু আজিলৈ চৰকাৰী কাৰ্যালয়টোত খোজ নেপেলালে বিভাগীয় বিষয়াই ৷ চকীদাৰজনকো মাহিলী দৰমহা নিদিয়াৰ ফলত ক্ৰমে পৰিত্যক্ত অৱস্থালৈ ৰূপান্তৰিত হৈছে চৰকাৰী কাৰ্যালয়টো ৷
এইটো হৈছে ধনশিৰি মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত অৱস্থিত এটি চৰকাৰী কাৰ্যালয় । বিগত 1 বছৰৰো অধিক কাল বন্ধ হৈ থকাত জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে কাৰ্যালয়টোৱে ।
20-06-2018 তাৰিখে সেই সময়ৰ গোলাঘাট জিলাৰ জিলা উপায়ুক্ত গৌৰৱ বোথ্ৰাৰ উপস্থিতিত উৰিয়ামঘাটত আৰম্ভ কৰা হৈছিল এইটো সীমান্ত দণ্ডাধীশৰ কাৰ্যালয় । পিচে সীমান্ত অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে স্থাপন কৰা উক্ত সীমান্ত দণ্ডাধীশৰ কাৰ্যালয়টো বৰ্তমানে হাবি জংঘলে আৱৰি ধৰাৰ লগতে পাৰ চৰাইৰ বসতিস্থলীলৈ পৰিণত হৈছে ।
কাৰ্যালয়টোৰ ভিতৰভাগত এখন টেবুল আৰু কেইখনমান চকীৰ বাহিৰে কোনো ধৰণৰ চৰকাৰী কাগজ-পত্ৰ নাই । ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ অন্তৰ্গত পূৰ্বৰ তিনিগৰাকীকৈ সীমান্ত দণ্ডাধীশে উক্ত কাৰ্যালয়টোত সুচাৰুৰূপে কাম কৰি সীমান্তৱৰ্তী ৰাইজৰ সমস্যাসমূহ সমাধানত গুৰুত্ব প্ৰদান কৰিছিল ৷ কিন্তু বৰ্তমান সীমান্তত নিয়োজিত বিভাগীয় দণ্ডাধীশগৰাকীৰ কাৰ্যালয়টোলৈ আহিবলৈ আহৰি নাই ৷
স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি কেৱল মাত্ৰ বছৰৰ দুটা দিন অৰ্থাৎ 15 আগষ্ট আৰু 26 জানুৱাৰীৰ দুটা দিনত পতাকা উত্তোলন কৰিবলৈহে সীমান্ত দণ্ডাধীশগৰাকী কাৰ্যালয়টোলৈ আহিছিল । আনকি সীমান্তৱৰ্তী ৰাইজে সীমান্ত দণ্ডাধীশগৰাকীৰ নাম আৰু চেহেৰাও চিনি নাপায় বুলিও অৱগত কৰে ।
সীমান্তৰ ৰাইজে প্ৰায় 15 কিঃমিঃ পথ অতিক্ৰম কৰি সৰুপথাৰৰ ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ত সীমান্ত দণ্ডাধীশগৰাকীক লগ ধৰিব লগা হয় । ৰাইজৰ দাবী উত্থাপন কৰে যে, সীমান্তৱৰ্তী ৰাইজৰ বাবে উৰিয়ামঘাটত স্থাপন কৰা সীমান্ত দণ্ডাধীশৰ কাৰ্যালয়টোত পূৰ্বৰ দণ্ডাধীশগৰাকীৰ দৰে বৰ্তমানৰ দণ্ডাধীশগৰাকীয়েও কাৰ্যালয়টোত নিতৌ উপস্থিত থাকি ৰাইজৰ অভাৱ অভিযোগসমূহ বুজ লৈ সমস্যাসমূহ সমাধান কৰিব লাগে ৷
লগতে পঢ়ক: সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন - All Moran Students Union

